SBI য়ে আনিলে গ্ৰাহকৰ বাবে বেয়া খবৰ! বৃদ্ধি হ’ল সূতৰ হাৰ, জানক সবিশেষ…

SBI: ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গ্ৰাহকসকললৈ বেয়া খবৰ! কিয়নো বৃদ্ধি হৈছে সূতৰ হাৰ। এতিয়াৰ পৰা গ্ৰাহকে পূৰ্বতকৈ ঋণৰ ক্ষেত্ৰত বেছিকৈ সূত দিব লাগিব।

SBI য়ে আনিলে গ্ৰাহকৰ বাবে বেয়া খবৰ! বৃদ্ধি হল সূতৰ হাৰ, জানক সবিশেষ...

এছ বি আই

Published: 

17 Nov 2024 15:01 PM

এছ বি আইৰ গ্ৰাহকৰ বাবে বেয়া খবৰ! কিয়নো বৃদ্ধি হৈছে দেশৰ বৃহৎ বেংক এছ বি আই ( SBI) ৰ ঋণৰ সুতৰ হাৰ । এতিয়াৰ পৰা এছ বি আইৰ গ্ৰাহকসকলে ঋণৰ ক্ষেত্ৰত অত্য়াধিক টকা ভৰিব লাগিব। দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংকে MCLR অৰ্থাৎ Marginal Cost of Funds Based Lending Rate ৫ বেচিছ পইণ্ট বৃদ্ধি কৰিছে। বেংকটোৱে ৩ মাহ, ৬ মাহ আৰু ১ বছৰৰ বাবে ঋণৰ হাৰ বৃদ্ধি কৰিছে। ইয়াৰ বাবে এতিয়াৰ পৰা গাড়ী, হোম লোন আৰু ব্যক্তিগত ঋণ ব্যয়বহুল হৈ পৰিব। শেহতীয়াকৈ এছ বি আইয়ে দ্বিতীয়বাৰৰ বাবে এম চি এল আৰ বৃদ্ধি কৰিছে।

অৱশ্যে অভাৰনাইট, এমাহ, দুবছৰ আৰু তিনিবছৰৰ সময়ছোৱাত বেংকে এমচিএলআৰত কোনো ধৰণৰ পৰিৱৰ্তন কৰা নাই। এই সময়ছোৱাত সুতৰ হাৰ পূৰ্বৰ দৰেই থাকিব।  এছ বি আইৰ ফালৰ পৰা এম চি এল আৰত ৫ বেচিচ পইন্ট বৃদ্ধি কৰি ৩ মাহৰ ঋণৰ সুতৰ হাৰ ৮.৫০ৰ পৰা ৮.৫৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে আৰু ৬ মাহৰ ঋণৰ সুতৰ হাৰ ৮.৮৫ৰ পৰা ৮.৯০ শতাংশলৈ বৃদ্ধি কৰা হৈছে। একে সময়তে এবছৰীয়া ঋণৰ সুতৰ হাৰ ৮.৯৫ শতাংশৰ পৰা ৯ শতাংশলৈ বৃদ্ধি কৰা হৈছে।

পুৰণি আৰু নতুন সূতৰ হাৰ

উল্লেখ কৰা প্ৰয়োজন যে, এইচ ডি এফ চি বেংকেও ছেপ্টেম্বৰ মাহত সুতৰ হাৰ বৃদ্ধি কৰিছিল। বেংকে এমচিএলআৰ বৃদ্ধি কৰিছিল, যি অভাৰ নাইট, এমাহ, তিনিমাহ সময়ৰ ঋণৰ বাবে প্ৰযোজ্য। গতিকে বেংকসমূহৰ এই নতুন সিদ্ধান্তই গ্ৰাহকক কিছু সমস্যাত পেলাব, কিয়নো এতিয়া গ্ৰাহকে ই এম আই বেছিকৈ ভৰিব লাগিব।

MCLR কি?

এম চি এল আৰ হৈছে বেংকে ঋণ দিয়া নূন্যতম সুতৰ হাৰ। কোনো বেংকে এই সুতৰ হাৰতকৈ কম মূল্যত কোনো ব্যক্তিক হোম লোন, ব্যক্তিগত ঋণ বা গাড়ীৰ ঋণ দিব নোৱাৰে। ২০১৬ চনত আৰ বি আইয়ে বেচ ৰেট ব্যৱস্থাৰ ঠাইত এই ব্যৱস্থা প্ৰৱৰ্তন কৰে। অৱশ্যে ২০১৬ চনৰ পূৰ্বে যিসকলে ঋণ লৈছিল, তেওঁলোক এতিয়াও বিপিএলআৰৰ অধীনত আছে। যদি বেংকে এমচিএলআৰৰ হাৰ বৃদ্ধি কৰে তেন্তে ঋণৰ EMI স্বয়ংক্ৰিয়ভাৱে বৃদ্ধি পায়। ইয়াৰ উপৰিও এমচিএলআৰ বেংকৰ ৰেপো ৰেটৰ সৈতেও জড়িত। গতিকে এমচিএলআৰৰ হাৰৰ কোনো পৰিৱৰ্তন হ’লে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ হোম লোনৰ সুতৰ হাৰত পৰিব পাৰে।

সপ্তাহৰ এই ৩টা দিনত গৰুক খুওৱাক ৰুটি, পাব আচৰিত ফলাফল!
১৪ বছৰৰ বনবাসৰ সময়ত কিয় এখন শাড়ীয়ে পিন্ধি আছিল মা সীতাই?
মানুহৰ তেজৰ সোৱাদ নিমখীয়া কিয়?
দ্ৰুত গতিত ওজন হ্ৰাস কৰিব বিচাৰিছে নেকি? তেন্তে নিশা এই বস্তুবোৰ নাখাব!