শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Investment Plans: বৃদ্ধ বয়সত আৰ্থিক সংকট দূৰ কৰিবলৈ গ্ৰহণ কৰক এই উপায়…

বৃদ্ধৰ সময়ছোৱাত আৰ্থিক সংকট দূৰ কৰিবলৈ কৰিব পাৰে বিনিয়োগ । বহুতে মিউচুৱেল ফাণ্ড বা পেঞ্চন আঁচনিত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছে । ইয়াৰ উপৰিও আন খণ্ডতো বিনিয়োগ কৰিব পাৰে । পিছে বিনিয়োগৰ পৰিকল্পনা কেনেকৈ কৰিব ? ক’ত কৰিব বিনিয়োগ ?

Investment Plans: বৃদ্ধ বয়সত আৰ্থিক সংকট দূৰ কৰিবলৈ গ্ৰহণ কৰক এই উপায়…
প্ৰতীকী ফটোImage Credit source: meta AI
manas-borah
Manas Borah | Published: 23 Feb 2025 13:20 PM

জীৱনৰ প্ৰতি খোজতে টকাৰ প্ৰয়োজন । পিছে বৃদ্ধৰ সময়ছোৱাত টকাৰ প্ৰয়োজন পূৰণ কৰিবলৈ আপোনাৰ কি পৰিকল্পনা ? পৰিসংখ্যা অনুসৰি বৰ্তমান দেশৰ জনসংখ্যাৰ মাত্ৰ ২ শতাংশ অৰ্থাৎ ১.৪ কোটি লোকৰ চৰকাৰী চাকৰি আছে। বৃদ্ধ বয়সৰলৈকে এই লোকসকলে পাব পেঞ্চনৰ সুবিধা । কিন্তু ব্যক্তিগত খণ্ডত কাম কৰা লোকৰ কি হ’ব ?

ব্যক্তিগত খণ্ডত কাম কৰা লোকৰ বাবে পেঞ্চনৰ সুবিধা নাই। গতিকে বৃদ্ধৰ সময়ছোৱাত আৰ্থিক সংকট দূৰ কৰিবলৈ কৰিব পাৰে বিনিয়োগ । বহুতে মিউচুৱেল ফাণ্ড বা পেঞ্চন আঁচনিত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছে । কিন্তু বিশেষজ্ঞৰ মতে, সেয়াই যথেষ্ট নহয়। জীৱনৰ সেই পৰ্যায়ত চিকিৎসাৰ খৰচো বাঢ়ি যায়। এনে ক্ষেত্ৰত মিউচুৱেল ফাণ্ড বা পেঞ্চন আঁচনিৰ উপৰিও আন খণ্ডতো বিনিয়োগ কৰিব পাৰে । পিছে বিনিয়োগৰ পৰিকল্পনা কেনেকৈ কৰিব ? ক’ত কৰিব বিনিয়োগ ?

কিমান টকা বিনিয়োগ কৰিব সেইটো জনাৰ আগতে বাজেট প্ৰস্তুত কৰিব পাৰে । অৱসৰৰ সময়ত আপোনাৰ মাহিলী খৰচ কিমান হ’ব সেইটো অনুমান কৰিব লাগিব। তাৰ পিছত সেই অনুসৰি বিনিয়োগৰ ৰ’ডমেপ তৈয়াৰ কৰক।

বৃদ্ধ বয়সৰ বাবে FD ত বিনিয়োগ কৰিব পাৰে । ই বৰ্তমান অন্যতম নিৰাপদ বিনিয়োগ হিচাপে বিবেচিত হৈছে । শেহতীয়াকৈও বিভিন্ন বেংকে এই ফিক্সড ডিপ’জিটৰ সুতৰ পৰিমাণও বৃদ্ধি কৰিছে। গতিকে অলপ চিন্তা কৰি নিজৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে ।

জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি, বৃদ্ধ বয়সত নিৰ্বিকাৰ জীৱন যাপন কৰিবলৈ এই আঁচনিখনত ধন বিনিয়োগ কৰিব পাৰে । এই আঁচনিখনত মুঠ সাত বছৰ পৰ্যন্ত বিনিয়োগ কৰিব পৰা সুবিধা আছে । তেনে ক্ষেত্ৰত যদি আপুনি একাধিক একাউণ্ট খুলি বিনিয়োগ কৰিব পাৰে, তেন্তে বৃদ্ধ বয়সত আৰ্থিক সংকটৰ সৈতে মোকাবিলা কৰিবলৈ কোনো চিন্তা কৰাৰ প্ৰয়োজন নাথাকিব ।

স্পষ্টীকৰণ: এইটো কেৱল শিক্ষামূলক প্ৰতিবেদন। টিভি৯ অসমীয়াই সবিশেষ নজনাকৈ বিপদজনক বিনিয়োগ কৰাটো কেতিয়াও সমৰ্থন নকৰে ।