শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীৰ ৪৮.৫ লাখ কোটি টকা লোকচান, প্ৰভাৱ পৰিছে মিউচুৱেল ফাণ্ডত

যোৱা ৭টা ব্যৱসায়িক দিনত শ্বেয়াৰ বজাৰত হোৱা পতনৰ পাছত  ১৯ নৱেম্বৰ মঙলবাৰে শ্বেয়াৰ বজাৰত কিছু উত্থান দেখা গৈছিল।  য’ত ছেনছেক্সৰ মূল্য ২৩৯.৩৮ পইণ্ট বৃদ্ধিৰে ৭৭,৫৭৮.৩৮ত বন্ধ হৈছিল। আনহাতে নিফটি ৬৪.৭০ বৃদ্ধিৰ পিছত ২৩,৫১৮.৫০ত বন্ধ হয়।

শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীৰ ৪৮.৫ লাখ কোটি টকা লোকচান, প্ৰভাৱ পৰিছে মিউচুৱেল ফাণ্ডত

শ্বেয়াৰ মাৰ্কেট

Published: 

20 Nov 2024 11:09 AM

যোৱা ডেৰ মাহ শ্বেয়াৰ মাৰ্কেটে বিশেষ ভাল ফল দেখুওৱা নাই। ১৯ নৱেম্বৰত ছেনছেক্স সৰ্বকালৰ সৰ্বোচ্চ ৮৫,৯২২ পইণ্টৰ পৰা ৭৭,৫৭৮.৩৮ পইণ্টলৈ হ্ৰাস পাইছে। আনহাতে নিফটি ১৯ অক্টোবৰত সৰ্বকালৰ সৰ্বোচ্চ ২৬,১৬৬ পইণ্টৰ পৰা ২৩,৫১৮.৫০ পইণ্টলৈ হ্ৰাস পাইছে। উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ডেৰ মাহত প্ৰায় প্ৰতিদিনে শ্বেয়াৰ বজাৰত অৱনতি ঘটিছে। টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি অনুসৰি এই সময়ত বিনিয়োগকাৰীসকলে প্ৰায় ৪৮.৫ লাখ কোটি টকা লোকচানৰ সন্মুখীন হৈছে। শ্বেয়াৰ মাৰ্কেটত হোৱা অৱনতিৰ এই প্ৰভাৱ মিউচুৱেল ফাণ্ডৰ ওপৰতো দেখা গৈছে। যোৱা ডেৰ মাহত মিউচুৱেল ফাণ্ডৰ কোনো খণ্ড ০.৮২%ৰ পৰা ১২.৪২%লৈকে হ্ৰাস পোৱা নাই ।

এনাৰ্জি আৰু পাৱাৰ চেক্টৰৰ পুঁজি আৰু পিএছইউৰ পুঁজিৰ ঋণাত্মক ৰিটাৰ্ণ ৮.৫০ৰ পৰা ৮.৪৯ শতাংশ। একে সময়তে আন্তঃগাঁথনি পুঁজিয়ে ৮.২৯ শতাংশ ঋণাত্মক ৰিটাৰ্ণ দিছে। মিডকেপ ফাণ্ড আৰু লাৰ্জ এণ্ড মিডকেম্প ফাণ্ডে এই সময়ত ৭.৭৩% আৰু ৭.১৪% ঋণাত্মক ৰিটাৰ্ণ দিছে। স্মল কেপ ফাণ্ডে ৭.০৭% ঋণাত্মক ৰিটাৰ্ণ দিয়াৰ লগতে তাৰ পিছত মাল্টি কেপ ফাণ্ডে যোৱা এমাহত ৭% ঋণাত্মক ৰিটাৰ্ণ দিছে।

অটো আৰু টেকনলজি ফাণ্ডত লোকচান

শ্বেয়াৰ বজাৰৰ পতনৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে অটো খণ্ডটোৱে। অটো খণ্ডৰ পুঁজিয়ে যোৱা এমাহত ১২.৪২ শতাংশ ঋণাত্মক ৰিটাৰ্ণ লাভ কৰিছে। দ্বিতীয় স্থানত কনজিউমচন ফাণ্ডে যোৱা এমাহত ৯.১৮ শতাংশ ঋণাত্মক ৰিটাৰ্ণ লাভ কৰিছে। যদি আমি টেক ছেক্টৰৰ ফাণ্ডৰ কথা কওঁ, তেন্তে ইয়াত মাত্ৰ ৩.৪৫ শতাংশ ঋণাত্মক ৰিটাৰ্ণহে দেখা গৈছে।

যোৱা ৭টা ব্যৱসায়িক দিনত শ্বেয়াৰ বজাৰত হোৱা পতনৰ পাছত  ১৯ নৱেম্বৰ মঙলবাৰে শ্বেয়াৰ বজাৰত কিছু উত্থান দেখা গৈছিল।  য’ত ছেনছেক্সৰ মূল্য ২৩৯.৩৮ পইণ্ট বৃদ্ধিৰে ৭৭,৫৭৮.৩৮ত বন্ধ হৈছিল। আনহাতে নিফটি ৬৪.৭০ বৃদ্ধিৰ পিছত ২৩,৫১৮.৫০ত বন্ধ হয়।

হাতৰ কোনটো আঙুলিত আৰু কিয় কাছৰ আঙুঠি পিন্ধিব নালাগে
কি সমস্যা থাকিলে খাব নালাগে গাখীৰ? জানক সবিশেষ...
ঠাণ্ডা দিনত কমলা খাব লাগে নে নাই? কি কয় বিশেষজ্ঞই...
ভুলতো ঘৰত নাৰাখিব এইসমূহ দেৱ-দেৱীৰ মূৰ্তি বা প্ৰতিমা...