শ্বেয়াৰ বজাৰত আপুনিও কৰিছে নেকি বিনিয়োগ? চাওক আজি বজাৰৰ ইটো-সিটো খবৰ…
আজি প্ৰাৰম্ভিক অৱস্থাত নিফটি হ্ৰাস পালেও পিছলৈ নিফটিৰ উত্থান হোৱা পৰিলক্ষিত হয়। কিন্তু বজাৰ বন্ধ হোৱাৰ সময়লৈ নিফটি ১৩ পইণ্ট হ্ৰাস পাই ২৩,০৩১ পইণ্টত উপনীত হয়। নিফটি হ্ৰাসৰ এই প্ৰভাৱ বহু কোম্পানীৰ ওপৰত পৰিছে।

আজি ১৩ ফেব্ৰুৱাৰী। আজি প্ৰাৰম্ভিক অৱস্থাত নিফটি হ্ৰাস পালেও পিছলৈ নিফটিৰ উত্থান হোৱা পৰিলক্ষিত হয়। কিন্তু বজাৰ বন্ধ হোৱাৰ সময়লৈ নিফটি ১৩ পইণ্ট হ্ৰাস পাই ২৩,০৩১ পইণ্টত উপনীত হয়। নিফটি হ্ৰাসৰ এই প্ৰভাৱ বহু কোম্পানীৰ ওপৰত পৰিছে আৰু ইয়াৰ ফলত ভিআইপি ইণ্ডাষ্ট্ৰীজ, হিৰো মট’ কৰ্প, আৰু ডিএলএফ ইত্যাদি কেইবাটাও কোম্পানীয়ে ৫২ সপ্তাহৰ ভিতৰত নিম্নতম স্তৰত উপনীত হৈছে। অৱশ্যে মাজতো মুথুট ফাইনেন্স, এছ বি আই কাৰ্ড, কোটাক মহিন্দ্ৰা বেংক, আৰু শ্ৰী চিমেণ্টে ৫২ সপ্তাহৰ ভিতৰত উচ্চতম স্তৰত উপনীত হয়।
ইফালে বজাৰত আজি কোটাক মহিন্দ্ৰা বেংকে ইতিবাচক ফল লাভ কৰিছে। যোৱা ১ মাহত কোটাক মহিন্দ্ৰা বেংকৰ শ্বেয়াৰ ১২.৩০ শতাংশ বৃদ্ধি পাইছে কোম্পানীটোৰ। যোৱা ১৮ জানুৱাৰীত প্ৰকাশ কৰা ত্ৰিমাসিক ফলাফলত কোম্পানীটোৰ ৰাজহ, লাভ সকলো বৃদ্ধি পোৱা দেখা গৈছে।
আজি কি কি বঢ়িলঃ
আজি কেইবাটাও কোম্পানীয়ে ইতিবাচক ফল দেখুৱাইছে বজাৰত। আজি বজাৰত জি এছ এছ ইনফ’টেকৰ বৃদ্ধি ১৯.০৯ শতাংশ। ইয়াৰ উপৰিও নিথিৰাজ ইঞ্জিনিয়াৰ্ছ, ফিনোলেক্স কেবলছ, সুন্দৰম মাল্টি পেপ, আৰু ডিলিজেণ্ট মিডিয়া কৰ্পৰেশ্যনৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি পাইছে।
আজি কি কি হ্ৰাস পালেঃ
ইফালে আজি বজাৰত পুনৰ ল’ৱাৰ চাৰ্কিট স্পৰ্শ কৰিছে ছেইকো ইণ্ডাষ্ট্ৰীজে। ইয়াৰ উপৰিও নেটকো ফাৰ্মাই ল’ৱাৰ চাৰ্কিট স্পৰ্শ কৰিছে। এলবাৰ্ট ডেভিদ, অৰ্কিড ফাৰ্মা, বেডমুথা ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰো আজি হ্ৰাস পাইছে।
বজাৰৰ খবৰঃ
* আজি লভ্যাংশ প্ৰদান কৰিলে ছান টিভি নেটৱৰ্কে। প্ৰতিটো শ্বেয়াৰত ২ টকা ৫০ পইচা লভ্যাংশ প্ৰদান কৰিছে কোম্পানীটোৱে।
* পেজ ইণ্ডাষ্ট্ৰীজে প্ৰতি শ্বেয়াৰত ১৫০ টকা লভ্যাংশ প্ৰদান কৰিছে।
* ভিডাল কৰ্পৰেশ্যনে প্ৰতি শ্বেয়াৰত ১২ টকাৰ লভ্যাংশ প্ৰদান কৰিছে।
* আজি কেইবাটাও কোম্পানীয়ে প্ৰকাশ কৰিছে ত্ৰিমাসিক ফলাফল। ইয়াৰ ভিতৰত চুপ্ৰিম ইঞ্জিনিয়াৰিং, ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰ, হিণ্ডালকো, ৱেষ্ট ক’ষ্ট পেপাৰ, ইউনিটেক, জিন্দাল হোটেল, MMTC, আদিত্য ফৰ্জ, সাংভি মুভাৰ্ছ, কোৱাণ্টাম ডিজিটেল, কস্কো ইণ্ডিয়া, মনপ্পুৰম ফাইনেন্স, ইউনাইটেড ব্ৰুৱেৰীজ, টিভিএছ ইলেক্ট্ৰনিকছ, তিতাগড় ৰেল চিষ্টেমছ, ইমামি পেপাৰ মিলছ, চেংকো গোল্ড।
* ১৩ ফেব্ৰুৱাৰী অৰ্থাৎ আজি বজাৰ বন্ধ হোৱাৰ সময়লৈকে লাভ কৰা তথ্য এয়া।
বিশেষ দ্ৰষ্টব্যঃ যদি আপুনি শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰে তেতিয়া সেই শ্বেয়াৰসমূহৰ বিষয়ে সঠিক গৱেষণা আৰু বিশ্লেষণ কৰিহে আগবঢ়া উচিত।