ডাঙৰ বিপদত আম্বানী! প্ৰথমে জৰিমনা, তাৰ পাছত হেৰুৱালে ৫৬ হাজাৰ কোটি টকা
Reliance Industries Share: বিগত এবছৰত মুকেশ আম্বানীৰ শ্বেয়াৰ প্ৰায় ২২ শতাংশ হ্ৰাস পাইছে। যোৱা বছৰৰ জুলাই মাহত ৰিলায়েন্সৰ শ্বেয়াৰ ৫২ সপ্তাহৰ উচ্চতম স্তৰত আছিল। তাত কেইমাহমান থকাৰ পিছত আকৌ এই অৱস্থাত উপনীত হৈছে শ্বেয়াৰৰ মূল্য। কেৱল সেয়াই নহয়, চলিত সপ্তাহৰ প্ৰথম দিনটোত এনে এক জোকাৰণিৰ বাবে ৫৬ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে বিনিয়োগকাৰীসকল।

বৰ্তমান ‘খৰাং বজাৰ’ত পৰিণত হৈছে ভাৰতীয় শ্বেয়াৰ বজাৰ। অবিৰতভাৱে নিম্নগামী হৈ আছে ভাৰতীয় শ্বেয়াৰ বজাৰৰ দুই সূচক নিফটি ফিফটি আৰু বিএছই ছেনছেক্স । বৃহস্পতিবাৰৰ ‘বৃহৎ পতন’ৰ সন্মুখীন হোৱাৰ পাছত পিছত সপ্তাহটোৰ আৰম্ভণিতে কিছু সুস্থিৰ হৈ আছিল ছেনছেক্স । পিছে নাহিল ভাল সময়। পূৰ্বতকৈ অধিক অৱনমিত হ’ল ছেনছেক্স। সোমবাৰে ছেনছেক্স ২০০ পইণ্ট বৃদ্ধি পাই ৭৩ হাজাৰ ০৮৫ পইণ্টত উপনীত হৈছিল ।
আনহাতে নিফটি ফিফটিৰো আঁতৰা নাই শংকা। সোমবাৰে সমগ্ৰ দিনটোত শ্বেয়াৰ বজাৰ উত্থান-পতন অব্যাহত আছিল। কিন্তু ওপৰলৈ চাব পৰা নাছিল নিফ্টিয়ে। ইফালে বজাৰৰ উত্তেজনা মাজতে বিধ্বস্ত হ’ল ৰিলায়েন্সৰ শ্বেয়াৰ। এবাৰতে ২.৪৪ শতাংশ হ্ৰাস পাই ১১৭৪ টকা হয় মুকেশ আম্বানীৰ কোম্পানীৰ শ্বেয়াৰৰ মূল্য।
পিছত কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ৫২ সপ্তাহৰ নিম্নতম স্তৰত উপনীত হয়। বিগত এবছৰত মুকেশ আম্বানীৰ শ্বেয়াৰ প্ৰায় ২২ শতাংশ হ্ৰাস পাইছে। যোৱা বছৰৰ জুলাই মাহত ৰিলায়েন্সৰ শ্বেয়াৰ ৫২ সপ্তাহৰ উচ্চতম স্তৰত আছিল। তাত কেইমাহমান থকাৰ পিছত আকৌ এই অৱস্থাত উপনীত হৈছে শ্বেয়াৰৰ মূল্য। কেৱল সেয়াই নহয়, চলিত সপ্তাহৰ প্ৰথম দিনটোত এনে এক জোকাৰণিৰ বাবে ৫৬ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে বিনিয়োগকাৰীসকল। ইয়াৰ লগে লগে পতনৰ ধুমুহাত তচনচ হ’ল আম্বানীৰ শ্বেয়াৰ।
এই অৱনতিৰ প্ৰভাৱ কি হ’ব পাৰে?
জানিব পৰা মতে, ৰিলায়েন্স নিউ এনাৰ্জি লিমিটেডৰ ভিতৰত সৃষ্টি হোৱা অনিয়ন্ত্ৰিত পৰিস্থিতিৰ বাবেই শ্বেয়াৰ বজাৰত মূল কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ প্ৰভাৱ পৰিছে। প্ৰাপ্ত তথ্য অনুসৰি কেন্দ্ৰৰ ৰাজসাহায্যৰে এটা বেটাৰী প্লাণ্ট নিৰ্মাণৰ কাম হাতত লৈছিল ৰিলায়েন্স নিউ এনাৰ্জি লিমিটেডে। সেই কাৰখানা নিৰ্মাণ সম্পূৰ্ণ হ’লে তেওঁলোকে মুঠ ১৮ হাজাৰ ১০০ কোটি ৰাজসাহায্য লাভ কৰিলেহেঁতেন। কিন্তু আগতীয়াকৈ প্ৰকল্পটো সমাপ্ত কৰিব নোৱাৰাৰ বাবে ৰিলায়েন্সে ৰাজসাহায্য লাভ কৰাৰ পৰিৱৰ্তে ১২৫ কোটি টকাৰ জৰিমনা ভৰিব লগা হৈছিল। আৰু তাৰ পিছত শ্বেয়াৰৰ মূল্যৰ অৱনতি ঘটে।