RBI MPC: এছ বি আইৰ ৫০ লাখ টকা গৃহ ঋণত আপোনাৰ কিস্তিৰ পৰিমাণ কিমান হ্ৰাস পাব; এক সমীকৰণ
শেষবাৰৰ বাবে ৰেপো ৰেট কৰ্তন দেখা গৈছিল ২০২০ চনৰ মে’ মাহত। আনহাতে ২০২২ চনৰ মে’ৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰীলৈকে ২.৫০ শতাংশ পৰ্যন্ত বৃদ্ধি হৈছে । ইয়াৰ পিছত দুবছৰলৈকে কোনো পৰিৱৰ্তন কৰা নহ’ল । এই হ্ৰাসৰ পিছত ৫০ লাখ টকা পৰ্যন্ত হোম লোনত আপুনি কিমান সকাহ পাব পাৰে সেই বিষয়ে জানি লওক।
৫ বছৰৰ পিছত RBI MPC য়ে কৰ্তন কৰিলে সুতৰ হাৰ । ২০২৫ চনৰ ৭ ফেব্ৰুৱাৰীত আৰ বি আইৰ এম পি চিয়ে তিনিদিনীয়া বৈঠকৰ অন্তত এই হাৰ ০.২৫ শতাংশ হ্ৰাস কৰে । এই কৰ্তনৰ পিছত ৰেপো ৰেট ৬.৫০ শতাংশৰ পৰা ৬.২৫ শতাংশলৈ হ্ৰাস পাইছে । শেষবাৰৰ বাবে ৰেপো ৰেট কৰ্তন দেখা গৈছিল ২০২০ চনৰ মে’ মাহত । আনহাতে ২০২২ চনৰ মে’ৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰীলৈকে ২.৫০ শতাংশ পৰ্যন্ত বৃদ্ধি হৈছে । ইয়াৰ পিছত দুবছৰলৈকে কোনো পৰিৱৰ্তন কৰা নহ’ল ।
এই হ্ৰাসৰ পিছত সাধাৰণ মানুহে তেওঁলোকৰ ঋণৰ ইএমআইত যথেষ্ট সকাহ পাব । এতিয়া বেংকসমূহেও হোম লোনৰ সুতৰ হাৰ হ্ৰাস কৰিব লাগিব । যাৰ বাবে সাধাৰণ মানুহৰ হোম লোন ই এম আই হ্ৰাস পাব । যাৰ বাবে তেওঁলোকে বহু সময় অপেক্ষা কৰি আছিল । এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল সাধাৰণ মানুহৰ হোম লোনৰ ইএমআই কেনেকৈ হ্ৰাস পাব ?
এই গোটেই প্ৰক্ৰিয়াটোক আপুনি মাত্ৰ এটা গণনা হিচাপে বুজিবলৈ চেষ্টা কৰিব পাৰে । বৰ্তমান এছ বি আইয়ে গৃহ ঋণৰ সৰ্বাধিক সুতৰ হাৰ ৯.৬৫ শতাংশ লয় । এতিয়া যেতিয়া সুতৰ হাৰ ২৫ বেছিছ পইণ্ট কৰ্তন কৰা হৈছে । গতিকে এছ বি আইৰ হোম লোনৰ সুতৰ হাৰ ৯.৪০ শতাংশত দেখা পোৱা যায় । ইয়াৰ বাবে আমি ২৫ লাখ, ৪০ লাখ আৰু ৫০ লাখ টকাৰ হোম লোনৰ তথ্য লৈছো । আমি আপোনাৰ ইএমআই ৯.৬৫ শতাংশ আৰু ৯.৪০ শতাংশ অনুসৰি বুজিবলৈ চেষ্টা কৰিম ।
২৫ লাখ টকাৰ হোম লোনত কিমান কম হ’ব ই এম আই ?
ধৰি লওক আপুনি ২০ বছৰৰ বাবে এছ বি আইৰ পৰা ২৫ লাখ টকাৰ হোম লোন ৯.৬৫ শতাংশ সুতৰ হাৰত ২৩,৫৪৯ টকাৰ ই এম আইত লৈছিল । এতিয়া ৰেপো ৰেটত ২৫ বেছিছ পইণ্ট হ্ৰাস পোৱাৰ পিছত সুতৰ হাৰ ৯.৪০ শতাংশলৈ হ্ৰাস পাব । যাৰ ওপৰত এতিয়া আপুনি ২৩,১৪০ টকাৰ ইএমআই দিব লাগিব । অৰ্থাৎ আপোনাৰ ইএমআই ৪০৯ টকা হ্ৰাস পাব ।
৪০ লাখ টকাৰ হোম লোনত কিমান সকাহ পোৱা যাব ?
বৰ্তমান সময়ত ৪০ লাখ টকাৰ হোম লোনত ৯.৬৫ শতাংশ সুতৰ হাৰত ২০ বছৰৰ বাবে ৩৭,৬৭৮ টকাৰ ইএমআই পৰিশোধ কৰিব লাগিব । কিন্তু ৰেপো ৰেট ০.২৫ শতাংশ হ্ৰাস পোৱাৰ পিছত ৯.৪০ শতাংশ হাৰত সুত দিব লাগিব, যাৰ ওপৰত ৩৭,০২৪ টকাৰ ইএমআই দিব লাগিব । অৰ্থাৎ আপোনাৰ পকেটৰ বোজা প্ৰতিমাহে ৬৫৪ টকা হ্ৰাস পাব ।
৫০ লাখ টকাৰ হোম লোনৰ ই এম আই কি হ’ব ?
২০ বছৰৰ বাবে ৫০ লাখ টকাৰ হোম লোনৰ বাবে ই এম আই আছিল ৯.৬৫% হাৰত ৪৭,০৯৭ টকা । কিন্তু ৰেপো ৰেট হ্ৰাস পোৱাৰ পিছত আপোনাৰ ঋণৰ ইএমআই হ’ব ৪৬,২৮১ টকা । অৰ্থাৎ আপুনি ৮১৬ টকাৰ ৰেহাই পাব ।