5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Busiest Airports : ভাৰতৰ আটাইতকৈ ব্যস্ত বিমানবন্দৰ, প্ৰতিদিনে যাত্ৰা কৰে লাখ লাখ যাত্ৰীয়ে…

বিমানবন্দৰৰ সংখ্যা আৰু বিমানত যাত্ৰা কৰা লোকৰ পৰিসংখ্যাই দেশৰ ভিতৰতে এক অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । যোৱা বছৰৰ তুলনাত ২০২৩-২৪ বিত্তীয় বৰ্ষত বিমান যাত্ৰীৰ সংখ্যা ১৫ শতাংশ বৃদ্ধি পাইছে ।

Busiest Airports : ভাৰতৰ আটাইতকৈ ব্যস্ত বিমানবন্দৰ, প্ৰতিদিনে যাত্ৰা কৰে লাখ লাখ যাত্ৰীয়ে…
দেশৰ ব্যস্ত বিমানবন্দৰ
manas-borah
Manas Borah | Updated On: 16 Nov 2024 19:19 PM

ভাৰতৰ বেছি সংখ্যক লোকে ভ্ৰমণৰ বাবে বিমান সেৱা নতুবা ৰে’ল সেৱা বাছি লয় । যাত্ৰী সকলৰ সুবিধা হোৱাকৈ ভাৰতত বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ ৰে’লৱে নেটৱৰ্ক আছে। ইফালে, বিমানবন্দৰৰ সংখ্যা আৰু বিমানত যাত্ৰা কৰা লোকৰ পৰিসংখ্যাইও দেশৰ ভিতৰতে এক অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । যোৱা বছৰৰ তুলনাত ২০২৩-২৪ বিত্তীয় বৰ্ষত বিমান যাত্ৰীৰ সংখ্যা ১৫ শতাংশ বৃদ্ধি পাইছে । ফৰ্বছৰ তথ্য অনুসৰি, বিশ্বৰ আটাইতকৈ ব্যস্ত বিমানবন্দৰৰ তালিকাত ভাৰতৰ কেইবাটাও বিমানবন্দৰ অন্তৰ্ভুক্ত কৰা হৈছে।

ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, দিল্লী

ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে নতুন দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (এনচিআৰ)ৰ পৰা বিমান সেৱা আগবঢ়ায়। ২০০৯ চনৰ পৰা এই বিমানবন্দৰটো ভাৰতৰ যাত্ৰী আৰু সামগ্ৰী যাতায়তৰ বাবে আটাইতকৈ ব্যস্ত বিমানবন্দৰ হিচাপে পৰিগণিত হৈ আহিছে । যাত্ৰীৰ সংখ্যাৰ হিচাপত এই বিমানবন্দৰটো ভাৰতৰ ভিতৰতে আটাইতকৈ ব্যস্ত বিমানবন্দৰ। ২০২৩-২৪ বিত্তীয় বৰ্ষত এই বিমানবন্দৰলৈ যাত্ৰা কৰিছে ৭৩,৬৭৩,৭০৮ জন যাত্ৰীয়ে।

ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, মুম্বাই

মুম্বাইত অৱস্থিত এই বিমানবন্দৰে ছয়খন মহাদেশলৈ বিমান সেৱা আগবঢ়ায়। ইয়াক পৰিচালনা কৰে আদানী এণ্টাৰপ্ৰাইজ আৰু ভাৰত চৰকাৰৰ যৌথ উদ্যোগত মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডে। মূলতঃ ইয়াৰ নাম আছিল চাহাৰা বিমানবন্দৰ । ১৯৯৯ চনত ইয়াৰ নাম সলনি কৰা হয়। ২০২৩-২৪ বিত্তীয় বৰ্ষত এই বিমানবন্দৰৰ পৰা ৫২,৮২০,৭৫৪জন যাত্ৰী যাত্ৰা কৰিছে ।

কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, বেংগালুৰু

বেংগালুৰুৰ কেম্পেগৌড়া বিমানবন্দৰ ভাৰতৰ তৃতীয় ব্যস্ত বিমানবন্দৰ হিচাপে স্থান লাভ কৰিছে। ইয়াৰ নাম বাংগালুৰুৰ প্ৰতিষ্ঠাপক কেম্পে গৌড়াৰ নামেৰে ৰখা হৈছে। ২০২৩-২৪ বিত্তীয় বৰ্ষত বেংগালুৰুৰ বিমানবন্দৰে ৩৭,৫২৮,৫৩৩ জন যাত্ৰীয়ে যাত্ৰা কৰিছে।

ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, হায়দৰাবাদ

ব্যস্ততাৰ ক্ষেত্ৰত চতুৰ্থ স্থানত আছে তেলেংগানাৰ হায়দৰাবাদস্থিত ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। ৫৫০০ একৰ মাটিত বিস্তৃত এলেকাৰ ফালৰ পৰা এই বিমানবন্দৰটো ভাৰতৰ সৰ্ববৃহৎ বিমানবন্দৰ। ২০২৩-২৪ বিত্তীয় বৰ্ষত হায়দৰাবাদৰ এই বিমানবন্দৰে ২৫,০৪২,২৮২ জন যাত্ৰীয়ে যাত্ৰা কৰিছে ।

চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, চেন্নাই

চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ চহৰৰ মাজমজিয়াৰ পৰা প্ৰায় ২১ কিলোমিটাৰ দক্ষিণ-পশ্চিমে অৱস্থিত। যাত্ৰী যাতায়ত আৰু বিমান পৰিচালনাৰ ক্ষেত্ৰত এই বিমানবন্দৰটো ভাৰতৰ পঞ্চম ব্যস্ত বিমানবন্দৰ আৰু আন্তঃৰাষ্ট্ৰীয় যাতায়তৰ ক্ষেত্ৰত তৃতীয় ব্যস্ত বিমানবন্দৰ। ২০২৩-২৪ বিত্তীয় বৰ্ষত এই বিমানবন্দৰৰ পৰা ২১,২০৭,২৬২ জন যাত্ৰীয়ে যাত্ৰা কৰিছে।

Latest News