ATMৰ পৰা ধন উলিয়ালে, বেলেঞ্চ চেক কৰিলে ভৰিব লাগিব অধিক চাৰ্জ! ১ মে’ৰ পৰা প্ৰযোজ্য হ’ব নতুন নিয়ম
২০২৫ চনৰ ১ মে’ৰ পৰা যদি আপুনি আন বেংকৰ এটিএমৰ পৰা এটা নিৰ্দিষ্ট সীমাৰ বাহিৰত ধন উলিয়ায় তেন্তে ১৭ টকা দিয়াৰ পৰিৱৰ্তে এতিয়া ১৯ টকা দিব লাগিব।ইয়াৰ লগতে বেলেঞ্চ চেক কৰাৰ চাৰ্জো ৭ টকাৰ পৰা ৯ টকালৈ বৃদ্ধি কৰা হৈছে। এটিএমৰ চাৰ্জ বৃদ্ধিয়ে এতিয়া সেই বেংকসমূহৰ ওপৰত অধিক প্ৰভাৱ পেলাব যিবোৰ এটিএম নেটৱৰ্কৰ বাবে আনৰ ওপৰত অধিক নিৰ্ভৰশীল।

যদি আপোনাৰ পকেটত এটিএম কাৰ্ড থাকে তেন্তে য’তেই প্ৰয়োজন হয় তাতেই নগদ ধন উলিয়াব পাৰে। কিন্তু ১ মে’ৰ পৰা এটিএমৰ পৰা গ্ৰাহকসকলে ধন উলিওৱা বা বেলেঞ্চ চেক কৰাৰ বাবে আগতকৈ অধিক ধন দিব লাগিব। ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমৰ প্ৰস্তাৱত আৰ বি আইয়ে অনুমোদন জনোৱাৰ পিছত এতিয়া আন বেংকৰ এ টি এমৰ পৰা ধন উলিওৱাটো ব্যয়বহুল হৈ পৰিব।
২০২৫ চনৰ ১ মে’ৰ পৰা যদি আপুনি আন এটা বেংকৰ এটিএমৰ পৰা এটা নিৰ্দিষ্ট সীমাৰ বাহিৰত ধন উলিয়ায় তেন্তে ১৭ টকা দিয়াৰ পৰিৱৰ্তে এতিয়া ১৯ টকা দিব লাগিব।বেলেঞ্চ চেক কৰাৰ চাৰ্জো ৭ টকাৰ পৰা ৯ টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰিও লেনদেনৰ ওপৰত এই বৃদ্ধি পোৱা চাৰ্জৰ প্ৰভাৱ পৰিব।
এটিএমৰ চাৰ্জ বৃদ্ধিয়ে এতিয়া সেই বেংকসমূহৰ ওপৰত অধিক প্ৰভাৱ পেলাব যিবোৰ এটিএম নেটৱৰ্কৰ বাবে আনৰ ওপৰত অধিক নিৰ্ভৰশীল। এতিয়া গ্ৰাহকে নন-হোম বেংকৰ এটিএমৰ পৰা ধন উলিয়াবলৈ বা বেলেঞ্চ চেক কৰাৰ বাবে অধিক চাৰ্জ দিব লাগিব। এনে পৰিস্থিতিত এই বৃদ্ধি পোৱা চাৰ্জৰ পিছত বেছিকৈ এটিএম ব্যৱহাৰ কৰা লোকসকলে অতিৰিক্ত চাৰ্জৰ পৰা হাত সাৰিবলৈ নিজৰ ঘৰুৱা বেংকৰ এটিএম ব্যৱহাৰ কৰিব লাগিব নাইবা ডিজিটেল পেমেণ্টৰ বিকল্প ব্যৱহাৰ কৰিব লাগে।
আৰবিআইৰ নিৰ্দেশনা
RBIয়ে সকলো বেংক আৰু হোৱাইট লেবেলযুক্ত এটিএম অপাৰেটৰক এটিএমত ১০০ আৰু ২০০ টকীয়া নোটৰ সংখ্যা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ অধীনত ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত ৭৫ শতাংশ এটিএমত ১০০ আৰু ২০০ টকীয়া নোটৰ কমেও এটা কেছেট থাকিব লাগে।ইয়াৰ পিছত ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত ৯০ শতাংশ এটিএমত এই সুবিধা উপলব্ধ হ’ব। এই নিৰ্দেশনা তেওঁলোকৰ বাবে ই লাভজনক হ’ব, যিসকল লোকক ৫০০ টকীয়া নোটৰ সলনি ১০০ টকীয়া বা ২০০ টকীয়া নোটৰ অধিক প্ৰয়োজন হয়। এতিয়া তেওঁলোকে এই নোটসমূহ এটিএমৰ পৰা সহজেই উলিয়াব পাৰিব।