শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

২৩ হাজাৰ অতিক্ৰম নিফটিৰ, ছেনছেক্স অতিক্ৰম কৰিলে ৭৬ হাজাৰ, দ্ৰুতগতিত বাঢ়িছে ভাৰতীয় বজাৰ!

আজি ভাৰতৰ শ্বেয়াৰ বজাৰত আজি দেখা গ’ল প্ৰত্যাশিত উত্থান। ভাৰতীয় বজাৰৰ দুই বেঞ্চমাৰ্ক সূচকাংক আজি যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হ’ল। শ্বেয়াৰ বজাৰৰ বেঞ্চমাৰ্ক সূচক আজি নিফটিয়ে ২৩ হাজাৰ অতিক্ৰম কৰিলে। আনহাতে, আন এটা বেঞ্চমাৰ্ক সূচক ছেনছেক্সেও ৭৬ হাজাৰ অতিক্ৰম কৰিছে।

২৩ হাজাৰ অতিক্ৰম নিফটিৰ, ছেনছেক্স অতিক্ৰম কৰিলে ৭৬ হাজাৰ, দ্ৰুতগতিত বাঢ়িছে ভাৰতীয় বজাৰ!
শ্বেয়াৰ বজাৰৰ খবৰ
monjit-dutta
Monjit Dutta | Published: 20 Mar 2025 18:29 PM

আজি ২০ মাৰ্চ, ভাৰতৰ শ্বেয়াৰ বজাৰত আজি দেখা গ’ল প্ৰত্যাশিত উত্থান। ভাৰতীয় বজাৰৰ দুই বেঞ্চমাৰ্ক সূচকাংক আজি যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হ’ল। শ্বেয়াৰ বজাৰৰ বেঞ্চমাৰ্ক সূচক আজি নিফটিয়ে ২৩ হাজাৰ অতিক্ৰম কৰিলে। আনহাতে, আন এটা বেঞ্চমাৰ্ক সূচক ছেনছেক্সেও ৭৬ হাজাৰ অতিক্ৰম কৰিছে। একেদৰে বিএছই স্মলকেপ সূচকো আজি বৃদ্ধি পোৱা দেখা গ’ল। নিফটি নেক্সট ৫০ ৩৫৫ পইণ্ট বৃদ্ধি পোৱাৰ লগতে বিএছই বেংকেক্সতো ৩৬৬ পইণ্ট বৃদ্ধি পাইছে।

একেৰাহে দিন দিন ভাৰতৰ বজাৰ বৃদ্ধি পোৱাৰ বিপৰীতে জাপানৰ নিকেই সূচকাংক আজি সামান্য হ্ৰাস পাইছে। চীনৰ হাং চেং সূচকাংক ৫৫১ পইণ্ট হ্ৰাস পাইছে।

আজি কি কি বাঢ়িলঃ

আজি বেভৰ ষ্টীল টিউবছৰ শ্বেয়াৰৰ মূল্যই আপাৰ চাৰ্কিট স্পৰ্শ কৰে। ইয়াৰ উপৰিও মেনুগ্ৰাফ ইণ্ডিয়া, সংগীনীতা কেমিকেলছ, ৰাজেশ এক্সপ’ৰ্টছ, আৰু এছএমএল ইছুজুৰ শ্বেয়াৰৰ মূল্যও বৃদ্ধি পাইছে।

আজি কি কি হ্ৰাস পালেঃ

যদিও আজি কোনো কোম্পানীয়ে লোৱাৰ চাৰ্কিট স্পৰ্শ কৰা নাই, তথাপি কে আই ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰৰ মূল্য যথেষ্ট হ্ৰাস পাইছে। ইয়াৰ উপৰিও খাণ্ডৱালা ছিকিউৰিটিজ, শ্ৰী তিৰুপতী বালাজী, মধ্য ভাৰত এগ্ৰ’ প্ৰডাক্টছ আৰু পলিকেব ইণ্ডিয়াৰ শ্বেয়াৰৰ মূল্যও হ্ৰাস পাইছে।

বজাৰৰ টুকুৰা খবৰঃ

* আজি প্ৰতি শ্বেয়াৰত ৫ টকা লভ্যাংশ দিছে এক্সটেল ইণ্ডাষ্ট্ৰীজে

* প্রতি শ্বেয়াৰত ১৮ টকা লভ্যাংশ দিয়ে গেলেক্সী ছাৰফেকটেন্টছে

* প্রতি শ্বেয়াৰত ১১ টকা লভ্যাংশ দিছে এঞ্জেল ওৱানে

* ৫২ সপ্তাহৰ সর্বোচ্চ স্তৰ স্পৰ্শ কৰিছে অবন্তী ফিডছ, ওৱেলস্পান কর্পছ, নাৰায়ণা হৃদয়ালয়, ইন্টাৰগ্ল’ব এভিয়েশ্যন, মুথুট ফাইনেন্স আৰু এষ্ট্ৰাজেনেকা ফার্মাই

* আনহাতে আজি ৫২ সপ্তাহৰ সর্বনিম্ন স্তৰ স্পৰ্শ কৰিছে কেইআই ইণ্ডাষ্ট্ৰীজে

২০ মাৰ্চত বজাৰ বন্ধ হোৱাৰ সময়লৈ লাভ কৰা তথ্য এয়া।

বিশেষ দ্ৰষ্টব্যঃ যদি আপুনি শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰে তেতিয়া সেই শ্বেয়াৰসমূহৰ বিষয়ে সঠিক গৱেষণা আৰু বিশ্লেষণ কৰিহে আগবঢ়া উচিত। এই লেখাটো কেৱল শিক্ষাৰ উদ্দেশ্যেহে প্ৰস্তুত কৰা হৈছে। TV9 assam-এ কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে।