কম সুতত ল’ব পাৰিব নতুন ঋণ ! পুনৰ ৰেপো ৰেট হ্ৰাস কৰিব পাৰে ৰিজাৰ্ভ বেংকে
আৰ বি আইয়ে আজি MPC ৰ বৈঠক অনুষ্ঠিত কৰিব পাৰে। একে সময়তে আমেৰিকাৰ শুল্কক লৈ হোৱা হুলস্থুলৰ মাজতে ৰেপো ৰেট হ্ৰাসৰ জৰিয়তে ঘৰুৱা বিনিয়োগকাৰীক সকাহ দিব পাৰে ৰিজাৰ্ভ বেংকে।

আজি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ(Monetary Policy Committee)বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হৈছিল আৰ বি আইৰ মুদ্ৰানীতি সমিতিৰ বৈঠক। বছৰত দুমাহৰ মূৰে মূৰে মুদ্ৰানীতি সমিতিৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ সময়ত কেন্দ্ৰীয় বেংকটোৱে ৰেপো ৰেট আৰু অন্যান্য বিত্তীয় সম্পৰ্কীয় বিষয়ৰ ওপৰত সিদ্ধান্ত লয়।
এই MPC ৰ বৈঠক চলিত মাহৰ ৭ এপ্ৰিলৰ পৰা ৯ এপ্ৰিলৰ ভিতৰত অনুষ্ঠিত কৰিব পাৰিব। অৰ্থাৎ আৰ বি আইয়ে আজি MPC ৰ বৈঠক অনুষ্ঠিত কৰিব পাৰে। একে সময়তে আমেৰিকাৰ শুল্কক লৈ হোৱা হুলস্থুলৰ মাজতে ৰেপো ৰেট হ্ৰাসৰ জৰিয়তে ঘৰুৱা বিনিয়োগকাৰীক সকাহ দিব পাৰে ৰিজাৰ্ভ বেংকে। অৱশ্যে আৰ বি আইৰ বৈঠকৰ পাছতহে এই কথা নিশ্চিত কৰিব পৰা যাব।
বেংক অৱ আমেৰিকা (BofA) গ্ল’বেল ৰিচাৰ্চৰ মতে, ভাৰতীয় অৰ্থনীতি বিবেচনা কৰিলে আৰ বি আইয়ে সাধাৰণ মানুহক ডাঙৰ সকাহ দিব পাৰে। এই গৱেষণাৰ মতে, দেশৰ কেন্দ্ৰীয় বেংক আৰ বি আইয়ে ৰেপো ৰেট কৰ্তন কৰিব পাৰে।
ৰেপো ৰেটে সুতৰ হাৰত কেনে প্ৰভাৱ পেলায় ?
ৰেপো ৰেট হ’ল ভাৰতীয় ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকক হ্ৰস্বম্যাদী ঋণ প্ৰদান কৰা সুতৰ হাৰ। এই ঋণসমূহ এটা সময়সীমাৰ বাবে নিৰ্ধাৰণ কৰা হয়। বেংকে ৰেপো ৰেট অনুসৰি সুত দিয়ে। যদি বেংকে দীৰ্ঘ সময়ৰ বাবে ঋণ ল’ব বিচাৰে, তেন্তে বেংকৰ ৰেটৰ ভিত্তিত লোৱা হ’ব।
যদি ৰেপো ৰেট বৃদ্ধি পায় তেন্তে ইয়াৰ অৰ্থ হ’ল বেংকৰ বাবে ঋণ ব্যয়বহুল হ’ব, যাৰ ফলত মানুহে ঋণ লোৱাতো ব্যয়বহুল হ’ব। আনহাতে, যদি ৰেপো ৰেট হ্ৰাস পায়, তেন্তে বেংকৰ বাবে ঋণ সস্তা হৈ পৰে। মানুহেও কম সুতৰ হাৰত ঋণ ল’ব পাৰে।
ড’নাল্ড ট্ৰাম্পৰ শুল্কৰ পৰা সকাহ পাব পাৰে !
২ এপ্ৰিলৰ গভীৰ নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ডাঙৰ সিদ্ধান্ত লয়। ভাৰতকে ধৰি কেইবাখনো ডাঙৰ দেশৰ ওপৰত শুল্ক ঘোষণা কৰে ট্ৰাম্পে। ইয়াৰ প্ৰভাৱ ভাৰতীয় শ্বেয়াৰ বজাৰত দেখা গৈছে। এনে পৰিস্থিতিত যদি আৰ বি আইয়ে ৰেট কৰ্তন কৰে, তেন্তে বিনিয়োগকাৰীয়ে ইয়াৰ পৰা সকাহ পাব পাৰে।
উল্লেখ্য যে,আজি ৭ এপ্ৰিলত অনুষ্ঠিত হোৱাৰ কথা আৰ বি আইৰ MPCৰ বৈঠক। এই বৈঠকৰ সিদ্ধান্তসমূহ অহা ৯ এপ্ৰিলত ঘোষণা কৰা হ’ব। ৰিজাৰ্ভ বেংকৰ নতুন গভৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ নেতৃত্বত এইখন হ’ব দ্বিতীয়খন বৈঠক।