শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

SIP বন্ধ বা সলনি কৰাৰ পদ্ধতি, জানক কেনেকৈ কৰিব পাৰিব আপুনি

যদি আপুনি আপোনাৰ SIP বাতিল বা সম্পাদনা কৰিব বিচাৰে, তেন্তে কেনেকৈ সহজে আপোনাৰ SIP বাতিল বা সলনি কৰিব জানক।

SIP বন্ধ বা সলনি কৰাৰ পদ্ধতি, জানক কেনেকৈ কৰিব পাৰিব আপুনি
SIP বন্ধ বা সলনি কৰাৰ পদ্ধতি
barasha-misra
Barasha Misra | Published: 15 Jan 2025 15:48 PM

আজিৰ সময়ত সঞ্চয়ৰ বহুতো বিকল্প উপলব্ধ, যিয়ে আমাক কেৱল আৰ্থিক সুৰক্ষা প্ৰদান কৰাই নহয়, ভাল ৰিটাৰ্ণও দিয়ে। ইয়াৰে এটা হৈছে মিউচুৱেল ফাণ্ডৰ অধীনত চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন (SIP)। বিনিয়োগকাৰীৰ মাজত ই অতি জনপ্ৰিয় হৈ পৰিছে। SIPৰ জৰিয়তে ধন বিনিয়োগ কৰিলে দীৰ্ঘম্যাদীভাৱে এটা ভাল পুঁজিৰ সৃষ্টি কৰিব পাৰে। কিন্তু কিছুমান বিশেষ ক্ষেত্ৰত SIP বন্ধ কৰাৰ প্ৰয়োজন হ’ব পাৰে, যেনে পুঁজিৰ দুৰ্বল প্ৰদৰ্শন বা অন্যান্য আৰ্থিক প্ৰয়োজনীয়তাৰ বাবে। যদি আপুনি আপোনাৰ SIP বন্ধ কৰিব বিচাৰে, এনে ক্ষেত্ৰত যদি আপুনি আপোনাৰ SI বাতিল বা সম্পাদনা কৰিব বিচাৰে, তেন্তে আপুনি তলত দিয়া পদক্ষেপসমূহ অনুসৰণ কৰিব পাৰে।

যদি আপুনি Zerodha আৰু Groww ৰ দৰে ব্ৰ’কাৰৰ জৰিয়তে SI কৰে, তেন্তে এই পদ্ধতি অনুসৰণ কৰি আপোনাৰ SIP বাতিল কৰিব পাৰে।

Grow app ত SIP কেনেকৈ বাতিল কৰিব?

  • যদি আপুনি Groww এপ ব্যৱহাৰ কৰে আৰু আপোনাৰ SIP বাতিল কৰিব বিচাৰে, তেন্তে হোম স্ক্ৰীণলৈ যাওক আৰু Grow app ত ক্লিক কৰক।
  • মিউচুৱেল ফাণ্ড অংশলৈ যাওক: মিউচুৱেল ফাণ্ড অংশত টেপ কৰক।
  • SIP ত ক্লিক কৰক: ‘SIP’ বিকল্প নিৰ্বাচন কৰক।
  • SIP নিৰ্বাচন কৰক: আপুনি বাতিল কৰিব বিচৰা SIP নিৰ্বাচন কৰক।
  • Cancel SIP ত ক্লিক কৰক: পৰ্দাৰ ওপৰৰ সোঁফালে ‘SIP বাতিল কৰক’ টেপ কৰক।
  • কাৰণ দিয়ক: বাতিলৰ কাৰণ লিখক।
  • নিশ্চিত কৰক: তাৰ পিছত ‘Cancel SIP’ ত ক্লিক কৰক।

Groww app ত SIP পৰিৱৰ্তন

  • Groww এপটো খুলি মিউচুৱেল ফাণ্ড ডেচব’ৰ্ডলৈ যাওক।
  • আপোনাৰ সকলো SIP ৰ তালিকাৰ পৰা পৰিবৰ্তন কৰিব বিচৰা SIP নিৰ্বাচন কৰক ।
  • পৰ্দাৰ তলৰ বাওঁফালৰ চুকত থকা ‘Edit SIP’ বিকল্পত টেপ কৰক।

Zerodha ৰ Coin app ত SIP কেনেকৈ বাতিল কৰিব

  • যদি আপুনি Zerodha’s Coin app ব্যৱহাৰ কৰে, তেন্তে আপুনি এই পদক্ষেপসমূহ অনুসৰণ কৰি আপোনাৰ SIP বাতিল বা পৰিৱৰ্তন কৰিব পাৰে।
  • এপটো খুলি আপুনি পৰিৱৰ্তন কৰিব বিচৰা ফাণ্ডটো নিৰ্বাচন কৰক।
    Modify SIP ত ক্লিক কৰক।
  • প্ৰয়োজনীয় পৰিৱৰ্তন কৰক আৰু তাৰ পিছত ‘Modify’ত টেপ কৰক।

SIP বাতিল কৰিবলৈ,

  • আপুনি বন্ধ কৰিব বিচৰা ফাণ্ডটোত টেপ কৰক।
  • Menuবুটামত টেপ কৰক আৰু তাৰ পিছত ‘Pause’ বিকল্পটো নিৰ্বাচন কৰক।

Latest News