শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

SPAM কলে অতিষ্ঠ কৰিছে নেকি ? টেলিকম কোম্পানীসমূহলৈ কঠোৰ নিৰ্দেশন TRAI ৰ

যোৱা বছৰৰ শেষৰ ফালে এই স্পাম কল বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশনা দিছিল ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষ, চুমকৈ ট্ৰাইয়ে(TRAI) । এই নিৰ্দেশৰ পাছত স্পাম কলৰ সংখ্যা হ্ৰাস পাইছিল যদিও সম্পূৰ্ণৰূপে বন্ধ নহ’ল। এনে পৰিপ্ৰেক্ষিত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষ ।

SPAM কলে অতিষ্ঠ কৰিছে নেকি ? টেলিকম কোম্পানীসমূহলৈ কঠোৰ নিৰ্দেশন TRAI ৰ
প্ৰতীকী ফটোImage Credit source: Pixabay
manas-borah
Manas Borah | Published: 16 Feb 2025 11:28 AM

হয়তো আপোনালৈয়ো প্ৰায়ে স্পাম কল আহে(Spam Call)। যোৱা বছৰৰ শেষৰ ফালে এই স্পাম কল বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশনা দিছিল ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষ, চুমকৈ ট্ৰাইয়ে(TRAI) । এই নিৰ্দেশৰ পাছত স্পাম কলৰ সংখ্যা হ্ৰাস পাইছিল যদিও সম্পূৰ্ণৰূপে বন্ধ নহ’ল। এনে পৰিপ্ৰেক্ষিত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষ ।

যদি স্পাম কল বন্ধ নহয় বা এনে কল গ্ৰাহকে বাৰে বাৰে লাভ কৰে, তেন্তে বিপদ পৰিব টেলিম কোম্পানীসমূহ । টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষই ইতিমধ্য়ে টেলিকম কোম্পানীসমূহক সকীয়াই দিছে । যদি টেলিকম কোম্পানীয়ে স্পাম কল ৰেকৰ্ডৰ বিষয়ে ভুৱা তথ্য দিয়ে তেন্তে জৰিমনা ভৰিব লাগিব ২ লাখৰ পৰা ১০ লাখ টকা।

ট্ৰাইয়ে স্পষ্ট কৰি দিছে যে, ফোন কল আৰু এছএমএছৰ পেটাৰ্ণ পৰ্যালোচনা কৰিব লাগিব টেলিকম অপাৰেটৰসকলে। লগতে ক’ত অধিক কল আহি আছে, য’ত ফোন কলৰ সময় কম -ইয়াৰ দ্বাৰা Outgoing আৰু Incoming কলৰ অনুসন্ধান কৰি সম্ভাৱ্য প্ৰৱঞ্চকক চিনাক্ত কৰিব লাগিব টেলিকম কোম্পানীসমূহে।

টেলিকম কোম্পানীসমূহে ট্ৰাইৰ নিৰ্দেশ যদি অমান্য কৰে তেন্তে প্ৰথম উলংঘাৰ বাবে ২ লাখ, দ্বিতীয়টো উলংঘাৰ বাবে ৫ লাখ আৰু পৰৱৰ্তী উলংঘাৰ বাবে ১০ লাখ টকা জৰিমনা ভৰিব লাগিব ।

শেহতীয়াকৈ টেলিকম কোম্পানীসমূহক নূন্যতম ১০ টকাৰ পৰা ৰিচাৰ্জ প্লেন প্ৰৱৰ্তন কৰিবলৈ নিৰ্দেশ দিছিল ট্ৰাইয়ে । ৩৬৫ দিনৰ বৈধতাৰ ৰিচাৰ্জ বাধ্যতামূলক কৰাৰো নিৰ্দেশ দিছিল ট্ৰায়ে। কোৱা হৈছে যে, যিসকলৰ দুটা চিম আছে তেওঁলোকক ভইচ প্লেন ৰিচাৰ্জৰ সুবিধা প্ৰদান কৰিব লাগিব টেলিকম কোম্পানীয়ে ।