শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Sukanya Samriddhi Yojana ৰ ১০ বছৰ সম্পূৰ্ণ, জানক এই আঁচনিৰ কেইটামান গুৰুত্বপূৰ্ণ কথা

সুকন্যা সমৃদ্ধি যোজনা আৰম্ভ হোৱাৰ ১০ বছৰ সম্পূৰ্ণ হ’ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনৰ ২২ জানুৱাৰীত প্ৰথম কাৰ্যকালতে এই আঁচনি আৰম্ভ কৰিছিল। এই আঁচনিৰ লগত জড়িত কিছুমান বিশেষ কথা জানো আহক।

Sukanya Samriddhi Yojana ৰ ১০ বছৰ সম্পূৰ্ণ, জানক এই আঁচনিৰ কেইটামান গুৰুত্বপূৰ্ণ কথা
Sukanya Samriddhi Yojana ৰ ১০ বছৰ সম্পূৰ্ণImage Credit source: Social media Image
barasha-misra
Barasha Misra | Published: 23 Jan 2025 11:22 AM

সুকন্যা সমৃদ্ধি যোজনাই ১০ বছৰ সম্পূৰ্ণ কৰিলে। এই আঁচনিখনেই হৈছে সৰ্বাধিক সুত প্ৰদান কৰা ক্ষুদ্ৰ সঞ্চয় আঁচনি। এই আঁচনিত ছোৱালী সন্তানৰ পিতৃ-মাতৃক লক্ষ্য কৰা হৈছে। ভৱিষ্যতে ছোৱালী সন্তানটিৰ শিক্ষা আৰু বিবাহৰ খৰছৰ বাবে এক পুঁজি নিৰ্মাণ কৰাই এই যোজনাৰ উদ্দেশ্য।

২০১৫ চনৰ ২২ জানুৱাৰীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেটি বচাও, বেটি পঢ়াওৰ প্ৰচাৰ-অভিযানৰ অংশ হিচাপে এই যোজনাৰ সূত্ৰপাত কৰে। এই যোজনাত বৰ্তমান ৮.৪% সুতৰ হাৰ (২০১৯ চনৰ জুলাই-ছেপ্টেম্বৰ) আৰু কৰ লাভৰ সুবিধা আছে। যিকোনো ভাৰতীয় ডাকঘৰ বা অনুমোদিত বেংকৰ শাখাত এই একাউণ্ট মুকলি কৰিব পাৰি।

২০১৬ চনৰ সুকন্যা সমৃদ্ধি একাউণ্ট নিয়মসমূহ ১২.১২.২০১৯-ত বাতিল কৰি নতুন “সুকন্যা সমৃদ্ধি একাউণ্ট যোজনা, ২০১৯” আৰম্ভ কৰা হৈছে।

এই আঁচনৰ আৰম্ভণি

২০১৫ চনৰ ২২ জানুৱাৰীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ পানিপটত এই যোজনাৰ ঘোষণা কৰে। যিকোনো ভাৰতীয় ডাকঘৰ বা অনুমোদিত বেংকৰ শাখাত এই একাউণ্ট মুকলি কৰিব পাৰি। আৰম্ভণিতে সুতৰ হাৰ ৯.১% আছিল কিন্তু পাছত ২০১৫-১৬ অৰ্থনৈতিক বৰ্ষৰ বাবে ২০১৫ চনৰ মাৰ্চত ৯.২% কৰা হৈছিল। পাছত ২০১৬-১৭ অৰ্থনৈতিক বৰ্ষৰ বাবে এই হাৰ ৮.৬% ধাৰ্য কৰা হয়।

ছোৱালী সন্তান জন্ম হোৱাৰে পৰা ১০ বছৰ বয়স হোৱালৈকে মাক-দেউতাকে এই একাউণ্ট খুলিব পাৰে। এটা সন্তানৰ বাবে এটা একাউণ্টহে খুলিব পাৰি। সৰ্বোচ্চ দুটা সন্তানৰ প্ৰতিটোৰে বাবে এটাকৈ মুঠ দুটা একাউণ্ট খুলিব পাৰি (যমজ বা একেলগে ওপজা তিনি সন্তান ব্যতিক্ৰম)। ভাৰতৰ যিকোনো ঠাইলৈ এই একাউণ্ট স্থানান্তৰ কৰিব পাৰি।

আৰম্ভণিতে নূন্যতম ২৫০ টকা একাউণ্টত জমা দিব লাগে। ইয়াৰ পাছত ১০০ টকাৰ গুণক যিকোনো পৰিমাণ জমা কৰিব পাৰি। কিন্তু এবছৰত জমা দিব পৰা সৰ্বোচ্চ টকাৰ পৰিমাণ ১,৫০,০০০ টকা। এবছৰত নূন্যতম ২৫০ টকা জমা নকৰিলে ৫০ টকা জৰিমনা কৰ্তন কৰা হয়।

ছোৱালীজনীৰ ১০ বছৰ হোৱাৰ পাছত তাই এই একাউণ্ট চোৱা-চিতা কৰিব পাৰে। ১৮ বছৰ হওঁতে উচ্চ শিক্ষাৰ বাবে একাউণ্টৰ ৫০% উলিয়াব পাৰি। একাউণ্ট খোলাৰ পৰা ২১ বছৰ হ’লে একাউণ্ট সম্পূৰ্ণ হয়। একাউণ্ট খোলাৰ পৰা ১৫ বছৰলৈকে ইয়াত ধন জমা কৰিব পাৰি। ইয়াৰ পাছত একাউণ্টত কেৱল সুতৰ পৰিমাণ জমা হ’ব। নিৰ্দিষ্ট সময়ৰ পাছত একাউণ্ট বন্ধ নকৰিলে সুত লাভ নহ’ব। ছোৱালীজনীৰ ১৮ বছৰ হ’লে আৰু বিয়া হ’লে একাউণ্ট বন্ধ কৰিব পাৰি।

এই আঁচনিৰ কেইটামান গুৰুত্বপূৰ্ণ কথা

  • একাউণ্ট খোলাৰ দিনৰ পৰা ২১ বছৰ হ’লে ই সম্পূৰ্ণ হয় আৰু ধনৰাশি উলিয়াব পাৰি। কোনো ক্ষেত্ৰত আগতেই একাউণ্ট বন্ধ অনুমোদন কৰে।
  •  ইয়াৰ বাবে নিৰ্দিষ্ট মহিলাগৰাকীয়ে নিজৰ ১৮ বছৰ হৈছে বুলি প্ৰমাণপত্ৰ দেখুৱাই বিবাহৰ বাবে একাউণ্ট বন্ধৰ আবেদন কৰিব পাৰে।
  • বিবাহৰ দিনৰ এমাহৰ আগতে বা তিনিমাহৰ পাছত একাউণ্ট বন্ধৰ অনুমতি দিয়া নহয়। সম্পূৰ্ণ হ’লে একাউণ্টত জমা টকা সুতৰ সৈতে একাউণ্টৰ গৰাকীক প্ৰদান কৰা হয়।
  •  ইয়ৰ বাবে নিজৰ পৰিচয়, বাসস্থান আৰু নাগৰিকত্বৰ প্ৰমাণ জমা কৰিব লাগে।
  • মুকলি কৰাৰ ২১ বছৰ হোৱাৰ পাছত জমা টকাত কোনো সুত দিয়া নহয়।
  • ভাৰতৰ ভিতৰত যিকোনো স্থানলৈ বা ডাকঘৰৰ পৰা বেংকলৈ আৰু বেংকৰ পৰা ডাকঘৰলৈ এই একাউণ্ট স্থানান্তৰ কৰিব পাৰি।
  • নিৰ্দিষ্ট বেংক বা ডাকঘৰৰ CBS সুবিধা থাকিলে একাউণ্ট স্থানান্তৰ বৈদ্যুতীনভাৱে কৰা হয়।