শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Tesla Car in India: এপ্ৰিলৰ পৰা ভাৰতৰ ৰাজপথত চলিব টেছলা গাড়ী, জানক কিমান হ’ব মূল্য

Tesla Manufacturing Unit in India: অৱশেষত ভাৰতলৈ আহি আছে ইলন মাস্কৰ গাড়ী নিৰ্মাণ কোম্পানীৰ বাহন টেছলা। চৰকাৰী সূত্ৰ অনুসৰি, টেছলাই ভাৰতত উদ্যোগ গঢ়িবলৈ গৈ আছে। অহা এপ্ৰিল মাহত টেছলাৰ কাৰ্যবাহীসকলে ভাৰতলৈ আহি চৰকাৰৰ সৈতে গাড়ী নিৰ্মাণৰ বিষয়ে আলোচনা কৰিব পাৰে।

Tesla Car in India: এপ্ৰিলৰ পৰা ভাৰতৰ ৰাজপথত চলিব টেছলা গাড়ী, জানক কিমান হ’ব মূল্য
ভাৰতলৈ আহি আছে টেছলা!
barasha-misra
Barasha Misra | Published: 19 Feb 2025 16:06 PM

ভাৰতলৈ আহি আছে টেছলা! এতিয়া ইলন মাস্কৰ সম্পূৰ্ণ অটোমেটিক গাড়ীখন ভাৰতৰ ৰাজপথত চলিব। এই বাহনখনত যাত্ৰীসকলে ষ্টিয়াৰিংও ধৰিব নালাগে, গাড়ীখন নিজে নিজে চলিব। ইয়াৰোপৰি টেছলা বাহনখন কিনিবলৈ কোটি কোটি টকা আপুনি খৰচো কৰিব নালাগে।

জানিব পৰা মতে, টেছলাৰ ইলেক্ট্ৰিক গাড়ী এতিয়া ভাৰতত শীঘ্ৰে উপলব্ধ হ’ব। অহা এপ্ৰিলৰ পৰা ভাৰতত উপলব্ধ হ’ব পাৰে টেছলা গাড়ীখন। প্ৰাৰম্ভিক পৰ্যায়ত বহু টেছলা গাড়ী অনাৰ পৰিকল্পনা কৰা হৈছে। টেছলাৰ সম্ভাৱ্য মূল্য হ’ব পাৰে ২১ লাখ টকা।

চৰকাৰী সূত্ৰ অনুসৰি টেছলাই ভাৰতত এটা উদ্যোগ গঢ়িবলৈ গৈ আছে। অহা এপ্ৰিল মাহত টেছলাৰ কাৰ্যবাহীসকলে ভাৰতলৈ আহি চৰকাৰৰ সৈতে গাড়ী নিৰ্মাণৰ বিষয়ে আলোচনা কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগতে বিভিন্ন মন্ত্ৰালয়ৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হ’ব। এই বৈঠকত টেছলাৰ ভাৰতত বিনিয়োগৰ পৰিকল্পনা, কাৰখানাটোৰ সম্ভাৱ্য স্থান, ভাৰতত বৈদ্যুতিক বাহন নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰৰ নীতি সন্দৰ্ভত আলোচনা কৰা হ’ব।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল। তাত তেওঁ টেছলাৰ মুৰব্বী ইলন মাস্কৰ সৈতেও কথা পাতিছিল। তাৰ পিছত টেছলা ভাৰতলৈ আহিব বুলি খবৰ আহে।

সূত্ৰ অনুসৰি, যদি টেছলাই ভাৰতত গাড়ী নিৰ্মাণ কাৰখানা স্থাপন কৰে তেন্তে প্ৰথম পৰ্যায়ত ৩ৰ পৰা ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব পাৰে। মহাৰাষ্ট্ৰ বা গুজৰাটত টেছলাৰ কাৰখানা নিৰ্মাণ হ’ব পাৰে।

প্ৰসংগক্ৰমে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ বৈদ্যুতিক বাহনৰ বাবে নতুন নীতি প্ৰৱৰ্তন কৰিছে, য’ত ভাৰতত উৎপাদন ইউনিট নিৰ্মাণ কৰিলে আমদানি শুল্কৰ ৰেহাই পোৱা যাব। যদি কোনো ইভি কোম্পানীয়ে ৫০ কোটি ডলাৰ বিনিয়োগ কৰে, তেন্তে মাত্ৰ ১৫ শতাংশ শুল্কত বছৰি ৮ হাজাৰ ইলেক্ট্ৰিক গাড়ী আমদানি কৰিব পাৰিব। কিন্তু ৩ বছৰৰ ভিতৰত কমেও ৫০ শতাংশ বিনিয়োগ কৰিব লাগিব আৰু ৫ বছৰৰ ভিতৰত উৎপাদন আৰম্ভ কৰিব লাগিব। এই নীতিৰ অধীনত টেছলাই ভাৰততো গাড়ী উৎপাদন আৰম্ভ কৰিব পাৰে।