Universal pension Scheme: মোদী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! দেশৰ সকলো নাগৰিকে লাভ কৰিব ধন, কেনেকৈ জানক…

Universal pension Scheme: এক ভাল খবৰ! কেন্দ্ৰ আনি আছে এক নতুন পেঞ্চন আঁচনি। যাৰ অধীনত চৰকাৰে স্বনিয়োজিত কৰ্মচাৰীসকলকো সামৰি ল'ব আৰু পেঞ্চনৰ সুবিধা প্ৰদান কৰিব।

Universal pension Scheme: মোদী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! দেশৰ সকলো নাগৰিকে লাভ কৰিব ধন, কেনেকৈ জানক...

চৰকাৰী আঁচনি

Published: 

27 Feb 2025 12:36 PM

কেন্দ্ৰৰ এক ডাঙৰ পদক্ষেপ। দেশৰ সকলো নাগৰিকৰ বাবে নতুন পেঞ্চন আঁচনি অনাৰ প্ৰস্তুতি চলাইছে নৰেন্দ্ৰ মোদীৰ চৰকাৰে। সূত্ৰ অনুসৰি জানিব পৰা মতে এই পেঞ্চন আঁচনিখনৰ নাম হ’ব ইউনিভাৰ্ছেল পেঞ্চন আঁচনি (Universal pension scheme) ।  দেশৰ সকলো নাগৰিকক বৃদ্ধাৱস্থাত আৰ্থিক সহায় প্ৰদান কৰায়ে এই আঁচনিৰ মূল উদ্দেশ্য। এই আঁচনিৰ অধীনত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি ঠিকাভিত্তিক শ্ৰমিক, ঘৰুৱা সহায়ক, গিগ কৰ্মী আদি সকলোকে সামৰি লোৱা হ’ব। এই কথা সদৰি  কৰিছে শ্ৰম মন্ত্ৰালয়ে।

জানিব পৰা মতে,চৰকাৰে এই আঁচনি গুৰুত্ব সহকাৰে লৈছে আৰু ইতিমধ্যে শ্ৰম মন্ত্ৰালয়ে ইয়াৰ প্ৰস্তাৱৰ নথি-পত্ৰ প্ৰস্তুত কৰাৰ কাম আৰম্ভ কৰিছে। এই আঁচনিত চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি অন্তৰ্ভুক্ত কৰিব পাৰে। এই আঁচনি প্ৰৱৰ্তনৰ চৰকাৰৰ লক্ষ্য হ’ল কেৱল দৰমহা পোৱা কৰ্মচাৰীকে নহয়, স্বনিয়োজিত সকলকো পেঞ্চন পৰিসৰৰ অধীনলৈ অনা।

উল্লেখ কৰা প্ৰয়োজন যে, অসংগঠিত খণ্ডক পেঞ্চনৰ সুবিধা প্ৰদানৰ বাবে চৰকাৰে বিভিন্ন পেঞ্চন আঁচনি চলাই আছে। যাৰ অধীনত বিনিয়োগ কৰা ব্যক্তিজনে ৬০ বছৰ সম্পূৰ্ণ কৰাৰ পিছত নিশ্চিত পেঞ্চনৰ সুবিধা লাভ কৰে। ইয়াৰোপৰি পি এম শ্ৰম যোগী মনধন অৰ্থাৎ পি এম-এছ ৱাই এম আঁচনি আছে যাৰ অধীনত বিশেষকৈ ৰাজপথৰ বিক্ৰেতাসকলৰ লগতে ঘৰুৱা কৰ্মচাৰী সকল উপকৃত হয়। ৬০ বছৰ বয়স হোৱাৰ পিছত নিয়মীয়া আয় নিশ্চিত কৰা এই আঁচনিৰ মূল লক্ষ্য ।

গতিকে এনে অৱস্থাত প্ৰশ্ন হয়, এই আঁচনিৰ ফলত বৰ্তমান চলি থকা আঁচনিৰ কিবা সাল-সলনি হ’ব নেকি?  উল্লেখ কৰা প্ৰয়োজন যে, এই আঁচনি বৰ্তমান প্ৰাৰম্ভিক পৰ্যায়ত আছে। গতিকে ইয়াৰ লগত জড়িত অধিক বিৱৰণ পোহৰলৈ আহিবলৈ কিছু সময় লাগিব। খবৰ অনুসৰি এই পেঞ্চন আঁচনিখন স্বেচ্ছামূলক পেঞ্চন আঁচনি হ’ব আৰু ইয়াত চৰকাৰে কোনো অনুদান আগনবঢ়ায়। বৰ্তমান কৰ্মচাৰী আৰু নিয়োগকৰ্তা উভয়ে কৰ্মচাৰীৰ ভৱিষ্য পুঁজি সংস্থা অৰ্থাৎ ইপিএফঅ’ৰ অধীনত পৰিচালিত আঁচনিসমূহত অৰিহণা যোগায়।

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক