মহিলাসকলক আত্মনিৰ্ভৰ কৰাৰ চেষ্টা চৰকাৰৰ, অসম চৰকাৰৰ এই ৫খন আঁচনি কেৱল মহিলাৰ বাবে

পৰিৱেশ পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাবলৈ সক্ষম হৈছে মহিলাসকল। প্ৰায়ে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে মহিলাৰ হিতৰ বাবে বহু আঁচনি হাতত লৈছে। আজি মহিলাৰ বাবে চৰকাৰে মুকলি কৰা ৫ খন বিশেষ আঁচনিৰ বিষয়ে জানো আহক....

মহিলাসকলক আত্মনিৰ্ভৰ কৰাৰ চেষ্টা চৰকাৰৰ, অসম চৰকাৰৰ এই ৫খন আঁচনি কেৱল মহিলাৰ বাবে

অসম চৰকাৰৰ এই ৫টা আঁচনি কেৱল মহিলাৰ বাবে

Updated On: 

25 Nov 2024 14:53 PM

ভাৰত চৰকাৰৰ লক্ষ্য হৈছে মহিলা সকলৰ সামগ্ৰীক উন্নয়ন সাধনকাৰী প্ৰক্ৰিয়া সমূহক শক্তিশালী কৰা। মহিলা সৱলীকৰণ আৰু সৰ্বাংগীন কল্যাণৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যৰে চৰকাৰে বহু আঁচনি হাতত লৈছে। অসম চৰকাৰৰ বাহিৰেও বিভিন্ন ৰাজ্য চৰকাৰেও মহিলাসকলক আর্থিক আৰু সামাজিকভাৱে স্বাধীন কৰি তোলিবৰ বাবেও নতুন আঁচনি উলিয়াই আহিছে ৷ ইয়াত আপোনাৰ লোকক অসম চৰকাৰৰ পাঁচটা আঁচনি বিষয়ে বহলভাৱে আলোচনা কৰিম ।

১. স্বনিৰ্ভৰ নাৰী আঁচনি

হস্ততাঁত শিল্পৰে অসমৰ শিপিনীসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষৰে অসম চৰকাৰে মুকলি কৰা এক অভিলাষী আঁচনি হৈছে স্বনিৰ্ভৰ নাৰী আঁচনি। ইয়াৰ উদ্দেশ্য হল- মধ্যভোগী অবিহনে শিপিনীৰ পৰা প্ৰত্যক্ষ্যভাৱে হস্ততাঁত উৎপাদিত নিৰ্ধাৰিত বস্ত্ৰ সামগ্ৰী ক্ৰয়ৰ ব্য়ৱস্থা কৰা। অৰ্থনৈতিকভাৱে দুৰ্বল নাৰীক সামান্য সকাহ প্ৰদানৰ অৰ্থে অসম চৰকাৰৰ উদ্যোগত স্ব-নিৰ্ভৰ নাৰী আঁচনিখন ৰূপায়ণ কৰা হয় । অসম স্ব-নিৰ্ভৰ নাৰী আত্মনিৰ্ভৰ আঁচনিৰ মূল উদ্দেশ্য হৈছে, ৰাজ্যৰ বঞ্চিত মহিলাসকলক কৰ্মসংস্থাপন প্ৰদান কৰা ৷ ইয়াৰ জৰিয়তে তেওঁলোকে আত্মসংস্থাপনৰ দিশত এখোজ আগুৱাই যাব পাৰে আৰু লগতে আন কাৰো ওপৰত নিৰ্ভৰ নকৰিব ।

২.সুকন্যা সমৃদ্ধি যোজনা

এই আঁচনিৰ ১০ বছৰতকৈ কম শিশুকণ্যাৰ সকলৰ বাবে । ১০ বছৰতকৈ কম শিশুকণ্যাৰ মা বা দেউতাকৰ বেংক একাউন্ট নাইবা ডাকঘৰৰ একাউন্ট খুলিবলৈ পাৰে, আৰু এই একাউন্টত প্ৰতি বছৰে ২৫০ টকা পৰা ১ লাখ ৫০ হাজাৰ টকা জমা কৰিবলৈ পাৰিব । যেতিয়া কণ্যাৰ বয়স ২১ বছৰ সম্পৰ্ণ হব তেতিয়া এই টকা সমূহ ৮% হাৰত সুদ দিয়া হয় ।

৩. বিনামূলীয়া চিলাই মেচিন আঁচনি

৫০ হাজাৰৰো অধিক মহিলাক কেন্দ্ৰীয় চৰকাৰে অসমৰ লগতে প্ৰতিখন ৰাজ্যত বিনামূলায়াকৈ চিলাই মেচিন প্ৰদান কৰে । এই আঁচনিৰ বাবে মহিলা সকলৰ বয়স ২০ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত হলে চিলাই মেচিনৰ বাহে আবেদন কৰিব পাৰিব । এই আঁচনি মূল উদ্দেশ্য হৈছে দেশৰ দৰিদ্ৰ মহিলাসক কৰ্মসংস্থাপন কৰা ।

৪. অসম অৰুণোদয় আঁচনি

অৰুণোদয় আঁচনি হৈছে ২০২০ চনৰ ২ অক্টোবৰ তাৰিখে অসম চৰকাৰৰ দ্বাৰা উন্মোচিত এখন নতুন আঁচনি। এই আঁচনিখনে ৰাজ্যত বাস কৰা প্ৰায় ১৯.১০ লাখ পৰিয়ালক প্ৰত্যক্ষ লাভালাভ স্থানান্তৰণ আঁচনিৰ মাধ্যমেৰে প্ৰতি মাহে ১২৫০ টকাৰ বিত্তীয় অনুদান প্ৰদান কৰে।

নতুনকৈ ১৯ লাখ ৯২ হাজাৰ ১৬৭গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব এই আচনিৰ সুবিধা। অৰুণোদয় ৩.০ আঁচনিৰ বাবে কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে। নিৰ্দেশনাসমূহ হ’ল-
অৰুণোদয় আচনিৰ ধন লাভ কৰিবলৈ আপোনাৰ ঘৰত থাকিব লাগিব ৰেচন কাৰ্ড। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড নাই তেনেহলে আপুনি অৰুণোদয় আঁচনিৰ বাবে আৱেদন কৰিব নোৱাৰিব। তৃতীয় লিংগ, বিশেষভাৱে সক্ষম মহিলা, অবিবাহিত মহিলা, বিবাহ বিচ্ছেদিত মহিলা, ৰুগীয়া মহিলা, বৃদ্ধ মহিলায়ো এই আঁচনিৰ বাবে আৱেদন কৰিব পাৰিব। লগতে আৱেদনকাৰীৰ মুঠ বাৰ্ষিক উপাৰ্জন ২ লাখতকৈ কম হ’ব লাগিব। কিন্ত আপোনাৰ ঘৰত যদি চাৰিচকীয়া বাহন আছে তেনেহলে আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰিব। নিয়মীয়া চৰকাৰী কৰ্মচাৰী, ঠিকাভিত্তিক কৰ্মচাৰী আৰু চৰকাৰী পেঞ্চনাৰ কৰ্মচাৰীৰ পৰিয়ালেও এই সুবিধাৰ পৰা বঞ্চিত হ’ব।

৫. প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা

২০১৬ চনৰ ১ মে’ তাৰিখে মোদী চৰকাৰে এই আঁচনিখন উত্তৰ প্ৰদেশৰ বলিয়াৰ পৰা আৰম্ভ কৰিছিল ।আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলৰ বাবে গেছ চিলিণ্ডাৰ যোগান ধৰাৰ বাবে এই আঁচনি খন আৰম্ভ কৰা হৈছিল । এই আঁচনিৰ অধীনত চৰকাৰে ৰাজসাহায্য প্ৰদান কৰে । যিসকল পৰিয়ালত বিপিএল কাৰ্ড আছে তেওঁলোকে এই আঁচনিৰ সুবিধা ল’ব পাৰিব । অসমতো এই আঁচনিৰ জৰিয়তে বহু মহিলাই চৌকাত ভাত বনাই কষ্ট কৰাৰ পৰিৱৰ্তে গেছত পৰিয়ালৰ বাবে খানা বনাব পাৰিছে আৰু নিজৰ সপোন পূৰণ কৰিব পাৰিছে।

ভাৰত চৰকাৰে (PMUY) আঁচনিৰ অধীনত আকৌ অতিৰিক্ত 75 লাখ সংযোগ মুকলি কৰাৰ অনুমোদন জনাইছে, যাৰ ফলত আঁচনিৰ অধীনত সামগ্ৰিক লক্ষ্য ১০.৩৫ কোটিলৈ বৃদ্ধি পাইছে, যাৰ বিপৰীতে এতিয়া সংযোগ মুকলি কৰা হৈছে।

 

 

পুনৰ শচীনৰ ৰেকৰ্ড ভংগ কৰি অষ্ট্ৰেলিয়াৰ মাটিত নতুন অভিলেখ বিৰাট কোহলীৰ
আই পি এল ইতিহাসৰ দামী খেলুৱৈ হ’ল পণ্ট, এইকেইগৰাকী খেলুৱৈৰো উদয় হল ভাগ্য
অভিশাপ নে বৰদান? জানক কল গছ জন্মৰ আঁৰৰ কাহিনী...
কমি যায় মূল্য! ভাৰতৰ ১০০ টকা ব্ৰাজিলত কিমান হয় জানেনে ?