১ ফেব্ৰুৱাৰীৰ পৰা সলনি হ’ব এই ৫টা বস্তু, পোনপটীয়াকৈ প্ৰভাৱ পৰিব আপোনাৰ বাজেটত!

আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উপস্থাপন কৰিব বাজেট। বাজেটৰ সৈতে হ'ব কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। ই আপোনাৰ পকেটত পোনপটীয়া প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ, বিত্তীয় বিষয়ৰ সৈতে সম্পৰ্কিত এই পৰিৱৰ্তনবোৰে সাধাৰণ মানুহৰ ব্যয়ত পৰিৱৰ্তন আনিব।

১ ফেব্ৰুৱাৰীৰ পৰা সলনি হব এই ৫টা বস্তু, পোনপটীয়াকৈ প্ৰভাৱ পৰিব আপোনাৰ বাজেটত!

১ ফেব্ৰুৱাৰীৰ পৰা সলনি হ'ব এই ৫টা বস্তু

Updated On: 

31 Jan 2025 11:06 AM

আজি ১ ফেব্ৰুৱাৰীত উপস্থাপন কৰা হ’ব দেশৰ সাধাৰণ বাজেট। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উপস্থাপন কৰিব বাজেট। বাজেটৰ সৈতে হ’ব কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। ই আপোনাৰ পকেটত পোনপটীয়া প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ, বিত্তীয় বিষয়ৰ সৈতে সম্পৰ্কিত এই পৰিৱৰ্তনবোৰে সাধাৰণ মানুহৰ ব্যয়ত পৰিৱৰ্তন আনিব। ১ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ’বলগীয়া পৰিৱৰ্তনবোৰৰ বিষয়ে জানো আহক।

এলপিজি চিলিণ্ডাৰৰ মূল্যৰ পৰিৱৰ্তন

এলপিজি চিলিণ্ডাৰৰ মূল্য প্ৰতি মাহৰ প্ৰথম দিনটোত আপডেট কৰা হয়। তেল বিপণন কোম্পানীবোৰে মুকলি কৰে চিলিণ্ডাৰ  সংশোধিত মূল্য। যিয়ে প্ৰভাৱিত কৰে সাধাৰণ ৰাইজক। এতিয়া দেখা যাব যে বাজেটৰ দিনা ১ ফেব্ৰুৱাৰীত এলপিজি গেছৰ মূল্য বৃদ্ধি হ’ব নে হ্ৰাস হ’ব। জানুৱাৰী মাহন কিছু পৰিৱৰ্তনৰ পিছত ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হৈছিল।

UPI লেনদেন সম্পৰ্কীয় নতুন নিয়ম

ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগমে (NPCI) ইউপিআইৰ অধীনত কিছুমান লেনদেনত পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে। ১ ফেব্ৰুৱাৰী, ২০২৫ৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই নতুন নিয়মৰ অধীনত সকলো UPI এপক লেনদেন আই ডিত কেৱল আল্ফানিউমেৰিক (আখৰ আৰু সংখ্যা) ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে। যদিহে এপসমূহে এই নিয়ম মানি নচলে, তেন্তে ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পিছত তেওঁলোকৰ লেনদেন নাকচ কৰা হ’ব। ২০২৫ চনৰ ৯ জানুৱাৰীত এন পি চি আইয়ে এখন চাৰ্কুলাৰ জাৰি কৰিছিল। য’ত কোৱা হৈছে যে, ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা সকলো UPI এপত লেনদেন আইডিত বিশেষ আখৰ ব্যৱহাৰ কৰিব নোৱাৰিব।

মাৰুতি ছুজুকি বাহনৰ দাম বৃদ্ধি

দেশৰ আগশাৰীৰ গাড়ী নিৰ্মাতা মাৰুতি ছুজুকিয়ে বৰ্ধিত ব্যয়ৰ পৰিপ্ৰেক্ষিতত ইয়াৰ বিভিন্ন মডেলৰ দাম ১ ফেব্ৰুৱাৰীৰ পৰা ৩২,৫০০ টকালৈকে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। এই দামত পৰিৱৰ্তন কৰা মডেলবোৰৰ ভিতৰত আছে অল্টো কে10, এছ-প্ৰেচো, চেলেৰিঅ’, ৱাগন আৰ, চুইফ্ট, ডিজিয়েৰ, ব্ৰেজা, এৰ্টিগা, ইগনিছ, বেলেনো, চিয়াজ, এক্সএল6, ফ্ৰনক্স, ইনভিক্টো, জিমনি, আৰু গ্ৰেণ্ড ভিটাৰা।

বেংকি নিয়মাৱলীৰ পৰিৱৰ্তন

কোটাক মহিন্দ্ৰা বেংকে তেওঁলোকৰ কিছুমান সেৱা আৰু মাচুলৰ পৰিৱৰ্তন ঘোষণা কৰিছে। এই পৰিৱৰ্তন ১ ফেব্ৰুৱাৰী, ২০২৫ৰ পৰা কাৰ্যকৰী হ’ব। গুৰুত্বপূৰ্ণ পৰিৱৰ্তনবোৰৰ ভিতৰত থাকিব পাৰে এটিএম লেনদেনৰ বাবে বিনামূলীয়া সীমা হ্ৰাস কৰা আৰু অন্যান্য বেংকি সেৱাৰ বাবে মাচুল বৃদ্ধি। এই পৰিৱৰ্তনবোৰে প্ৰভাৱিত কৰিব বেংকগ্ৰাহকসকলক। তেওঁলোকে এই নতুন মাচুল গাঁথনিৰ সৈতে তেওঁলোকৰ বেংকিং সেৱা ব্যৱহাৰ কৰিব লাগিব।

ATFৰ দামৰ পৰিৱৰ্তন

১ ফেব্ৰুৱাৰীৰ পৰা, এভিয়েচন টাৰ্বাইন ফুৱেল (ATF)ৰ দামত পৰিৱৰ্তন দেখা যাব পাৰে। তেল বিপণন কোম্পানীবোৰে প্ৰতি মাহৰ প্ৰথম তাৰিখত ATFৰ দাম সংশোধন কৰে। যদি এইবাৰ দাম বৃদ্ধি হয়, ই বিমান যাত্ৰীসকলক পোনপটীয়াকৈ প্ৰভাৱিত কৰিব।

সৰস্বতী পূজাত কেনেধৰণৰ মেখেলা-চাদৰ পিন্ধিব বিচাৰি পোৱা নাই নেকি? অভিনেত্ৰীসকলৰ পৰা লওক আইডিয়া
দাঁতৰ সমস্যা দূৰ কৰিব পৰা ঘৰুৱা উপায়সমূহৰ বিষয়ে জানক
কাইলৈৰ পৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন, ভট্টদেৱ সমন্বয় ক্ষেত্ৰত যুদ্ধকালীন ব্যস্ততা
সৰস্বতী পূজালৈ মাজত মাঁথো ৩টা দিন, মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল