১ মাৰ্চৰ পৰা দেশত সলনি হ’ব এইসমূহ গুৰুত্বপূৰ্ণ নিয়ম, প্ৰত্যক্ষ প্ৰভাৱ পৰিব আপোনাৰ পকেটত! 

২০২৫ চনৰ ১ মাৰ্চৰ পৰা বহু ডাঙৰ নিয়ম সলনি হ’ব। যিয়ে আপোনাৰ পকেটত প্ৰভাৱ পেলাব পাৰে। যদি আপুনি Fixed Deposit (FD) ত বিনিয়োগ কৰে, তেন্তে এই খবৰটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই নতুন নিয়মসমূহে আপোনাৰ ৰিটাৰ্ণত প্ৰভাৱ পেলোৱাই নহয়, কৰ আৰু ধন উলিওৱাৰ পদ্ধতিতো পৰিৱৰ্তন আনিব পাৰে।

১ মাৰ্চৰ পৰা দেশত সলনি হ’ব এইসমূহ গুৰুত্বপূৰ্ণ নিয়ম, প্ৰত্যক্ষ প্ৰভাৱ পৰিব আপোনাৰ পকেটত! 

১ মাৰ্চৰ পৰা সলনি হ’ব এইসমূহ নিয়ম

Published: 

27 Feb 2025 14:39 PM

ফেব্ৰুৱাৰী মাহ শেষ হ’বলৈ আৰু মাৰ্চ মাহ আৰম্ভ হ’বলৈ মাত্ৰ এদিন বাকী আছে। নতুন মাহৰ আৰম্ভণিৰ লগে লগে বহু নিয়ম সলনি হয়। একেদৰে ২০২৫ চনৰ ১ মাৰ্চৰ পৰা বহু ডাঙৰ ডাঙৰ নিয়ম সলনি হ’বলৈ গৈ আছে। যিয়ে আপোনাৰ পকেটত প্ৰভাৱ পেলাব পাৰে। গতিকে কি পৰিৱৰ্তন হৈছে আৰু ই আপোনাৰ জীৱনত কেনে প্ৰভাৱ পেলাব জানো আহক…

ফিক্সড ডিপজিট

যদি আপুনিও সেইসকল লোকৰ মাজৰ এজন যিয়ে নিজৰ কষ্টোপাৰ্জিত ধন সুৰক্ষিত কৰি ৰাখিবলৈ ফিক্সড ডিপ’জিট (এফ ডি)ত কৰে, তেন্তে এই খবৰটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ২০২৫ চনৰ মাৰ্চ মাহৰ পৰা বেংক এফ ডিৰ নিয়মত কিছু ডাঙৰ পৰিৱৰ্তন কৰা হৈছে। এই নতুন নিয়মসমূহে আপোনাৰ ৰিটাৰ্ণত প্ৰভাৱ পেলোৱাই নহয়, কৰ আৰু ধন উলিওৱাৰ পদ্ধতিতো পৰিৱৰ্তন আনিব পাৰে। গতিকে যদি আপুনি ভৱিষ্যতে এফ ডি কৰাৰ কথা ভাবিছে তেন্তে এই পৰিৱৰ্তনসমূহ জনাটো উচিত।

এফ ডিৰ সুতৰ হাৰৰ পৰিৱৰ্তন

উল্লেখ্য যে, ২০২৫ চনৰ মাৰ্চ মাহৰ পৰা বেংকসমূহে এফ ডিৰ সুতৰ হাৰত কিছু পৰিৱৰ্তন কৰিছে। সুতৰ হাৰ বৃদ্ধি বা হ্ৰাস হ’ব পাৰে। এতিয়া বেংকৰ লিকুইডিটি আৰু আৰ্থিক প্ৰয়োজন অনুসৰি সুতৰ হাৰত নমনীয়তা থাকিব পাৰে। ক্ষুদ্ৰ বিনিয়োগকাৰী, বিশেষকৈ যিসকলে ৫ বছৰ বা তাতকৈ কম সময় এফ ডি বনাইছে, এই নতুন হাৰে তেওঁলোকক প্ৰভাৱিত কৰিব পাৰে।

এপিজিৰ দাম

তেল কোম্পানীসমূহে প্ৰতি মাহৰ প্ৰথম দিনাই এলপিজিৰ দামৰ পৰ্যালোচনা কৰে। এনে পৰিস্থিতিত ২০২৫ চনৰ ১ মাৰ্চৰ পুৱাৰ ভাগত চিলিণ্ডাৰৰ দামৰ পৰিৱৰ্তন দেখা পাব পাৰে। পুৱা ৬ বজাত মুকলি কৰিব পাৰে এপিজিৰ সংশোধিত দাম। বিগত মাহত হ্ৰাস কৰা হৈছিল ৰন্ধন গেছৰ দাম।

ATF  আৰু CNG-PNG ৰ হাৰ

উল্লেখ্য যে, প্ৰতি মাহৰ ১ তাৰিখে তেল কোম্পানীয়েও বিমান ইন্ধন অৰ্থাৎ Air Turbine Fuel (ATF) আৰু CNG-PNG ৰ দামে সলনি কৰে। মাৰ্চ মাহত প্ৰথম দিনটোতো তেল কোম্পানীয়ে দাম সলনি কৰিব পাৰে।

সমগ্ৰ বিশ্বত কিমান সনাতনী লোক আছে?
কোন দেশৰ লোকে সবাতোকৈ বেছি গো মাংস খায়? জানক সবিশেষ...
ভুলতো শিৱলিংগত অৰ্পন নকৰিব এই ফল! শিৱ হ'ব অসন্তুষ্ট...
ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ আঁৰৰ ৰহস্য জানেনে?