SBI ৰ ATM ত ধন উলিওৱাৰ নিয়ম সলনি, এতিয়া অভাৰ ট্ৰেনজেকচনৰ বাবে দিব লাগিব ধন!
বেলেঞ্চ ইনকুৱাৰী, মিনি ষ্টেটমেন্ট আদি সেৱাৰ বাবে এছ বি আইৰ এ টি এমত কোনো ধৰণৰ চাৰ্জ নাই। কিন্তু অন্য বেংকৰ এটিএমত এই কাম কৰিলে প্ৰতিটো লেনদেনত ১০ টকা + জিএছটি লোৱা হ’ব।

এটিএমৰ পৰা উলিওৱাৰ নিয়মত বৃহৎ পৰিৱৰ্তন সাধন কৰিছে ৰাজহুৱা খণ্ডৰ বেংক ষ্টেট বেংকে। এই নিয়মৰ পিছত যদি আপুনি আন কোনো বেংকৰ এটিএমৰ পৰা নিৰ্ধাৰিত সীমাতকৈ অধিক ধন উলিয়ায় তেন্তে প্ৰতিটো লেনদেনত অতিৰিক্ত মাচুল দিব লাগিব।
এছ বি আইয়ে এ টি এমৰ পৰা অতিৰিক্ত লেনদেনৰ বাবে ২১ টকা + জি এছ টি লয়। কিন্তু নিয়ম সলনি কৰাৰ পিছত আন বেংকৰ এ টি এমৰ পৰা সৰ্বোচ্চ লেনদেনৰ সীমা অতিক্ৰম কৰিলে অধিক চাৰ্জ দিব লাগিব। নতুন নিয়ম অনুসৰি আপুনি কিমান লেনদেন বিনামূলীয়াকৈ পাব আৰু প্ৰতিটো লেনদেনত কিমান মাচুল দিব লাগিব জানক।
SBI ৰ নিয়মৰ পৰিৱৰ্তন
ভাৰতীয় ষ্টেট বেংকে চেভিংছ বেংক একাউণ্টত থকা গড় মাহিলী বেলেঞ্চৰ ওপৰত ভিত্তি কৰি চেভিংছ একাউণ্টত এটিএম বিনামূলীয়া লেনদেনৰ সীমা সলনি কৰিছে। নতুন নিয়ম অনুসৰি মেট্ৰ’ আৰু নন-মেট্ৰ’ৰ সকলো একাউণ্টধাৰীয়ে প্ৰতিমাহে এছ বি আইৰ এটিএমত ৫টা আৰু আন বেংকৰ এটিএমত ১০টা লেনদেন লাভ কৰিব।
ইয়াৰ লগতে যিসকল একাউণ্টধাৰীৰ গ্ৰাহকৰ গড় মাহিলী বেলেঞ্চ ২৫ৰ পৰা ৫০ হাজাৰৰ ভিতৰত হ’ব তেওঁলোকে ৫টা লেনদেন অতিৰিক্তভাৱে লাভ কৰিব। ইয়াৰ উপৰিও যিসকল গ্ৰাহকৰ গড় মাহিলী বেলেঞ্চ ১ লাখতকৈ অধিক হ’ব তেওঁলোকে সীমাহীন বিনামূলীয়া লেনদেনৰ সুবিধা লাভ কৰিব।
বিত্তীয় লেনদেন নহ’লে চাৰ্জ
বেলেঞ্চ ইনকুৱাৰী, মিনি ষ্টেটমেন্ট আদি সেৱাৰ বাবে এছ বি আইৰ এ টি এমত কোনো ধৰণৰ চাৰ্জ নাই। কিন্তু অন্য বেংকৰ এটিএমত এই কাম কৰিলে প্ৰতিটো লেনদেনত ১০ টকা + জিএছটি লোৱা হ’ব। যদি আপোনাৰ চেভিংছ একাউণ্টত অপৰ্যাপ্ত ধনৰ বাবে আপোনাৰ এটিএম লেনদেন বিফল হয়, তেন্তে ইতিমধ্যে প্ৰযোজ্য হোৱাৰ দৰে ২০ টকা + জিএছটি জৰিমনা ভৰিব লাগিব।
SBI এ চাৰ্জ কিমান বৃদ্ধি কৰিলে
ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৫ চনৰ ১ মে’ৰ পৰা কাৰ্যকৰী হ’বলগীয়া এটিএম ট্ৰেনজেকচন মাচুল বৃদ্ধি কৰিছে। আৰবিআইৰ তথ্য অনুসৰি এতিয়া বেংকসমূহে ২০২৫ চনৰ ১ মে’ৰ পৰা প্ৰতিটো লেনদেনত সৰ্বোচ্চ এটিএমৰ ধন উলিওৱাৰ চাৰ্জ ২৩ টকালৈ বৃদ্ধি কৰিব । যিসকলে এছবিআইৰ এটিএমৰ পৰা অতিৰিক্ত লেনদেন কৰিব তেওঁলোকেও প্ৰতিটো লেনদেনত ২৩ টকা দিব লাগিব।