Tata Consultancy Services : কিয় জ্যেষ্ঠ কৰ্মচাৰীৰ QVA কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে টিচিএছে…?
একাংশ জ্যেষ্ঠ কৰ্মচাৰীৰ পৰিৱৰ্তনশীল বানচ কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে টিচিএছে। মানিকণ্ট্ৰলৰ এক প্ৰতিবেদন অনুসৰি কনিষ্ঠ পৰ্যায়ৰ কৰ্মচাৰীসকলক তেওঁলোকৰ সম্পূৰ্ণ ত্ৰিমাসিক পৰিবৰ্তনশীল বানচ (Quarterly Variable Allowance) দিয়া হৈছে যদিও জ্যেষ্ঠ পদৰ একাংশ কৰ্মচাৰীৰ বানচৰ ২০-৪০ শতাংশ কৰ্তন কৰা হৈছে।
টাটা কনচাল্টেন্সি চাৰ্ভিচেছে জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত একাংশ জ্যেষ্ঠ কৰ্মচাৰীৰ পৰিৱৰ্তনশীল বানচ কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দীপাৱলীত দিয়া বানচৰ মাজতে কোম্পানীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। মানিকণ্ট্ৰলৰ এক প্ৰতিবেদন অনুসৰি কনিষ্ঠ পৰ্যায়ৰ কৰ্মচাৰীসকলক তেওঁলোকৰ সম্পূৰ্ণ ত্ৰিমাসিক পৰিবৰ্তনশীল বানচ (Quarterly Variable Allowance) দিয়া হৈছে যদিও জ্যেষ্ঠ পদৰ একাংশ কৰ্মচাৰীৰ বানচৰ ২০-৪০ শতাংশ কৰ্তন কৰা হৈছে। একাংশ জ্যেষ্ঠ কৰ্মচাৰীয়ে ত্ৰিমাসিক বানচৰ কোনো অংশ লাভ কৰা নাছিল। যোৱা তিনিমাহত ৭০ শতাংশ ভেৰিয়েবল পেমেণ্টৰ পিছত এই হ্ৰাস কৰা হৈছে।
টাটা কনচাল্টেন্সি চাৰ্ভিচেছৰ(TCS) এগৰাকী মুখপাত্ৰই স্পষ্ট কৰি দিয়ে যে, ২৫ বিত্তীয় বৰ্ষৰ বাবে সকলো কনিষ্ঠ শ্ৰেণীৰ কৰ্মচাৰীক ১০০ শতাংশ ত্ৰিমাসিক পৰিবৰ্তনশীল বানচ দিয়া হৈছে, আনহাতে অন্যান্য গ্ৰেডৰ কৰ্মচাৰীৰ ত্ৰিমাসিক পৰিবৰ্তনশীল বানচ তেওঁলোকৰ কৰ্ম অগ্ৰগতি ওপৰত ভিত্তি কৰি দিয়া হৈছে। টিচিএছৰ নতুন পৰিৱৰ্তনশীল বানচ নীতিৰ অধীনত কৰ্মচাৰীসকলে কাৰ্যালয়ত উপস্থিত থাকিব লাগিব। ইয়াত চাৰিটা প্ৰেজেন্স স্লেব প্ৰৱৰ্তন কৰা হৈছে। ত্ৰৈমাসিকৰ ৬০ শতাংশতকৈ কম সময়ৰ বাবে কাৰ্যালয়লৈ অহা কৰ্মচাৰীয়ে কোনো বানচ নাপাব।
৬০-৭৫ শতাংশ উপস্থিত থকা কৰ্মচাৰীয়ে পৰিৱৰ্তনশীল বানচৰ ৫০ শতাংশ লাভ কৰিব, আনহাতে ৭৫-৮৫ শতাংশ উপস্থিত থকা কৰ্মচাৰীয়ে ৭৫ শতাংশ বানচ লাভ কৰিব। ৮৫ শতাংশতকৈ অধিক উপস্থিতি থকা কৰ্মচাৰীয়েহে সম্পূৰ্ণ পৰিৱৰ্তনশীল বানচৰ বাবে যোগ্য হ’ব।
কোম্পানীটোৱে জনোৱা মতে, জুলাই মাহৰ আৰম্ভণিলৈকে তেওঁলোকৰ ৭০ শতাংশ কৰ্মচাৰী পুনৰ কাৰ্যালয়লৈ আহিছিল আৰু এই সংখ্যা প্ৰতি সপ্তাহত বৃদ্ধি পাইছে। কাৰ্যালয়ৰ উপস্থিতিক দৰমহাৰ সৈতে সংযোগ কৰাৰ এই নীতি কোম্পানীটোৰ ভিতৰত কাৰ্যালয় কৰ্ম সংস্কৃতিক উৎসাহিত কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰা হৈছে বুলি উল্লেখ কৰিছে কোম্পানীটোৱে।
উল্লেখ্য যে, কাৰ্যালয়ত কৰ্মচাৰীৰ উপস্থিতি বৃদ্ধিৰ বাবে টাটা কনচাল্টেন্সি চাৰ্ভিচেছে এই পদক্ষেপ গ্ৰহণ কৰিছে । কোম্পানীটোৱে বিশ্বাস কৰে যে, এই নীতিয়ে কোম্পানীটোৰ কৰ্মচাৰীক কাৰ্যালয়ত উপস্থিত থাকিবলৈ অনুপ্ৰাণিত কৰিব ।