শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

SBI ৰ নতুন আঁচনি! মাত্ৰ ৫৯৩ টকা জমা থৈ লাভ কৰিব ১ লাখ টকা, জানক সবিশেষ…

SBI Scheme: সুৰক্ষিত ভৱিষ্যতৰ বাবে আপুনিও ধন বিনিয়োগ কৰিব বিচাৰে নেকি? তেন্ত আপোনাৰ বাবে আছে এক ভাল খবৰ। কিয়নো SBI য়ে লৈ আহিছে এখন সুৰক্ষিত আঁচনি। ধন ৫৯৩ টকা জমা থ'লে হ'ব ১ লাখ টকা।

SBI ৰ নতুন আঁচনি! মাত্ৰ ৫৯৩ টকা জমা থৈ লাভ কৰিব ১ লাখ টকা, জানক সবিশেষ…
ষ্টেট বেংক অৱ ইণ্ডিয়াImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 16 Mar 2025 15:32 PM

ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিবলৈ আপুনিও ধন জমা ৰাখিব বিচাৰে নেকি?  কিন্তু ইয়াৰ বাবে কোনো উপযুক্ত বিশ্বাসযোগ্য আঁচনি বিচাৰি পোৱা নাই? তেন্তে আপোনাৰ বাবে আছে  এক ভাল খবৰ। ভাৰতৰ সৰ্ববৃহৎ চৰকাৰী বেংক এছ বি আই (SBI)য়ে নতুন বছৰত প্ৰৱৰ্তন কৰিছে এক নতুন আঁচনি। ৰেকাৰিং ডিপোজিট (RD)ৰ জৰিয়তে প্ৰতিটো ঘৰতে লাখপতি সৃষ্টিৰ প্ৰচেষ্টা চলাইছে ষ্টেট বেংক অৱ ইণ্ডিয়াই। এই আঁচনিত কোনো ৰিস্ক নাই, গতিকে আপুনি নিশ্চিত মনে ধন জমা কৰিব পাৰে। নতুন আঁচনিখনত এছ বি আইয়ে কি কি সুবিধা আগবঢ়াইছে তলত সবিশেষ উল্লেখ কৰা হ’ল।

জানিব পৰা মতে, এই আঁচনিৰ অধীনত এজন বিনিয়োগকাৰীয়ে তিনি বছৰৰ পৰা দহ বছৰলৈকে ধন বিনিয়োগ কৰিব পাৰে। গতিকে, নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰি গ্ৰাহকে যিমান দিন বিচাৰে সিমান দিন ধন বিনিয়োগ কৰিব পাৰে। এই আঁচনিৰ বাবে বিনিয়োগকাৰীয়ে এবাৰতে বিপুল পৰিমাণৰ ধন দিয়াৰ প্ৰয়োজন নাই।  সাধাৰণ মানুহে মাহেকীয়া কিস্তি হিচাপত ধন ৰাখিব পাৰে।

কিন্তু প্ৰশ্ন হয়, কিমান টকা জমা থ’লে আপুনি লাভ কৰিব ১ লাখ টকা ? উল্লেখ্য যে, আপোনাৰ হাতত মাত্ৰ ৫৯৩ টকা থাকিলেই যথেষ্ঠ । এই সৰু অংকৰ ধনৰ পৰা আপুনি বিনিয়োগ আৰম্ভ কৰিব পাৰে আৰু ইয়াৰ ৰিটাৰ্ণ হিচাপে লাভ কৰিব ১ লাখ টকা। কিন্তু কিমান বছৰৰ পৰা এছ বি আইয়ে এই ৰিটাৰ্ণ দি আহিছে? তথ্য অনুসৰি, ৬.৫০ শতাংশ সুতৰ হাৰত ৫৯৩ টকা বিনিয়োগ কৰিলে ১০ বছৰত ১ লাখ টকা লাভ কৰিব।

কিন্তু কোনোবাই যদি দহ বছৰ অপেক্ষা কৰিব নিবিচাৰে তেন্তে কি হ’ব? চিন্তাৰ প্ৰয়োজন নাই, কিয়নো ষ্টেট বেংকে তেওঁলোকৰ বাবেও ব্যৱস্থা কৰিছে। জানিব পৰা মতে তিনি বছৰৰ ভিতৰত লাখপতি হ’বলৈ এজন বিনিয়োগকাৰীয়ে মাহে ২৫০২ টকা খৰচ কৰিব লাগিব। ইয়াৰ পাছত তিনি বছৰৰ ভিতৰত এছ বি আইয়ে তেওঁলোকক লাখ লাখ টকা গতাই দিব। এই আঁচনিৰ বিশেষ সুবিধা হ’ল যে, ১০ বছৰ বয়স হ’লে নাবালকসকলে তেওঁলোকৰ অভিভাৱকৰ সৈতে যৌথ একাউণ্ট খুলি এই আঁচনিখনত ধন বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিব পাৰে।

গতিকে, সুৰক্ষিত স্থানত ধন বিনিয়োগ কৰিব বিচৰাসকলে এছ বি আইৰ এই আঁচনিৰ লাভ ল’ব পাৰে। এই আঁচনিৰ বিষয়ে অধিক জানিবলৈ আপুনি বেংকৰ অফিচিয়েল ৱেবচাইট বা নিকটতম ষ্টেট বেংক অৱ ইণ্ডিয়াৰ কাৰ্যালয়ত গৈ তথ্য সংগ্ৰহ কৰিব পাৰে।

 

 

অন্য খবৰ পঢ়কঃ  SBI ৰ নতুন আঁচনিঃ প্ৰতিমাহে ৫৯১ টকা জমা কৰি লাভ কৰিব লাখ টকা, জানক সবিশেষ