Union Budget 2025: ভাৰতত প্ৰথম বাজেট কোনে দাখিল কৰিছিল? জানক বাজেটৰ ইতিহাস আৰু গুৰুত্বপূৰ্ণ কথাবোৰ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংসদত দাখিল ২০২৫-২৬ৰ সাধাৰণ বাজেট। প্ৰতি বছৰে কেন্দ্ৰীয় চৰকাৰৰ বাজেট দাখিল কৰে চৰকাৰৰ বিত্ত মন্ত্ৰীয়ে। কিন্তু আপুনি জানেনে ভাৰতত প্ৰথম বাজেট কোনে দাখিল কৰিছিল?

Union Budget 2025: ভাৰতত প্ৰথম বাজেট কোনে দাখিল কৰিছিল? জানক বাজেটৰ ইতিহাস আৰু গুৰুত্বপূৰ্ণ কথাবোৰ

ভাৰতত প্ৰথম বাজেট কোনে দাখিল কৰিছিল?

Updated On: 

01 Feb 2025 11:42 AM

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেট দাখিল। সংসদত ২০২৫-২৬ বৰ্ষৰ বাজেট দাখিল কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ। যেতিয়াই আমি “বাজেট” শব্দটো শুনিবলৈ পাওঁ, তেতিয়াই চৰকাৰে প্ৰতি বছৰে দাখিল কৰা বাজেটখনলৈ মনত পৰে। বাজেটৰ জৰিয়তে আমি জানিবলৈ চেষ্টা কৰোঁ যে কোনবোৰ বস্তুৰ ওপৰত চৰকাৰে আগন্তুক বিত্তীয় বৰ্ষৰ বাবে কৰ বৃদ্ধি কৰি দাম বৃদ্ধি কৰিছে আৰু কোনবোৰ বস্তুৰ ওপৰত ৰাজসাহায্যৰ জৰিয়তে বা আন কোনো ধৰণেৰে দাম সামান্য হ্ৰাস কৰি সাধাৰণ জনতাক সকাহ দিয়া হৈছে।

বাজেট ক’ৰ পৰা আহিছে?

বাজেট ইংৰাজী বাজেট শব্দৰ পৰা আহিছে। এই শব্দৰ অৰ্থ হৈছে প্ৰশাসনৰ আৰ্থিক অৱস্থা। কিন্তু বাজেট শব্দটোৰ উৎপত্তি হৈছে, ইয়াৰ অৰ্থ আন কিবা। আচলতে বাজেট ফৰাচী শব্দ Bougette ৰ পৰাই উদ্ভৱ হৈছে। আনহাতে Bougette Bouge ৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে চামৰাৰ ব্ৰীফকেছ।

বাজেটে আপোনাক আপোনাৰ ধন অপ্ৰয়োজনীয় ব্যয়ৰ পৰা গুৰুত্বপূৰ্ণ লক্ষ্যলৈ সলনি কৰাত সহায় কৰিব পাৰে। কিন্তু সংবিধানত এবাৰো ‘বাজেট’ৰ উল্লেখ নাই। সংবিধানৰ ১১২ নং অনুচ্ছেদত ইয়াক ‘বাৰ্ষিক বিত্তীয় বিৱৰণী’ বুলি নামকৰণ কৰা হৈছে। এই বিবৃতিত চৰকাৰে গোটেই বছৰটোৰ আনুমানিক ব্যয় আৰু আয়ৰ সবিশেষ দাঙি ধৰে।

ভাৰতত প্ৰথম বাজেট কোনে দাখিল কৰিছিল?

ব্ৰিটিছ শাসনকালত ভাৰতৰ প্ৰথম বাজেট ১৮৬০ চনৰ ৭ এপ্ৰিলত উপস্থাপন কৰা হৈছিল। যিখন ব্ৰিটিছ চৰকাৰৰ বিত্তমন্ত্ৰী জেমছ উইলছনে উপস্থাপন কৰিছিল। ১৯৪৭ চনৰ ২৬ নৱেম্বৰত স্বতন্ত্ৰ ভাৰতৰ প্ৰথমখন কেন্দ্ৰীয় বাজেট দাখিল কৰিছিল সেইসময়ৰ বিত্তমন্ত্ৰী আৰ কে শানমুখম চেট্টীয়ে।

বাজেট প্ৰস্তুত প্ৰক্ৰিয়া

বাজেট প্ৰস্তুতৰ সমগ্ৰ প্ৰক্ৰিয়াটো অতি গোপন পদ্ধতিৰে কৰা হয়। বাজেট বনোৱাৰ লগত জড়িত লোকসকলৰ নামো প্ৰকাশ নকৰে। বাজেট প্ৰস্তুত কৰিবলৈ বিত্ত মন্ত্ৰালয়ৰ উত্তৰ ব্লকৰ এটা গোপন স্থানত প্ৰায় ১০০ জনীয়া এটা দলক পুংখানুপুংখ তদন্তৰ অন্তত ৰখা হয়।

বাজেট প্ৰস্তুৰ ময়ত বিষয়া/কৰ্মচাৰীক ৭ দিনৰ বাবে কোনো গোপন স্থানলৈ প্ৰেৰণ কৰা হয়। এই সময়ছোৱাত লোকসকলক মোবাইল দিয়া নহয়, আনকি ঘৰতো কথা পাতিবলৈ অনুমতি দিয়া নহয় আৰু ইণ্টাৰনেটো কৰ্তন কৰা হয়। অৱশ্যে কোনো বিষয়া/কৰ্মচাৰীৰ ঘৰত অত্যন্ত জৰুৰী পৰিস্থিতিত হ’লে কথা পাতিব দিয়া হয় যদিও, তেওঁৰ কথা শুনিবলৈ চোৰাংচোৱা বিভাগৰ এজন ব্যক্তি সদায় লগত উপস্থিত থাকে।

আটাইতকৈ দীঘলীয়া বাজেট ভাষণ

২০২০ চনৰ ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট ২০২০-২১ দাখিল কৰাৰ সময়ত ২ ঘন্টা ৪২ মিনিট সময় ভাষণ দিয়াৰ অভিলেখ গঢ়ে নিৰ্মলা সীতাৰমণে।

বাজেট ভাষণত সৰ্বাধিক শব্দৰ ব্যৱহাৰ

১৮,৬৫০ শব্দৰে মনমোহন সিঙে ১৯৯১ চনত নৰসিংহ ৰাও চৰকাৰৰ দিনত শব্দৰ ক্ষেত্ৰত আটাইতকৈ দীঘলীয়া বাজেট ভাষণ প্ৰদান কৰিছিল। উল্লেখ্য যে, ২০১৮ চনত বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে ১৮,৬০৪ শব্দৰে দীঘলীয়া ভাষণ দিছিল।

আটাইতকৈ চুটি বাজেট ভাষণ

১৯৭৭ চনত তেতিয়াৰ বিত্তমন্ত্ৰী হীৰুভাই মুলজিভাই পেটেলে মাথোঁ ৮০০ শব্দৰে আটাইতকৈ চুটি ভাষণ দিছিল।

বাজেট দাখিল কৰা প্ৰথম মহিলা

১৯৭০-৭১ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰা ইন্দিৰা গান্ধীৰ পিছত ২০১৯ চনত সীতাৰমণে বাজেট দাখিল কৰা দ্বিতীয়গৰাকী মহিলা হিচাপে পৰিগণিত হয়।

মাত্ৰ ১৮ টকাত ১০ গ্ৰাম সোণ ! কিন্তু কেনেকৈ? জানক সবিশেষ...
পাকঘৰত আছে নেকি এইসমূহ সামগ্ৰী? তেন্তে আজিয়েই কৰক আঁতৰ...
দেৱী সৰস্বতী বিবাহিত নে অবিবাহিত?
সৰস্বতী পূজাৰ দিনা কি কি খাব নালাগে, জানেনে?