শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিনিয়োগ কৰক ৩,৯৯৯ টকা ! ঘৰতে বহি ভাৰতীয় ৰে’লৱেৰ সৈতে আৰম্ভ কৰক ব্যৱসায়…

বহুতে ব্যৱসায় কৰাৰ সপোন দেখে । কিন্তু মূলধনৰ অভাৱৰ বাবে সেই সপোন পূৰণ কৰাত ব্যৰ্থ হয় । গতিকে সেই আধৰুৱা সপোন এতিয়াৰ পৰা আপুনি ৰে'লৱেৰ জৰিয়তে পূৰণ কৰিব পাৰিব ।

বিনিয়োগ কৰক ৩,৯৯৯ টকা ! ঘৰতে বহি ভাৰতীয় ৰে’লৱেৰ সৈতে আৰম্ভ কৰক ব্যৱসায়…
ভাৰতীয় ৰে'লৱে
manas-borah
Manas Borah | Published: 01 Apr 2025 11:15 AM

ৰে’লৱেৰ সৈতে ব্যৱসায় কৰিব বিচাৰে নেকি? আচৰিত যেন লাগিলেও, সেয়া সম্ভৱ । দেখা যায় যে, বহুতে ব্যৱসায় কৰাৰ সপোন দেখে । কিন্তু মূলধনৰ অভাৱৰ বাবে সেই সপোন পূৰণ কৰাত ব্যৰ্থ হয় । গতিকে সেই আধৰুৱা সপোন এতিয়াৰ পৰা আপুনি ৰে’লৱেৰ জৰিয়তে পূৰণ কৰিব পাৰিব ।

ৰে’লৱেৰ ব্যৱসায়িক অংশীদাৰ হ’বলৈ কিমান খৰচ হয়? এক প্ৰতিবেদন অনুসৰি ৰে’লৱেৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰিবলৈ মাত্ৰ ৩,৯৯৯ টকাহে প্ৰয়োজন। মাত্ৰ এই সামান্য টকাৰে ৰে’লৱেৰ লগত হাত মিলাই যিকোনো ব্যক্তিয়ে নিজৰ সপোনৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে।

জনা যায় যে, আপুনি IRCTC ৰ সৈতে হাত মিলাই এই ব্যৱসায় আৰম্ভ কৰিব পাৰে । আটাইতকৈ আমোদজনক কথাটো হ’ল এই ব্যৱসায়ৰ বাবে দোকান বা অট্টালিকা ভাড়াত লোৱাৰ প্ৰয়োজন নাই। চাকৰি থাকিলেও ঘৰত বহি এই ব্যৱসায় কৰিব পাৰে।

এই ৩,৯৯৯ টকা বিনিয়োগ কৰিলে আপুনি হ’ব আই আৰ চি টি চিৰ টিকট এজেণ্ট। ঠিক যেনেকৈ কাউণ্টাৰত বহি কোনোবাই প্ৰতিজন যাত্ৰীক টিকট বিক্ৰী কৰে। একেদৰে নিজৰ ঘৰৰ পৰাই টিকট বিক্ৰীৰ ব্যৱসায় খুলিব পাৰিব। আৰু ইয়াৰ জৰিয়তে ভাল উপাৰ্জন কৰিব পাৰে।

যিমানেই বেছি টিকট বিক্ৰী কৰিব পাৰিব সিমানেই উপাৰ্জন হ’ব। অৱশ্যে প্ৰতিখন টিকটৰ বাবে IRCTC ক কিছু টকা দিব লাগিব । কোম্পানীৰ সূত্ৰ অনুসৰি, যদি আপুনি মাহে ১০০ টা টিকট বিক্ৰী কৰে, তেতিয়া আপুনি প্ৰতিটো টিকটত ১০ টকা IRCTC ক দিব লাগিব। যদি ১০০ তকৈ অধিক টিকট বিক্ৰী হয়। তেনে ক্ষেত্ৰত প্ৰতিটো টিকটত ৮ টকা দিব লাগিব। যদি এমাহত টিকটৰ সংখ্যা ৩০০ৰো অধিক হয়, তেন্তে ৫ টকাকৈ দিব লাগিব।

বিনিময়ত আপুনি কিছু অতিৰিক্ত সুবিধা আৰু কমিচন লাভ কৰিব। উদাহৰণস্বৰূপে IRCTC য়ে এজন এজেণ্টক ১৫ মিনিটত তৎকাল টিকট লাভ কৰিবলৈ বিশেষ সেৱা আগবঢ়ায়। যাৰ জৰিয়তে এই এজেণ্টসকলে সহজেই অতিৰিক্ত উপাৰ্জন কৰিব পাৰে।

জানিব পৰা মতে, নন-এচি টিকটৰ বাবে ২০ টকা কমিচন থাকিব। এচি টিকট বিক্ৰী কৰিলে ৪০ টকা কমিচন পাব। ইয়াৰ উপৰিও যিকোনো টিকটত ১ শতাংশ কমিছন থাকিব। গতিকে টিকট যিমানেই বেছি বিক্ৰী কৰিব সিমানেই উপাৰ্জন বৃদ্ধি পাব ।