খাদ্য সামগ্ৰী ক্ৰয় নকৰিলে বাথৰুম ব্যৱহাৰ কৰিব নোৱাৰিব Starbucksৰ! আহিছে কোম্পানীৰ নতুন নিয়ম

এতিয়া ষ্টাৰবাকছে কেফেত বহি থকাৰ বাবেও ল’ব ধন। ২৭ জানুৱাৰীৰ পৰা Starbucksএ নতুন আচৰণ বিধি কাৰ্যকৰী কৰিবলৈ ওলাইছে। এই নতুন নীতিৰ মূল উদ্দেশ্য হৈছে, Starbucksলৈ অধিক গ্ৰাহক আকৰ্ষণ কৰা।

খাদ্য সামগ্ৰী ক্ৰয় নকৰিলে বাথৰুম ব্যৱহাৰ কৰিব নোৱাৰিব Starbucksৰ! আহিছে কোম্পানীৰ নতুন নিয়ম

খাদ্য সামগ্ৰী ক্ৰয় নকৰিলে বাথৰুম ব্যৱহাৰ কৰিব নোৱাৰিব Starbucksৰ!

Published: 

15 Jan 2025 11:36 AM

গ্ল’বেল কফি কোম্পানী Starbucks-এ নিজৰ নীতি কিছু পৰিৱৰ্তন কৰিছে। এতিয়া গ্ৰাহকে কোনো খাদ্য বস্তু ক্ৰয় নকৰিলে কেফেলৈ যাব নোৱাৰিব। বহুলোকে আন আন কেফে আৰু ৰেষ্টুৰেণ্টৰ দৰে, ষ্টাৰবাকছত গৈ বহে বা বাথৰুম ব্যৱহাৰ কৰে। যাৰ বাবে পূৰ্বে তেওঁলোকে কোনো ধৰণৰ সামগ্ৰী ক্ৰয় কৰিব লগা হোৱা নাছিল। কিন্তু নতুন নিয়ম অনুসৰি এতিয়া গ্ৰাহকে কেফেলৈ গৈ যিকোনো সামগ্ৰী ক্ৰয় কৰিলেহে বাথৰুম বা বহিবলৈ পাব।

এই নীতি বহু খুচুৰা বিপণীৰ ক্ষেত্ৰত প্ৰযোজ্য

ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি, ষ্টাৰবাকছে ২৭ জানুৱাৰীৰ পৰা নিজৰ নতুন আচৰণ বিধি কাৰ্যকৰী কৰিব। এই নতুন নীতিৰ মূল উদ্দেশ্য হৈছে গ্ৰাহকক অধিক আকৰ্ষণ কৰা। কিন্তু ষ্টাৰবাকছৰ মতে, এনে নীতি ইতিমধ্যে বহু খুচুৰা বিপণীত আছে। কোম্পানীটোৰ মুখপাত্ৰ জে চি এণ্ডাৰছনে কয় যে, ইতিমধ্যে বহু খুচুৰা বিপণীত এনেধৰণৰ নীতি মানি আহিছে। এইটো এটা ব্যৱহাৰিক পদক্ষেপ যিয়ে আমাক আমাৰ পেইং গ্ৰাহকক অগ্ৰাধিকাৰ দিয়াত সহায় কৰিব।

নতুন নিয়মত কি কি অন্তৰ্ভুক্ত কৰা হৈছে

ষ্টাৰবাকছৰ নতুন নিয়মত কৰ্মচাৰীৰ প্ৰশিক্ষণৰ পৰা গ্ৰাহকৰ সৈতে কৰা ব্যৱহাৰলৈ পৰিৱৰ্তন কৰা হৈছে। কিন্তু ষ্টাৰবাকছৰ এই নিয়ম সমগ্ৰ বিশ্বতে নহয়, কেৱল উত্তৰ আমেৰিকাৰ আশে-পাশে থকা বিপণীসমূহৰ বাবেহে। ইয়াৰ লগতে বৈষম্য বা হাৰাশাস্তি, বাহিৰৰ সুৰা সেৱন, ধূমপানৰ ওপৰতো এই নীতিয়ে নিষেধাজ্ঞা আৰোপ কৰিব।

২৭ জানুৱাৰীৰ পৰা এই নীতি কাৰ্যকৰী কৰা হ’ব। ইয়াক বিভিন্ন স্থানত আৰম্ভ কৰা হ’ব। ২০২৪ চনৰ মে’ মাহৰ পৰা বৰ্তমানলৈকে টাটা আৰু ষ্টাৰবাকছৰ যৌথ উদ্যোগত ভাৰতৰ ৬১খন চহৰত কোম্পানীটোৰ ৪২১টা কেফে আছে। কোম্পানীটোৱে বিশ্বাস কৰে যে, ২০২৮ চনৰ ভিতৰত ভাৰতত ১০০০ৰো অধিক ষ্টাৰবাকছৰ বিপণী মুকলি কৰিব।

সন্ন্যাসীসকলে কিয় চুলি নাকাটে? ইয়াৰ আঁৰত আছে বিশেষ কাৰণ...
ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?