শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Budget Announcement: বাৰ্ষিক আয় ১২ লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই,

Budget 2025 LIVE in Assamese: আজি সংসদত দাখিল হ'ব দেশৰ পূৰ্ণাংগ বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে তৃতীয় মোদী চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰিব। এই বাজেটৰ প্ৰতিটো আপডেট চাওক LIVE...

barasha-sarma
Barasha Sarma | Updated On: 01 Feb 2025 15:24 PM
Budget Announcement: বাৰ্ষিক আয় ১২ লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই,
বাজেট ২০২৫ লাইভ

আজি দিনৰ ১১ বজাত সংসদত দাখিল হ’ব সাধাৰাণ বাজেট। নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে। অষ্টমবাৰৰ বাবে সীতাৰমনে বাজেট দাখিল কৰিব। এই বাজেটক লৈ চকু আছে সকলোৰে। জনতাই আশা কৰিছে, আজিৰ বাজেটৰ পাছতে হ্ৰাস হব বাৰে বস্তু সামগ্ৰীৰ মূল্য। আয়কৰ, কৰ দাতা সকলৰ বাবে আহিব বাবে নতুন আইন। এই বাজেটৰ পৰা বিশেষকৈ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীয়ে লাভৱান হোৱাৰ সম্ভাৱনা আছে।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 01 Feb 2025 03:23 PM (IST)

    সোমবাৰে সদন

    উল্লেখ্য যে, আজি সদন স্থগিত ৰখা হয় আৰু সোমবাৰে পুনৰ আৰম্ভ হ’ব অধিবেশন। আজিৰ বাজেট সন্দৰ্ভত বিভিন্নজনে বহু প্ৰতিক্ৰিয়া আগবঢ়াইছে। একাংশৰ মতে আজিৰ বাজেটে মধ্যবিত্তক সকাহ প্ৰদান কৰিব আৰু একাংশৰ মতে আজিৰ বাজেটত কোনো নতুনত্ব নাই।

  • 01 Feb 2025 02:52 PM (IST)

    প্ৰধানমন্ত্ৰীয়ে কি ক’লে…

    বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, আজি ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। এয়া ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষাৰ বাজেট।প্ৰতিজন ভাৰতীয়ৰ সপোন পূৰণ কৰা এই বাজেট। এই বাজেটে বিকশিত ভাৰত অভিযানক আগুৱাই নিব।

  • 01 Feb 2025 02:36 PM (IST)

    অসমৰ বাবে ঐতিহাসিক দিন

    আজি কেন্দ্ৰীয় বাজেটত অসমক লৈ ডাঙৰ ঘোষণা কৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখে যে- “কেন্দ্ৰীয় বাজেট-২০২৫ত আমাৰ নামৰূপত ১২.৭ লাখ মেট্ৰিক টন উৎপাদন ক্ষমতাৰ ইউৰিয়া প্ৰকল্পৰ ঘোষণা কৰা হৈছে৷ অসমৰ জনসাধাৰণৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই লোৱা এই সিদ্ধান্ত আক্ষৰিক অৰ্থতে এক উল্লেখযোগ্য ঘটনা। জাগীৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পাছত অসমলৈ দিয়া বৃহৎ উপহাৰটি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বৃহৎ উপহাৰ হিচাপে বিবেচিত হ’ব। ই কেৱল সাৰ উপলব্ধতাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা লাভ কৰাত সহায় কৰাই নহয়, আমাৰ সম্পদ প্ৰাকৃতিক গেছৰ সমলৰো সদ্ব্যৱহাৰৰ ক্ষেত্ৰত সহায় কৰিব। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমন ডাঙৰীয়ানীলৈ অসমবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ”।

  • 01 Feb 2025 02:13 PM (IST)

    কেৱল নাম ল’লে অসম আৰু বিহাৰৰ…

    শিৰোমণি আকালি দলৰ সাংসদ হৰ্সিমৰাট কৌৰ বাদলে কেন্দ্ৰীয় বাজেট সন্দৰ্ভত কয় যে যিবোৰ ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ’ব, সেইবোৰ ৰাজ্যৰ নাম সৰ্বাধিক লোৱা হৈছে। তেনে ক্ষেত্ৰত বিহাৰ আৰু অসম আগত আছে। কিন্তু আন কিছুমান ৰাজ্য বা পঞ্জাৱৰ নামো উল্লেখ কৰা হোৱা নাই। য’ত কৃষকে এম এছ পিৰ নিশ্চয়তাৰ দাবীত ধৰ্মঘট কৰি আহিছে।

  • 01 Feb 2025 01:52 PM (IST)

    বিৰোধী দলে কি কয়…

    আৰ জে ডি নেতা তেজস্বী যাদৱে কয় যে, আজিৰ বাজেট গাঁও, গ্ৰাম্য আৰু দৰিদ্ৰ বিৰোধী। আজিৰ বাজেটখন বিহাৰক উপহাস বুলি কয়। তেওঁ কয়, আজিৰ বাজেটৰ পৰা বিহাৰে একো লাভ পোৱা নাই। এই বাজেট একেবাৰে খালী।

  • 01 Feb 2025 01:49 PM (IST)

    বিজেপিৰ সাংসদক নিৰ্দেশ

    সূত্ৰ অনুসৰি বিজেপিয়ে তেওঁলোকৰ সকলো সাংসদক জনাইছে যে বাজেটখন সাধাৰণ মানুহ, মধ্যবিত্ত শ্ৰেণী আৰু দুখীয়াৰ বাবেহে। সেয়ে এই বাজেটখন  জনতাৰ ওচৰলৈ লৈ যাব লাগে।

  • 01 Feb 2025 01:08 PM (IST)

    সদন স্থগিত

    সোমবাৰলৈ স্থগিত সদন। বিৰোধী দলৰ প্ৰতিবাদৰ পাছতে স্থগিত কৰা হয় সদন। উল্লেখ্য যে, আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰে মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম পূৰ্ণাংগ বাজেট। এই বাজেটত কেইবাটাও ডাঙৰ ঘোষণা কৰে। বাকী ঘোষণাসমূহ বিত্তমন্ত্ৰীয়ে অহা সোমবাৰে কৰিব।

  • 01 Feb 2025 01:04 PM (IST)

    আয়কৰ কোনে কিমান দিব…

    আয়কৰ শ্লেভ

    •  ৪ লাখ টকালৈকে-০ শতাংশ
    • ৪-৮ লাখ: ৫%
    • ৮-১২ লাখ: ১০%
    • ১২-১৬ লাখ: ১৫%
    • ১৬-২০ লাখ: ২০%
    • ২০-২৪ লাখ : ২৪ লাখৰ পৰা ২৫%

    ইয়াতকৈ বেছি উপাৰ্জন কৰা সকলে  ৩০ শতাংশ কৰ দিব লাগিব।

  • 01 Feb 2025 12:30 PM (IST)

    আয়কৰ কোনে দিব লাগিব

    • বাৰ্ষিক উপাৰ্জনৰ ভিত্তিত-
      ৪ লাখলৈ- ০ শতাংশ
    • ৪ৰ পৰা ৮ লাখলৈ- ৫ শতাংশ
    • ৮ ৰ পৰা ১২ লাখলৈ- ১০ শতাংশ
    • ১২ ৰ পৰৈ ১৬ লাখলৈ- ১৫ শতাংশ
    • ১৬ৰ পৰা ২০ লাখলৈ- ২০ শতাংশ
      ২০ৰ পৰৈ ২৪ লাখলৈ- ২৫ শতাংশ
  • 01 Feb 2025 12:23 PM (IST)

    বাৰ্ষিক আয় ১২ লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই,

    আয়কৰৰ ক্ষেত্ৰত চৰকাৰে ডাঙৰ ঘোষণা কৰে। ১২ লাখ পৰ্যন্ত আয়ৰ ওপৰত কৰ নাই। অৰ্থাৎ বাৰ্ষিক আয় ১২ লাখ থকাসকলে দিব নালাগে কৰ। ১২ লাখৰ পৰা ১৬ লাখ টকাৰ ভিতৰত আয়ৰ ওপৰত ১৫% কৰ আৰোপ কৰা হ’ব।

  • 01 Feb 2025 12:15 PM (IST)

    জ্যেষ্ঠ নাগৰিকৰ বাবে ডাঙৰ ঘোষণা

    বিত্তমন্ত্ৰীয়ে কয় যে, টিডিএছৰ প্ৰক্ৰিয়াটো সহজ কৰি তোলা হ’ব। জ্যেষ্ঠ নাগৰিকৰ বাবে দুগুণ কৰ ৰেহাই দিয়া হ’ব। জ্যেষ্ঠ নাগৰিকৰ বাবে সুত ৰেহাই ৫০ হাজাৰৰ পৰা ১ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।

  • 01 Feb 2025 12:10 PM (IST)

    কি কি সামগ্ৰীৰ মূল্য হ’ব হ্ৰাস…

    ভাৰতত নিৰ্মিত টিভি, মোবাইল, ইলেক্ট্ৰিক গাড়ী আৰু কাপোৰৰ মূল্য হ্ৰাস পাব। আনহাতে চামৰাৰ সামগ্ৰীৰ মূল্যও পাব হ্ৰাস।

  • 01 Feb 2025 12:05 PM (IST)

    ৩৬ বিধ জীৱন দায়িনী ঔষধৰ মূল্য হ্ৰাস

    • হ্ৰাস পালে ৩৬ বিধ জীৱন দায়িনী ঔষধৰ মূল্য ।
    • বীমা খণ্ডত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ সীমা ৭৪ শতাংশৰ পৰা ১০০ শতাংশলৈ বৃদ্ধি কৰা হ’ব।
    • চৰকাৰে গ্ৰাম্য অঞ্চলসমূহত ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকৰ সেৱাসমূহ সম্প্ৰসাৰণ কৰিব।
    • ৰপ্তানি বৃদ্ধিৰ বাবে ৰপ্তানি প্ৰসাৰ অভিযানৰ সৃষ্টি কৰা হ’ব
    • ২০২৫ চনত আৰম্ভ হ’ব সংশোধিত কেন্দ্ৰীয় কে ৱাই চি পঞ্জীয়ন।
    • ৩৬ টা জীৱন দায়িনী ঔষধ ১০০% কাষ্টম ডিউটি ​​ফ্ৰী
  • 01 Feb 2025 11:55 AM (IST)

    নতুন আয়কৰ আইন…

    বাজেট দাখিল কৰাৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে অহা সপ্তাহত চৰকাৰে নতুন আয়কৰ বিধেয়ক আনিব।

  • 01 Feb 2025 11:48 AM (IST)

    বিত্তমন্ত্ৰীৰ ডাঙৰ ঘোষণা

    • চৰকাৰে ১ কোটি গিগ কৰ্মীক সহায় কৰিবলৈ ই-শ্ৰম প্লেটফৰ্মত পঞ্জীয়নৰ ব্যৱস্থা কৰিব।
    • ২০৪৭ চনৰ ভিতৰত ১০০ জিৱাট পাৰমাণৱিক শক্তি ক্ষমতাৰ লক্ষ্যৰে মুঠ ২০ হাজাৰ কোটি টকা ব্যয়ৰে পাৰমাণৱিক শক্তি অভিযান আৰম্ভ কৰা হ’ব। বিদ্যুৎ বিতৰণ কোম্পানীসমূহৰ সংস্কাৰক উৎসাহিত কৰা হ’ব, ৰাজ্যসমূহে সংস্কাৰৰ বাবে জিএছডিপিৰ ০.৫ শতাংশ পৰ্যন্ত ঋণ ল’ব পাৰিব।
    • প্ৰথমবাৰৰ বাবে পাঁচ লাখ মহিলা, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ উদ্যোগীক ২ কোটি টকাৰ ঋণ প্ৰদান কৰিব চৰকাৰে।
    • ২০২৫ চনত অতিৰিক্ত ৪০ হাজাৰ ইউনিট সুলভ মূল্যৰ গৃহ নিৰ্মাণ সম্পূৰ্ণ হ’ব।
    • চৰকাৰে ১২০টা গন্তব্যস্থান সংযোগৰ বাবে সংশোধিত ইউডান আঁচনি আৰম্ভ কৰিব।
  • 01 Feb 2025 11:45 AM (IST)

    বিহাৰৰ বাবে ঘোষণা

    সীতাৰমনে কয় যে বিহাৰত গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণ কৰা হ’ব। পশ্চিম কোশীৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

  • 01 Feb 2025 11:37 AM (IST)

    কি কি ঘোষণা হ’ল

    • অসমৰ নামৰূপত বছৰি ১২.৭ টন ক্ষমতাৰ ইউৰিয়া প্লাণ্ট স্থাপন কৰা হ’ব
    • ঋণৰ কাম-কাজৰ বাবে ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমক সাহায্য প্ৰদান কৰিব চৰকাৰে
    • স্বচ্ছ প্ৰযুক্তি উৎপাদনত সহায়ক হোৱাকৈ মিছন আৰম্ভ কৰিব চৰকাৰে
    • মুকলি হ’ব ২০০ দিনৰ কেন্সাৰ কেয়াৰ চেণ্টাৰ
    • চৰকাৰে বিহাৰত স্থাপন কৰিব ৰাষ্ট্ৰীয় খাদ্য প্ৰযুক্তি, উদ্যোগীকৰণ আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান
    • শিক্ষাৰ বাবে মুকলি হ’ব AI Excellence Center
    • চিকিৎসা মহাবিদ্যালয়ত বৃদ্ধি পাব আসন অহা বছৰৰ পৰা চিকিৎসা মহাবিদ্যালয়খনত ১০ হাজাৰ আসন বৃদ্ধি কৰা হ’ব।
  • 01 Feb 2025 11:34 AM (IST)

    চিকিৎসা ক্ষেত্ৰৰ ছাত্ৰ-ছাত্ৰীসকললৈ উপহাৰ

    চিকিৎসা ক্ষেত্ৰৰ ছাত্ৰ-ছাত্ৰীসকললৈ উপহাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ।  মেডিকেল কলেজত বৃদ্ধি হ’ব আসন।

  • 01 Feb 2025 11:31 AM (IST)

    IIT ৰ ক্ষেত্ৰত সিদ্ধান্ত

    আই আই টিৰ ক্ষমতা বৃদ্ধি কৰাৰ লক্ষ্য। ৫ খন আই আই টিত অতিৰিক্ত আন্তঃগাঁথনি সৃষ্টি কৰা হ’ব লগতে আই আই টি পাটনা সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত।

  • 01 Feb 2025 11:29 AM (IST)

    দাইল উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ লক্ষ্য

    বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, দাইলৰ ক্ষেত্ৰত স্বাৱলম্বী হ’বলৈ ৬ বছৰীয়া কাৰ্যসূচী আৰম্ভ কৰা হ’ব। য’ত ৰহৰ দাইল,মচুৰ দাইল আদিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব।। শাক-পাচলি আৰু ফল-মূলৰ উৎপাদন বৃদ্ধি আৰু পাৰিতোষিক মূল্য নিশ্চিত কৰাৰ বাবে এক বিস্তৃত কাৰ্যসূচী আৰম্ভ কৰা হ’ব।

  • 01 Feb 2025 11:25 AM (IST)

    কৃষকৰ বাবে ‘ধন ধ্যান কৃষি’ আঁচনিৰ ঘোষণা

    বিত্তমন্ত্ৰীয়ে ‘ধন ধ্যান কৃষি’ আঁচনিৰ ঘোষণা কৰে। এই আঁচনিৰ অধীনত কম উৎপাদন, আধুনিক শস্যৰ তীব্ৰতা আৰু গড় ঋণৰ পৰিমাপতকৈ ১০০খন জিলা সামৰি লোৱা হ’ব। ইয়াৰ দ্বাৰা ১.৭ কোটি কৃষক উপকৃত হ’ব। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, সংস্কাৰৰ অধীনত কৰ, বিদ্যুৎ, কৃষি, খনি আৰু নগৰ খণ্ডক আগুৱাই নিব। লগতে কয়, উন্নত ভাৰতৰ অধীনত আমাৰ লক্ষ্যসমূহৰ ভিতৰত আছে দৰিদ্ৰতা দূৰ কৰা, ১০০ শতাংশ মানসম্পন্ন শিক্ষা নিশ্চিত কৰা, সুলভ আৰু সৰ্বাংগীন স্বাস্থ্যসেৱা। অহা পাঁচ বছৰে বৃদ্ধিৰ ক্ষেত্ৰত এক অনন্য সুযোগ উপস্থাপন কৰিব। এই বাজেটৰ লক্ষ্য হৈছে পৰিৱৰ্তনশীল সংস্কাৰক আগুৱাই নিয়া।

  • 01 Feb 2025 11:21 AM (IST)

    কৃষকৰ বাবে ডাঙৰ ঘোষণা, বৃদ্ধি KCC ৰ সীমা

    কৃষকৰ বাবে ডাঙৰ ঘোষণা কৰিলে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে। বৃদ্ধি  কৰিলে KCC ৰ সীমা। বিহাৰৰ বাবে মখানা ব’ৰ্ড গঠনৰ কথা ঘোষণা বিত্তীয় মন্ত্ৰীৰ। কৃষকসকলৰ বাবে এই ঘোষণা কৰাৰ সময়ত তেওঁ কয় যে কিষাণ ক্ৰেডিট কাৰ্ডৰ সীমা ৫ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।

  • 01 Feb 2025 11:14 AM (IST)

    বিৰোধীৰ সদন ত্যাগ

    বিত্তমন্ত্ৰীয়ে আৰম্ভ কৰিছে ভাষণ। এই সময়ত নিৰ্মলা সীতাৰমনে কেন্দ্ৰৰ কাম-কাজৰ বিষয়ে উল্লেখ কৰে। সীতাৰমনৰ ভাষণৰ বিৰোধিতা কৰি বহু বিৰোধীয়ে সদন ত্যাগ কৰে।

  • 01 Feb 2025 11:08 AM (IST)

    নিৰ্মলা সীতাৰমণে দাখিল কৰিলে কেন্দ্ৰীয় বাজেট

    সংসদত বাজেট দাখিল কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। কিন্তু তাৰ আগতে সমাজবাদী পাৰ্টীৰ সাংসদসকলে শ্লোগান আৰম্ভ কৰে। অখিলেশ যাদৱকে ধৰি বহু এছ পি নেতাই শ্ল’গান দিয়ে। অধ্যক্ষ ওম বিৰলাই এছ পিৰ সাংসদসকলক শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়।

  • 01 Feb 2025 11:05 AM (IST)

    ভাষণৰ সময়

    বাজেটত নিৰ্মলা সীতাৰমনে দিয়া ভাষণৰ সময়

    • ২০২০ – ১৬০ মিনিট
    • ২০২১ – ১১০ মিনিট
    • ২০২২ – ৯২ মিনিট
    • ২০২৩ – ৮৭ মিনিট
    • ২০২৪ (ফেব্ৰুৱাৰী) – ৫৬ মিনিট
    • ২০২৪ (জুলাই) – ৮৫ মিনিট
  • 01 Feb 2025 10:58 AM (IST)

    স্বাস্থ্য খণ্ডই কি পাব

    যোৱা বছৰৰ (২০২৪-২৫) কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৯০,৬৫৮.৬৩ কোটি টকাৰ বাজেট লাভ কৰিছিল, যিটো ২০২৩-২৪ চনৰ সংশোধিত অনুমান ৮০,৫১৭.৬২ কোটি টকাৰ তুলনাত ১২.৫৯% বেছি। গতিকে লক্ষণীয় হ’ব যে এইবাৰ বাজেটত স্বাস্থ্য খণ্ডই কি উপহাৰ লাভ কৰে।

  • 01 Feb 2025 10:47 AM (IST)

    আৰম্ভ সংসদ অধিৱেশন

    আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিব কেন্দ্ৰীয় বাজেট। ইতিমধ্যে আৰম্ভ হৈছে কেবিনেট বৈঠক। এই বৈঠকতে কেন্দ্ৰীয় বাজেটে মঞ্জুৰী লাভ কৰিব।

  • 01 Feb 2025 10:34 AM (IST)

    পুৰণি কৰ ব্যৱস্থা বাতিল

    আগন্তুক বাজেটত কেন্দ্ৰীয় চৰকাৰে পুৰণি কৰ ব্যৱস্থা সম্পূৰ্ণৰূপে বাতিল কৰিব পাৰে । সূত্ৰ অনুসৰি চৰকাৰে এইবাৰৰ বাজেটত নতুন আয়কৰ ব্যৱস্থাত নতুন টেক্স স্লেৱ প্ৰৱৰ্তন কৰিব পাৰে । এই ব্যৱস্থা সেইসকলৰ বাবে, যাৰ বাৰ্ষিক আয় ১৫ৰ পৰা ১৮ লাখ টকা । সেই সীমাত কৰ ২৫ শতাংশ হ’ব পাৰে ।

  • 01 Feb 2025 10:28 AM (IST)

    কিছু সময় পাছতেই কেবিনেট বৈঠক

    কিছু সময় পাছতেই আৰম্ভ হ’ব মোদী চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকতে পূৰ্ণাংগ বাজেটক মঞ্জুৰী প্ৰদান কৰা হ’ব। ইতিমধ্য়ে এজন এজনকৈ মন্ত্ৰী উপস্থিত হৈছে সংসদত।

  • 01 Feb 2025 10:19 AM (IST)

    ৰাষ্ট্ৰপতিৰ সৈতে বিত্তমন্ত্ৰী…

    ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ সৈতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন।

     

    Nirmla Sitaraman With President

    ৰাষ্ট্ৰপতিৰ সৈতে বিত্তমন্ত্ৰী আৰু তেওঁৰ দলটো

  • 01 Feb 2025 10:10 AM (IST)

    সংসদত উপস্থিত বিত্তমন্ত্ৰী

    বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন ইতিমধ্যে সংসদত উপস্থিত হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে মধুবনী আৰ্ট শাৰী পিন্ধিছে। এই শাৰীখন বিত্তমন্ত্ৰীগৰাকীক দুলাৰী দেৱীয়ে উপহাৰ দিছিল। দুলাৰী দেৱীয়ে ২০২১ চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল।

  • 01 Feb 2025 09:57 AM (IST)

    বিত্তীয় ঘাটি…

    অৰ্থনৈতিক সমীক্ষাত উল্লেখ কৰা অনুসৰি এপ্ৰিলৰ পৰা ডিচেম্বৰলৈকে দেশৰ বিত্তীয় ঘাটি সম্পূৰ্ণ বছৰৰ লক্ষ্যৰ ৫৬.৭%। এপ্ৰিল-নৱেম্বৰ মাহৰ বিত্তীয় ঘাটি ৮.৪৭ লাখ কোটি টকা আছিল। যি বৃদ্ধি কৰি ২০২৫ ত ৫২.৫% লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

  • 01 Feb 2025 09:48 AM (IST)

    জিডিপি ৬.৮ শতাংশ বৃদ্ধিৰ অনুমান

    ৰাষ্ট্ৰীয় একাউণ্টৰ তথ্য অনুমান অনুসৰি ২০২৫ বিত্তীয় বৰ্ষত দেশৰ বাস্তৱিক জিডিপি ৬.৪ শতাংশ বৃদ্ধি হোৱাৰ প্ৰকল্প কৰা হৈছে। ২০২৪-২৫ চনৰ অৰ্থনৈতিক সমীক্ষাত কৈছিল যে ২৬ বিত্তীয় বৰ্ষত জিডিপি বৃদ্ধি ৬.৩ৰ পৰা ৬.৮ শতাংশৰ ভিতৰত হ’ব বুলি আশা কৰা হৈছে।

  • 01 Feb 2025 09:41 AM (IST)

    অৰ্থনৈতিক জৰীপ দাখিল

    বিত্তমন্ত্ৰীয়ে কালি সংসদত ২০২৪-২৫ বৰ্ষৰ অৰ্থনৈতিক জৰীপ দাখিল কৰিছিল। উল্লেখ্য যে, সাধাৰণ বাজেট দাখিলৰ পূৰ্বে বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ অৰ্থনৈতিক কোষৰ দ্বাৰা মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ নেতৃত্বত অৰ্থনৈতিক জৰীপ প্ৰস্তুত কৰা হয়।

  • 01 Feb 2025 09:26 AM (IST)

    কিছু সময় পিছতে অনুষ্ঠিত হ’ব কেবিনেট বৈঠক

    কিছুসময় পিছতে পুৱা ১০.২৫ বজাত সংসদ ভৱনত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব, এই বৈঠকত বাজেট অনুমোদিত হ’ব।
  • 01 Feb 2025 09:17 AM (IST)

    ৰে’লৱেৰ বাবে ডাঙৰ ঘোষণা

    এইবাৰ বাজেটত ৰে’লৱেৰ বাবে কোনো ডাঙৰ ঘোষণা কৰিব পাৰে। ৰে’লৱেক ৩ লাখ কোটি টকা আৱন্টন দিয়াৰ সম্ভাৱনা আছে। ইয়াৰোপৰি এইবাৰ বাজেটত ৰে’লৰ আন্তঃগাঁথনি, বন্দে ভাৰত শ্লীপাৰ, অমৃত ভাৰত বা বন্দে মেট্ৰ’ নিৰ্মাণ আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।

  • 01 Feb 2025 09:06 AM (IST)

    আয়কৰ ৰেহাই

    আশা কৰা হৈছে, এইবাৰ বাজেটে আয়কৰৰ ক্ষেত্ৰত কোনো নতুন আইন আনিব। ইয়াৰোপৰি কৰ দাতাসকলক কিছু ৰেহাই প্ৰদান কৰা হ’ব। বৰ্তমানৰ নিয়ম অনুসৰি বাৰ্ষিক আয় ১২ ৰ পৰা ১৫ লাখ হোৱাসকলে ২০ শতাংশ কৰ দিব লাগে। আশা কৰা হৈছে চৰকাৰে মধ্যবিত্ত কৰদাতাসকলক ৰেহাই প্ৰদান কৰাৰ বাবে ১৫ ৰ পৰা ১৮ লাখৰ নতুন টেক্স স্লেভ তৈয়াৰ কৰিব পাৰে।ইয়াৰ অধীনত অহা কৰ দাতাসকলৰ বাবে আয়কৰৰ পৰিমাণ ২৫ শতাংশ হ’ব পাৰে।

Published On - Feb 01,2025 9:02 AM