কঁপিছে শ্বেয়াৰ বজাৰ, সৰ্বনিম্ন স্তৰত উপনীত হ’ল কেইবাটাও কোম্পানী !
আজি নিফটি ফিফটি প্ৰায় ১৭৮ পইণ্ট হ্ৰাস পাইছে । ছেনছেক্সৰ মূল্য প্ৰায় ৫৪৮ পইণ্ট হ্ৰাস পাইছে । আজি বজাৰখনৰ অৱস্থা ইমানেই ভয়াৱহ যে ৫টা কোম্পানীয়ে ল'য়াৰ চাৰ্কিট স্পৰ্শ কৰে ।

আজি ১০ ফেব্ৰুৱাৰী । এতিয়াও উত্থানৰ মুখ দেখা নাই শ্বেয়াৰ বজাৰে । আজি নিফটি ফিফটি প্ৰায় ১৭৮ পইণ্ট হ্ৰাস পাইছে । ছেনছেক্সৰ মূল্য প্ৰায় ৫৪৮ পইণ্ট হ্ৰাস পাইছে । আজি বজাৰখনৰ অৱস্থা ইমানেই ভয়াৱহ যে ৫টা কোম্পানীয়ে ল’য়াৰ চাৰ্কিট স্পৰ্শ কৰে । লগতে ৰে’লৱে ৰাইটছ, ডেলিভাৰী, টিউব ইনভেষ্টমেণ্টছ, ৱাৰ্লপুল অৱ ইণ্ডিয়া, ইজী মাই ট্ৰিপ, ফিনোলেক্স, ষ্টাৰ হেল্থৰ দৰে কোম্পানীয়ে আজি ৫২ সপ্তাহৰ নিম্নতম স্তৰত উপনীত হৈছে । কিন্তু এই অৱনতিৰ দিনটোতো কোটক মহিন্দ্ৰা বেংক, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ দৰে কোম্পানীয়ে ৫২ সপ্তাহৰ উচ্চতম স্তৰত উপনীত হৈছে ।
আজি বাঢ়িল কি কি:
একাধিক শ্বেয়াৰৰ মূল্য হ্ৰাস পোৱাৰ মাজতে আজি কৰ্ডছ কেবল ইণ্ডাষ্ট্ৰীজে উচ্চ চাৰ্কিটত স্পৰ্শ কৰে । ইয়াৰ উপৰিও আজি ধুনছেৰী ইনভেষ্টমেণ্টছ, হেক্সা ট্ৰেডেক্স, গাড়ৱাৰ হাই-টেক ফিল্মছ, আৰু ধুনছেৰী ভেঞ্চাৰছৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি পাইছে ।
আজি কমিল কি কি:
আজি ৫ টা কোম্পানীয়ে একেলগে ল’ৱাৰ চাৰ্কিটত খুন্দা মাৰে । আজি এন জি এল ফাইন কেমৰ শ্বেয়াৰৰ মূল্য ২০ শতাংশ হ্ৰাস পায় । কোৱাড্ৰেণ্ট ফিউচাৰ টেক, বানকো প্ৰডাক্টছ, তিলকনগৰ ইণ্ডাষ্ট্ৰীজ, এক্সেল ইণ্ডাষ্ট্ৰীজৰ দৰে কোম্পানীসমূহৰ শ্বেয়াৰৰ মূল্য ১৯.৯৯ শতাংশ হ্ৰাস পাইছে ।
বজাৰৰ খবৰ:
- ইণ্ডিয়ান টোনাৰে আজি লভ্যাংশ প্ৰদান কৰে । প্ৰতি শ্বেয়াৰত ৪ টকা ৫০ পইচা লভ্যাংশ দিয়ে কোম্পানীটোৱে ।
- এষ্টাৰ ডি এম হেল্থকেয়াৰে প্ৰতি শ্বেয়াৰত ৪ টকা লভ্যাংশ প্ৰদান কৰে।
- আজি কেইবাটাও কোম্পানীয়ে প্ৰকাশ কৰিছে ত্ৰিমাসিক ফলাফল । ইয়াৰ ভিতৰত আছে তিৰুপতি ফ’ৰ্জ, কোথাৰী পেট্ৰ’কেম, ফ’ৰ্চ মটৰছ, বাটা ইণ্ডিয়া, ক্ৰিচিল, কিৰ্লোস্কাৰ ইণ্ডাষ্ট্ৰীজ, গ্ৰাছিম ইণ্ডাষ্ট্ৰীজ, এস্কৰ্টছ, জি এছ কে ফাৰ্মা, আইচাৰ মটৰ্ছ, জিলেট ইণ্ডিয়া, এপ’ল’ হাস্পতাল, নিকো পাৰ্কছ, ছাৰেগামা ইণ্ডিয়া, নালকো, নাইকা, ইউৰেকা ফৰ্বছ ।
- ১০ ফেব্ৰুৱাৰীত বজাৰ বন্ধ হোৱাৰ সময়লৈকে পোৱা তথ্য এয়া ।
যদি আপুনি শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰে তেন্তে সেই শ্বেয়াৰসমূহৰ বিষয়ে সঠিক গৱেষণা আৰু বিশ্লেষণ কৰক । এই ভিডিঅ’টো কেৱল শিক্ষাৰ উদ্দেশ্যে। TV9 Assam-এ কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিশেষ টোকা: যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ক । তাৰ পিছত বিনিয়োগৰ সিদ্ধান্ত লওক।