RBI: সলনি হ’ব ১০০ আৰু ২০০ টকীয়া নোট ! ডাঙৰ সিদ্ধান্ত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ
সলনি হ'ব ১০০ আৰু ২০০ টকীয়া নোট । ইতিমধ্যে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে । শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে ঘোষণা কৰিছে যে, বজাৰত প্ৰৱৰ্তন কৰা হ’ব ১০০ আৰু ২০০ টকীয়া নতুন নোট।

প্ৰতীকী ফটো
পৰিৱৰ্তন হ’ব ১০০ আৰু ২০০ টকীয়া নোট । ইতিমধ্যে এই সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে । শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে ঘোষণা কৰিছে যে, বজাৰত ১০০ আৰু ২০০ টকীয়া নতুন নোট প্ৰৱৰ্তন কৰা হ’ব। পৰিৱৰ্তনৰ সৈতে এই নোট প্ৰৱৰ্তন কৰিব ভাৰতীয় ৰিজাৰ্ভ বেংকে ।
এই সন্দৰ্ভত আৰ বি আইয়ে কয়, এতিয়াৰ পৰা ১০০ টকা আৰু ২০০ টকীয়া নতুন নোটত গৱৰ্ণৰ স্বাক্ষৰ সলনি হ’ব ৷ এতিয়ালৈকে প্ৰাক্তন গৱৰ্ণৰ শক্তিকান্ত দাসৰ স্বাক্ষৰ আছিল। এইবাৰ ১০০ আৰু ২০০ টকীয়া নোটত আৰ বি আইৰ নতুন গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ স্বাক্ষৰ থাকিব।
ভাৰতীয় মুদ্ৰাত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ স্বাক্ষৰ বাধ্যতামূলক। হাতত থকা নোটখন যে, প্ৰকৃত তাৰ অন্যতম প্ৰমাণ এই স্বাক্ষৰ। ২০২৪ চনত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ কাৰ্যকাল শেষ কৰে শক্তিকান্ত দাসে। তেওঁৰ ঠাইত সঞ্জয় মালহোত্ৰা নতুন গৱৰ্ণৰ হয় । এনে পৰিপ্ৰেক্ষিত নোটত সলনি হ’ব চহী।
কিন্তু বজাৰত নতুন নোট প্ৰৱৰ্তনৰ পিছত বাতিল নহয় পুৰণি ১০০ আৰু ২০০ টকীয়া নোট। প্ৰাক্তন গৱৰ্ণৰে শক্তিকান্ত দাসৰ স্বাক্ষৰ থকা পুৰণি ১০০ আৰু ২০০ টকীয়া নোট বৈধ হৈ থাকিব বুলি ৰিজাৰ্ভ বেংকে স্পষ্ট কৰি দিছে। সেই নোট ব্য়ৱহাৰত কোনো সমস্যা নহয় বুলি উল্লেখ কৰিছে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে ।
উল্লেখ্য যে, ২০১৬ চনত বিমুদ্ৰাকৰণৰ সময়ত ৫০০ আৰু ১০০০ টকীয়া নোট বাতিল কৰা হৈছিল। সেই সময়তে মুকলি কৰা হৈছিল ১০০ আৰু ২০০ টকীয়া নতুন নোটৰ চিৰিজ।