শ্বেয়াৰ বজাৰৰ দুদৰ্শা! পুনৰ হ্ৰাস পালে নিফ্টি, ছেনছেক্স…
দিনটোৰ শেষত কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ১৭.৩০ শতাংশ বৃদ্ধি পায় । পুনে মেট্ৰ’ লাইন ৩ৰ ২৩ টা ষ্টেচনৰ বাবে স্বয়ংক্ৰিয় টিকট সংগ্ৰহ ব্যৱস্থা বিকশিত আৰু স্থাপনৰ চুক্তি লাভ কৰাৰ পিছত আই টি কোম্পানী ডাটামেটিক্সৰ শ্বেয়াৰ প্ৰায় ৯ শতাংশ বৃদ্ধি পাইছে । আনহাতে, বিশাল মেগামাৰ্ট আৰু গোড্ৰেজ প্ৰপাৰ্টিজ লিমিটেডৰ শ্বেয়াৰৰ মূল্য আজি হ্ৰাস পাইছে ।
আজি ৫ ফেব্ৰুৱাৰী । ৰাতিপুৱাৰ পৰা নিফ্টি ফিফ্টি ৪২ পইণ্ট হ্ৰাস পাই ২৩,৬৯৬ পইণ্টত ৰয় । একেদৰে ছেনছেক্স ৩১২ পইণ্ট হ্ৰাস পাই ৭৮,২৭১ পইণ্টত উপনীত হয় । অৱশ্যে আজি কিছু পৰিমাণে বৃদ্ধি পালে নিফ্টি বেংক আৰু নিফ্টি আই টিৰ সূচকাংক । বিএছই এছ এণ্ড পি স্মলকেপ ইনডেক্স প্ৰায় ৭০৬ পইণ্ট বৃদ্ধি পাইছে । আজি উচ্চ চাৰ্কিটত উপস্থিত হয় এমটিএনএল ।
দিনটোৰ শেষত কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ১৭.৩০ শতাংশ বৃদ্ধি পায় । পুনে মেট্ৰ’ লাইন ৩ৰ ২৩ টা ষ্টেচনৰ বাবে স্বয়ংক্ৰিয় টিকট সংগ্ৰহ ব্যৱস্থা বিকশিত আৰু স্থাপনৰ চুক্তি লাভ কৰাৰ পিছত আই টি কোম্পানী ডাটামেটিক্সৰ শ্বেয়াৰ প্ৰায় ৯ শতাংশ বৃদ্ধি পাইছে । আনহাতে, বিশাল মেগামাৰ্ট আৰু গোড্ৰেজ প্ৰপাৰ্টিজ লিমিটেডৰ শ্বেয়াৰৰ মূল্য আজি হ্ৰাস পাইছে ।
আজি কি কি বৃদ্ধি পালে:
আজি ভেনাছ ৰিমেডিজৰ শ্বেয়াৰৰ মূল্য সৰ্বাধিক ২০ শতাংশ বৃদ্ধি পায় । ইয়াৰ উপৰিও কানপুৰ প্লাষ্টিপেক আৰু ইক’ছ মবিলিটি এণ্ড হস্পিটেলিটিৰ শ্বেয়াৰৰ মূল্যও ২০ শতাংশ বৃদ্ধি পাইছে । ইয়াৰ উপৰিও এমটিএনএল আৰু চেণ্ট্ৰম কেপিটেলৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি পাইছে ।
আজি হ্ৰাস পালে কি কি:
আজি আৰ্টেমিছ মেডিকেয়াৰ, চিম্ফনী লিমিটেড, ষ্টাৰ্লিং টুলছ, জিপিটি ইনফ্ৰাপ্ৰজেক্টছ আৰু চিৰমা এছজিএছ টেকন’লজিৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পায় ।
বজাৰৰ খবৰ:
* আজি লভ্যাংশ প্ৰদান কৰিলে শ্ৰী চিমেণ্টে । প্ৰতি শ্বেয়াৰত ৫০ টকাকৈ লভ্যাংশ দিয়ে ।
* ক’ৰ’মণ্ডল ইণ্টাৰনেশ্যনেলে প্ৰতি শ্বেয়াৰত ৬ টকা লভ্যাংশ প্ৰদান কৰে ।
* ডাঃ লাল পাঠ লেবে প্ৰতি শ্বেয়াৰত ৬ টকা লভ্যাংশ দিয়ে ।
* আজি কেইবাটাও কোম্পানীয়ে প্ৰকাশ কৰিছে ত্ৰিমাসিক ফলাফল । ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল জিভিপি ইনফ’টেক, কানছাই নেৰ’লেক, মানালী পেট্ৰ’কেম, এবট ইণ্ডিয়া, কামিন্স ইণ্ডিয়া, নৱনীত এডুকেচন, নীলকমল, এভাৰিডি, জাইডাছ, আৰু ছুইগী ।
*৫ ফেব্ৰুৱাৰীত বজাৰ বন্ধ হোৱাৰ সময়লৈকে তথ্য অনুসৰি
যদি আপুনি শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰে তেন্তে সেই শ্বেয়াৰসমূহৰ বিষয়ে সঠিক গৱেষণা আৰু বিশ্লেষণ কৰক । এই ভিডিঅ’টো কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9 Assam-এ কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিশেষ টোকা: যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ক । তাৰ পিছত বিনিয়োগৰ সিদ্ধান্ত লওক ।