নিম্নমুখী শ্বেয়াৰ বজাৰ; কোটাক মহিন্দ্ৰা বেংকৰ ফলাফল ভাল
কোটাক মহিন্দ্ৰা বেংকে যথেষ্ট প্ৰদৰ্শন কৰি আছে । বজাৰখন যেতিয়া নিম্নগামী হৈ আছিল, তেতিয়াও এই বেংকৰ শ্বেয়াৰ বৃদ্ধি পায় । কোটাক মহিন্দ্ৰা বেংকৰ শ্বেয়াৰ আজি ৫২ সপ্তাহৰ সৰ্বোচ্চ স্তৰত উপনীত হয় ।

শ্বেয়াৰ মাৰ্কেট
আজি পুনৰ নিম্নগামী ভাৰতৰ শ্বেয়াৰ বজাৰৰ সূচকাংক । নিফটি ফিফটি ১২ পইণ্ট হ্ৰাস পোৱাৰ বিপৰীতে বিএছই ছেনছেক্স ২৮ পইণ্ট হ্ৰাস পায় । অৱশ্যে আজি কেইবাটাও কোম্পানীৰ সূচকাংই যথেষ্ট ভাল প্ৰদৰ্শন কৰে । ইয়াৰ ভিতৰত নিফটি বেংক আৰু S&P BSE স্মল কেপৰ সূচকাংক অন্যতম । ৪৮২ পইণ্ট বৃদ্ধি পালে নিফটি বেংকৰ সূচকাংক । আনহাতে বি এছ ই স্মল কেপৰ সূচকাংক ১০৭১ পইণ্ট বৃদ্ধি পাইছে ।
কোটাক মহিন্দ্ৰা বেংকে যথেষ্ট প্ৰদৰ্শন কৰি আছে । বজাৰখন যেতিয়া নিম্নগামী হৈ আছিল, তেতিয়াও এই বেংকৰ শ্বেয়াৰ বৃদ্ধি পায় । কোটাক মহিন্দ্ৰা বেংকৰ শ্বেয়াৰ আজি ৫২ সপ্তাহৰ সৰ্বোচ্চ স্তৰত উপনীত হয় । ইয়াৰ সমান্তৰালকৈ আজি শ্ৰী চিমেণ্টেৰ শ্বেয়াৰো ৫২ সপ্তাহৰ উচ্চতম স্তৰত উপনীত হয় ।
ইফালে কিছুমান কোম্পানীয়ে আজি ৫২ সপ্তাহৰ নিম্নতম স্তৰত উপনীত হৈছে । ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল কিৰলোস্কাৰ ৱেল ইঞ্জিন, পিভিআৰ ইনক্স, ষ্টাৰ হেল্থ, কাজাৰিয়া চিৰামিক আৰু চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া ।
আজি কি কি বাঢ়িল:
তাজ জিভিকে হোটেল এণ্ড ৰিজৰ্ট আৰু নিতৰাজ ইঞ্জিনিয়াৰৰ শ্বেয়াৰৰ মূল্যই আজি উচ্চ চাৰ্কিট স্পৰ্শ কৰে । ইয়াৰ উপৰিও আজি এক্স টি গ্ল’বেল ইনফ’টেক, হিল্টন মেটেল ফৰ্জিং আৰু লেংকৰ হোল্ডিংছৰ শ্বেয়াৰৰ মূল্যও বৃদ্ধি পাইছে ।
আজি কি কি কমিল:
আজি পুনৰ হ্ৰাস পায় চুৰাটৱালা বিজনেছ গ্ৰুপৰ শ্বেয়াৰৰ মূল্য । কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ১০ শতাংশ হ্ৰাস পাইছে । ইয়াৰ উপৰিও টাচউড এণ্টাৰটেইনমেণ্টৰ শ্বেয়াৰৰ মূল্যই আজি নিম্ন চাৰ্কিট স্পৰ্শ কৰে । আজি ৰেৱতী ইকুইপমেণ্ট, মহাৰাষ্ট্ৰ এপেক্স কৰ্পৰেশ্যন আৰু আইৰিছ ক্লথিঙৰ শ্বেয়াৰৰ মূল্যও হ্ৰাস পাইছে ।
বজাৰৰ খবৰ:
* আজি কেইবাটাও কোম্পানীয়ে প্ৰকাশ কৰিছে ত্ৰিমাসিক ফলাফল । ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল গণেশ ইনফ্ৰা ৱৰ্ল্ড, হেৰিগ ক্ৰেংকশ্যাফ্টছ আৰু এচিই মেইন ইঞ্জিনিয়াৰিং ৱৰ্কছ অন্যতম ।
* পি এণ্ড জি আৰু আই আৰ চি টি চিয়ে কাইলৈ লভ্যাংশ দিব ।
* কাইলৈ মহিন্দ্ৰা চি আই ই অটোমোটিভৰ ত্ৰিমাসিক ফলাফল প্ৰকাশ পাব ।
*১৯ ফেব্ৰুৱাৰীত বজাৰ বন্ধ হোৱাৰ সময়লৈকে পোৱা বজাৰৰ তথ্য
যদি আপুনি শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰে তেতিয়া সেই শ্বেয়াৰসমূহৰ বিষয়ে সঠিক গৱেষণা আৰু বিশ্লেষণ কৰিহে আগবঢ়া উচিত । এই ভিডিঅ’টো কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9 অসম-এ কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিশেষ টোকা: যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ক । তাৰ পিছত বিনিয়োগৰ সিদ্ধান্ত লওক ।