২০২৫ত সলনি হ’ব EPFOৰ এইসমূহ নিয়ম, নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বে সবিশেষ জানক…

বৰ্তমান EPFOত মূল দৰমহা অনুসৰি কেৱল  ১৫০০০ টকালৈকেহে জমা হয়। কিন্তু চৰকাৰে এতিয়া নতুন আঁচনিৰ অধীনত সম্পূৰ্ণ দৰমহাৰ আধাৰত ইপিএফলৈ অৱদান আগবঢ়োৱাৰ বিকল্প দিয়াৰ কথা বিবেচনা কৰিছে। যিয়ে গ্ৰাহকসকলক অধিক ধন ৰাহি কৰিবলৈ অনুমতি দিব।

২০২৫ত সলনি হব EPFOৰ এইসমূহ নিয়ম, নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বে সবিশেষ জানক...

Epfo

Updated On: 

29 Dec 2024 10:58 AM

চাকৰিয়াল লোকসকলৰ বাবে  নতুন বছৰ ২০২৫ত ভৱিষ্যত নিধি সংস্থা (EPFO)  সম্পৰ্কীয় বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সম্ভাৱনা আছে। এই পৰিৱৰ্তনবোৰে ইপিএফ (EPF) ৰ পৰা ধন উলিওৱাৰ প্ৰক্ৰিয়া সহজ কৰি তোলাৰ লগতে  আৰ্থিকভাৱে সুৰক্ষিত ভৱিষ্যৎ গঢ়াত সহায় কৰিব। যদি আপুনিও এজন কৰ্মচাৰী তেন্তে ই আপোনাৰ ওপৰত পোনপটীয়া প্ৰভাৱ পেলাব পাৰে।

এটিএমৰ পৰা পিএফৰ ধন উলিওৱা

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, EPFOয়ে শীঘ্ৰেই এটিএম কাৰ্ড  জাৰী কৰাৰ পৰিকল্পনা কৰিছে। যাতে গ্ৰাহকসকলে যিকোনো সময়তে তেওঁলোকৰ ইপিএফ একাউণ্টৰ পৰা ধন উলিয়াব পাৰে। এই সুবিধাটো অহা বছৰৰ পৰা কাৰ্যকৰী হোৱা সম্ভাৱনা আছে । এই নতুন নিয়মটোৱে ইপিএফৰ পৰা ধন উলিওৱাৰ প্ৰক্ৰিয়াটো অতি সহজ আৰু দ্ৰুত কৰি তুলিব। যাৰ বাবে জৰুৰীকালীন অৱস্থাত নিয়োজিত লোকসকলে যথেষ্ট সকাহ পাব।

বৰ্তমান EPFOত মূল দৰমহা অনুসৰি কেৱল  ১৫০০০ টকালৈকেহে জমা হয়। কিন্তু চৰকাৰে এতিয়া নতুন আঁচনিৰ অধীনত সম্পূৰ্ণ দৰমহাৰ আধাৰত ইপিএফলৈ অৱদান আগবঢ়োৱাৰ বিকল্প দিয়াৰ কথা বিবেচনা কৰিছে। যিয়ে গ্ৰাহকসকলক অধিক ধন ৰাহি কৰিবলৈ অনুমতি দিব। উদাহৰণস্বৰূপে, যদি কৰ্মচাৰী এজনৰ মূল দৰমহা ১ লাখ টকা হয়, তেন্তে তেওঁ এতিয়া প্ৰতি মাহে ২৪০০ টকা জমা দিব পাৰিব (কৰ্মচাৰী আৰু নিয়োগকৰ্তা একেলগে)।

 

বিনিয়োগত পৰিৱৰ্তন

EPFOয়ে এতিয়া এক্সচেঞ্জ ট্ৰেডেড ফাণ্ড (ETF)ৰ পৰা লাভৰ এটা অংশ শ্বেয়াৰ বজাৰ আৰু অন্যান্য বিনিয়োগ খণ্ডলৈ পুনৰ বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। এই পদক্ষেপে কৰ্মচাৰীসকলৰ ইপিএফৰ ওপৰত আগ্ৰহ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। ছেপ্টেম্বৰ ২০২৪ত অনুমোদিত কেন্দ্ৰীভূত পেঞ্চন পৰিশোধ প্ৰণালীৰ (CPPS) অধীনত, ৭৮ লাখ ইপিএফ পেঞ্চনাৰে যিকোনো বেংক শাখাৰ পৰা তেওঁলোকৰ পেঞ্চন সংগ্ৰহ কৰিবলৈ সক্ষম হ’ব । এতিয়ালৈকে পেঞ্চনাৰসকলে এটা নিৰ্ধাৰিত বেংক শাখালৈ যাব লগা হৈছিল। এই নতুন প্ৰণালীৰ দ্বাৰা পেঞ্চনাৰসকলে দেশৰ যিকোনো স্থানৰ পৰা পেঞ্চনৰ ধন উলিওৱাৰ স্বাধীনতা লাভ কৰিব।

 

উচ্চ পেঞ্চনৰ বাবে সময় সীমা

EPFOয়ে সকলো কোম্পানীক তেওঁলোকৰ কৰ্মচাৰীৰ দৰমহাৰ তথ্য ৩১ জানুৱাৰী ২০২৫ ৰ ভিতৰত পৰ্টেলত আপলোড কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে যদি যিকোনো অতিৰিক্ত তথ্য যদি বিচৰা হৈছে, সেইবোৰ ১৫ জানুৱাৰী ২০২৫ৰ ভিতৰত দাখিল কৰিব লাগিব। এই প্ৰক্ৰিয়াটোৱে হায়াৰ পেঞ্চন আবেদনৰ দ্ৰুত নিষ্পত্তিৰ সুবিধা প্ৰদান কৰিব।

লগতে পঢ়ক: বছৰৰ অন্তিমটো দেওবাৰত পুনৰ সোণৰ দামত পৰিৱৰ্তন, আজি গুৱাহাটীত কিমান টকাত বিক্ৰী হৈছে সোণ?

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে দুপৰ টেঙাই, জানক কি কি আছে উপকাৰী গুণ...
দিল্লীত কিয় উপলব্ধ নহয় কেৰাচিন?
৮২৩ বছৰ পাছত বিৰল সংযোগ! কিয় মুছলিম সকলৰ বাবে বিশেষ জানুৱাৰী মাহটো...
মেজিৰ জুইত বাঁহেৰে সজা পানীহিলৈ ফুটোৱাটো পৰম্পৰাৰ বিষয়ে জানেনে?