ৰাজ্যত ৩০ হাজাৰ চাকৰিৰ সৃষ্টিৰে বৃহৎ বিনিয়োগৰ দিশে আগবাঢ়িছে টাটা গ্ৰুপ ! কি ক’লে অধ্যক্ষ এন চন্দ্ৰশেখৰনে ?

ইলেক্ট্ৰনিকছ উৎপাদন আৰু সেউজ শক্তি খণ্ড এই দুয়োটা দিশতে ৰাজ্য চৰকাৰক সহযোগিতা আগবঢ়োৱাৰ কথা সদৰী কৰিছে টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনে । আজিৰ পৰা আৰম্ভ হোৱা এডভান্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি অসমৰ বিনিয়োগৰ সম্ভাৱনাক আলোকপাত কৰে টাটা গ্ৰুপৰ অধ্যক্ষগৰাকীয়ে ।

ৰাজ্যত ৩০ হাজাৰ চাকৰিৰ সৃষ্টিৰে বৃহৎ বিনিয়োগৰ দিশে আগবাঢ়িছে টাটা গ্ৰুপ ! কি কলে অধ্যক্ষ এন চন্দ্ৰশেখৰনে ?

টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰন

Published: 

25 Feb 2025 14:11 PM

ৰাজ্যখনত বৃহৎ ইলেক্ট্ৰনিকছ উৎপাদন আৰু সেউজ শক্তি খণ্ডত বিনিয়োগ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে টাটা গ্ৰুপে । এই দুয়োটা দিশতে ৰাজ্য চৰকাৰক সহযোগিতা আগবঢ়োৱাৰ কথা সদৰী কৰিছে টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনে । আজিৰ পৰা আৰম্ভ হোৱা এডভান্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি অসমৰ বিনিয়োগৰ সম্ভাৱনাক আলোকপাত কৰে টাটা গ্ৰুপৰ অধ্যক্ষগৰাকীয়ে ।

তেওঁ কয় যে,আগন্তুক কেইবছৰমানৰ ভিতৰত অসমত এটা বৃহৎ ইলেক্ট্ৰনিকছ উৎপাদন ইউনিটত বিনিয়োগ কৰিব আৰু সেউজ শক্তি খণ্ডত ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতা কৰিব টাটা গ্ৰুপে। এডভান্টেজ আছাম ব্যৱসায়িক সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি এন চন্দ্ৰশেখৰনে কয় যে, টাটা গোটৰ অসমৰ সৈতে দীৰ্ঘদিনীয়া আৰু উল্লেখযোগ্য সম্পৰ্ক আছে।

জাগীৰোডত আহিবলগীয়া ২৭ হাজাৰ কোটি টকাৰ অৰ্ধপৰিবাহী ইউনিটক ৰাজ্যখনত টাটা গ্ৰুপৰ এতিয়ালৈকে আটাইতকৈ উল্লেখযোগ্য বিনিয়োগ বুলি আলোকপাত কৰে চন্দ্ৰশেখৰনে। তেওঁ লগতে কয় যে, ৰাজ্যখনৰ প্ৰতি টাটা গ্ৰুপৰ দায়বদ্ধতাক আগুৱাই লৈ গৈ অতি সোনকালে আন এটা বৃহৎ ইলেক্ট্ৰনিকছ উৎপাদন ইউনিটত বিনিয়োগ কৰিব বুলি আশ্বাস দিছে ।

ইয়াৰ সমান্তৰালভাৱে সৌৰ আৰু অন্যান্য নবীকৰণযোগ্য শক্তি উৎপাদনত বিনিয়োগৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি ৰাজ্য চৰকাৰৰ সৈতে সেউজ শক্তি খণ্ডতো টাটা গ্ৰুপে অংশীদাৰিত্ব কৰিব বুলি কয় এন চন্দ্ৰশেখৰনে । তদুপৰি মোবাইল ফোন প্ৰযুক্তিৰ সুবিধাত বিনিয়োগ কৰি ৰাজ্যত ৩০ হাজাৰ চাকৰিৰ সৃষ্টিৰ পৰিকল্পনাৰ কথা ঘোষণা কৰে টাটা গ্ৰুপৰ অধ্যক্ষগৰাকীয়ে।

ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ আঁৰৰ ৰহস্য জানেনে?
এডভান্টেজ আছাম ২.০ : আম্বানী-আদানীয়ে কৰিব ৫০ হাজাৰকৈ বিনিয়োগ
আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..
লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক