শ্বেয়াৰ মাৰ্কেটে লৈছে ৰকেটৰ দৰে গতি! বিনিয়োগকাৰীয়ে ৫ মিনিটত ৮ লাখ কোটি টকা কৰিছে উপাৰ্জন

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত প্ৰথমবাৰৰ বাবে শ্বেয়াৰ বজাৰ মুকলি হৈছে আৰু লগে লগে ছেন্সেক্স আৰু নিফ্টী দুয়োখন দেশতে ডেৰ শতাংশতকৈ অধিক বৃদ্ধি দেখা যায়। বম্বে ষ্টক এক্সচেঞ্জৰ মূল সূচকাংক ছেন্সেক্সে এক হাজাৰ পইণ্টতকৈ অধিক বৃদ্ধিৰে ৮০,১৯৩.৪৭ পইণ্টত মুকলি হয়।

শ্বেয়াৰ মাৰ্কেটে লৈছে ৰকেটৰ দৰে গতি! বিনিয়োগকাৰীয়ে ৫ মিনিটত ৮ লাখ কোটি টকা কৰিছে উপাৰ্জন

শ্বেয়াৰ মাৰ্কেটে লৈছে ৰকেটৰ দৰে গতি!

Published: 

25 Nov 2024 11:57 AM

সোমবাৰে শ্বেয়াৰ বজাৰ খোলাৰ লগে লগে ৰকেটৰ দৰে গতি লয়। মাত্ৰ ৫ মিনিটতে ষ্টক মাৰ্কেটৰ বিনিয়োগকাৰীয়ে লাভ কৰিলে ৮ লাখ কোটি টকা। ছেন্সেক্সে এক হাজাৰতকৈ অধিক পইণ্ট বৃদ্ধিৰে খোল খালে আৰু ৮০ হাজাৰৰ সীমা অতিক্ৰম কৰে। আনহাতে নিফ্টিত ৪০০ পইণ্টতকৈ অধিক উত্থান ঘটিছে। আদানী গ্ৰুপৰ বাহিৰেও ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, এছ বি আই, এল এণ্ড টি, আই চি আই চি আই বেংকৰ শ্বেয়াৰ বৃদ্ধি পাইছে। দৰাচলতে মহাৰাষ্ট্ৰত বাম্পাৰ জয় লাভ কৰিছে মহাযুতিয়ে। যাৰ প্ৰভাৱ শ্বেয়াৰ বজাৰত স্পষ্টকৈ দেখা যায়। দুই তৃতীয়াংশতকৈ অধিক আসন লাভ কৰিছে মহাযুতিয়ে। যাৰ প্ৰভাৱ নীতি আদিৰ ওপৰতো দেখা যাব। শুকুৰবাৰেও শ্বেয়াৰ বজাৰত ১৯০০ পইণ্টতকৈ অধিক বৃদ্ধি দেখা গৈছিল।

ষ্টক মাৰ্কেটত ভয়ংকৰ গতি

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত প্ৰথমবাৰৰ বাবে শ্বেয়াৰ বজাৰ খোল খোৱাৰ লগে লগে ছোন্সেক্স আৰু নিফ্টী দুয়োখন দেশতে ডেৰ শতাংশতকৈ অধিক বৃদ্ধি দেখা যায়। বম্বে ষ্টক এক্সচেঞ্জৰ মূল সূচকাংক ছেন্সেক্সে এক হাজাৰ পইণ্টতকৈ অধিক বৃদ্ধিৰে ৮০,১৯৩.৪৭ পইণ্টত মুকলি হয়। ব্যৱসায়িক অধিবেশনত ১৩০০ পইণ্টৰ বৃদ্ধি দেখা গৈছিল আৰু দিনটোৰ উচ্চতম স্তৰত উপনীত হৈছিল ৮০৪০৭ পইণ্ট। শুকুৰবাৰে ছেন্সেক্সৰ শ্বেয়াৰ ১৯০০ পইণ্টতকৈ অধিক বৃদ্ধিৰে ৭৯,১১৭.১১ পইণ্টত বন্ধ হয়।

আনহাতে, নেশ্যনেল ষ্টক এক্সচেঞ্জৰ মূল সূচকাংক নিফ্টিতো দ্ৰুতগতিত ব্যৱসায় চলি আছে। প্ৰায় ৩৫০ পইণ্ট বৃদ্ধিৰে ২৪,২৫৩.৫৫ পইণ্টত মুকলি হয় আৰু ব্যৱসায়িক অধিবেশনৰ সময়ত ৪২৩ পইণ্ট বৃদ্ধিৰে ২৪৩৩০.৭ পইণ্টত দিনটোৰ উচ্চতম স্তৰত উপনীত হয়। বৰ্তমান নিফটিৰ মূল্য ৩৮৮.৮০ পইণ্ট বৃদ্ধিৰে ২৪,২৯৬.০৫ পইণ্টত ব্যৱসায় কৰা হৈছে।

কোনবোৰ শ্বেয়াৰ বৃদ্ধি হ’ল?

যদি আমি নেশ্যনেল ষ্টক এক্সচেঞ্জৰ শ্বেয়াৰৰ কথা কওঁ তেন্তে বিপিচিএলৰ শ্বেয়াৰত ৫.৭০ শতাংশ বৃদ্ধি দেখা গৈছে। আনহাতে বি ই এলৰ শ্বেয়াৰ ৪.৬৮ শতাংশত ব্যৱসায় হোৱা দেখা গৈছে। ৪.১৩ শতাংশ বৃদ্ধিৰে অ’এনজিচিৰ শ্বেয়াৰৰ ব্যৱসায় দেখা গৈছে। শ্ৰীৰাম ফাইনেন্সৰ শ্বেয়াৰ ৩.৮৪ শতাংশ বৃদ্ধিৰে ব্যৱসায় চলি আছে। এল এণ্ড টিৰ শ্বেয়াৰত ৩.৫২ শতাংশ বৃদ্ধি দেখা গৈছে। বম্বে ষ্টক এক্সচেঞ্জত ২.২৫ শতাংশ বৃদ্ধি পাইছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰ। টাটা ষ্টীলৰ শ্বেয়াৰ ১.৪৭ শতাংশ, টাটা মটৰ্ছৰ ১.৪১ শতাংশ, এছ বি আইৰ ৩.৩৮ শতাংশ বৃদ্ধি দেখিবলৈ পোৱা গৈছে।

৮ লাখ কোটি টকাৰে লাভৱান হ’ল বিনিয়োগকাৰী

শ্বেয়াৰ বজাৰৰ এই উত্থানৰ বাবে শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰীসকলে যথেষ্ঠ লাভৱান হৈছে। ষ্টক মাৰ্কেট বিনিয়োগকাৰীৰ লাভ বিএছইৰ মাৰ্কেট কেপৰ সৈতে জড়িত। তথ্য অনুসৰি, শুকুৰবাৰে বিএছইৰ মাৰ্কেট কেপ ৪,৩২,৭১,০৫২.০৫ কোটি টকা, যিটো সোমবাৰে ৪,৪০,৩৭,৮৩২.৫৮ কোটি টকালৈ বৃদ্ধি পায়। অৰ্থাৎ বিএছইৰ মাৰ্কেট কেপত প্ৰায় ৮ লাখ কোটি টকা বৃদ্ধি পালে। আনহাতে শুকুৰবাৰে শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীয়ে ৭ লাখ কোটিতকৈ অধিক লাভ হৈছিল।

পুনৰ শচীনৰ ৰেকৰ্ড ভংগ কৰি অষ্ট্ৰেলিয়াৰ মাটিত নতুন অভিলেখ বিৰাট কোহলীৰ
আই পি এল ইতিহাসৰ দামী খেলুৱৈ হ’ল পণ্ট, এইকেইগৰাকী খেলুৱৈৰো উদয় হল ভাগ্য
অভিশাপ নে বৰদান? জানক কল গছ জন্মৰ আঁৰৰ কাহিনী...
কমি যায় মূল্য! ভাৰতৰ ১০০ টকা ব্ৰাজিলত কিমান হয় জানেনে ?