৩১ মাৰ্চৰ পূৰ্বে সম্পূৰ্ণ কৰক এই কাম, অন্যথা ভৰিব লাগিব ৫০% অতিৰিক্ত কৰ

কৰদাতাসকলৰ জৰিমনা হ্ৰাস কৰিবলৈ ২০২৫ চনৰ ৩১ মাৰ্চৰ পূৰ্বে আপডেট কৰা আয়কৰ ৰিটাৰ্ণ (আইটিআৰ-ইউ) তৎক্ষণাত দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছে। এই সন্দৰ্ভ আজি আয়কৰ বিভাগে পৰামৰ্শ জাৰি কৰিছে। এই প্ৰতিবেদনত কেনেকৈ ৫০ শতাংশ অতিৰিক্ত কৰ পৰিশোধৰ পৰা হাত সাৰিব পাৰি তাৰ সম্পৰ্কে কিছু তথ্য উল্লেখ কৰা হৈছে।

৩১ মাৰ্চৰ পূৰ্বে সম্পূৰ্ণ কৰক এই কাম, অন্যথা ভৰিব লাগিব ৫০% অতিৰিক্ত কৰ

৩১ মাৰ্চৰ পূৰ্বে সম্পূৰ্ণ কৰক এই কাম

Published: 

25 Mar 2025 17:12 PM

মাৰ্চ মাহ শেষ হ’বলৈ মাজত মাথোঁ কেইটামান দিন বাকী । ৩১ মাৰ্চৰ পূৰ্বে ধন সম্পৰ্কীয় বহু কাম সম্পূৰ্ণ কৰাটো আপোনালোকৰ বাবে প্ৰয়োজনীয়। যদি আপুনি বিত্তীয় বৰ্ষ শেষ হোৱাৰ আগতে এই কাম সম্পূৰ্ণ নকৰে তেন্তে আপুনি জৰিমনা ভৰিবলগীয়া হ’ব পাৰে। আজি আমি আপোনালোকক এইবোৰ কাম কৰি কেনেকৈ ৫০ শতাংশ অতিৰিক্ত কৰ পৰিশোধৰ পৰা হাত সাৰিব পাৰি তাৰ সম্পৰ্কে কিছু তথ্য দিম।

আয়কৰ বিভাগৰ পৰামৰ্শ

আজি আয়কৰ বিভাগে এক পৰামৰ্শ জাৰি কৰি কৰদাতাসকলক ৩১ মাৰ্চ, ২০২৫ৰ ঠিক আগতে আপডেট কৰা আয়কৰ ৰিটাৰ্ণ (আইটিআৰ-ইউ) দাখিল কৰিবলৈ আহ্বান জনাইছে। যাতে কৰদাতাসকলকৰ জৰিমনা আৰু অতিৰিক্ত আৰ্থিক বোজা হ্ৰাস পায়। আপডেট কৰা আয়কৰ ৰিটাৰ্ণ দাখিল কৰিলে কৰদাতাসকলে স্বেচ্ছাই যিকোনো অপ্ৰকাশিত আয় প্ৰকাশ কৰিব পাৰে বা পূৰ্বতে দাখিল কৰা ৰিটাৰ্ণত হোৱা ভুল শুধৰণি কৰিব পাৰে।

বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে লোকসভাত লিখিত উত্তৰত কয় যে, চলিত মূল্যায়ন বৰ্ষত (২০২৪-২৫) ২৮ ফেব্ৰুৱাৰীলৈকে ৪.৬৪ লাখ আপডেট আইটিআৰ দাখিল কৰা হৈছে আৰু ৪৩১.২০ কোটি টকাৰ কৰ আদায় দিয়া হৈছে। ২০২৩-২৪ বৰ্ষত ২৯.৭৯ লাখতকৈ অধিক আইটিআৰ-ইউ দাখিল কৰা হৈছে আৰু ২৯৪৭ কোটি টকাৰ অতিৰিক্ত কৰ আদায় দিয়া হৈছে।

আপডেট ৰিটাৰ্ণ

যিকোনো কৰদাতাই আপডেট  ৰিটাৰ্ণ (ITR-U) দাখিল কৰিব পাৰে, তাৰ ভিতৰত যেনে- ব্যক্তি, ব্যৱসায় বা অন্যান্য সংস্থা আদি। আয়কৰ বিভাগে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে যে, এতিয়া আইটিআৰ-ইউ দাখিল কৰিলে = ২৫% অতিৰিক্ত কৰ + সুত দিব লাগিব। আকৌ ২০২৫ চনৰ ৩১ মাৰ্চৰ পিছত দাখিল কৰা ITR-Uত ৫০% অতিৰিক্ত কৰ + সুত আদায় দিব লাগিব। অনুগ্ৰহ কৰি আয়কৰ আইন, ১৯৬১ৰ ধাৰা 139(8A)ৰ নিয়ম অনুসৰি আয়কৰৰ আপডেট কৰা ৰিটাৰ্ণ দাখিল কৰক। লগতে ২৫% অতিৰিক্ত কৰ আৰু হ্ৰাস কৰা সুতৰ সুবিধা লাভ কৰিবলৈ ৩১ মাৰ্চ, ২০২৫ৰ ভিতৰত দাখিল কৰক।

আপডেট ৰিটাৰ্ণ (ITR-U) কি?

যদি কোনো কৰদাতাই আইটিআৰ দাখিল কৰাৰ সময়ত কোনো বিৱৰণ দিবলৈ পাহৰিছে বা ৰিটাৰ্ণ দাখিল কৰাৰ সময়ত ভুল কৰিছে, তেন্তে তেওঁ সেইটো শুধৰাই পুনৰ দাখিল কৰিবলৈ আপডেট আইটিআৰ দাখিল কৰিব পাৰে।

Period Cramps: মাহেকীয়াত পেটৰ বিষৰ সমস্যা কিয় হয়?
Hanuman Janmotsav 2025: হনুমান জয়ন্তী কেতিয়া? জানক পূজাৰ শুভ সময়
ধনৰ অভাৱ দূৰ কৰিবলৈ পাকঘৰত ৰাখক এই বস্তু, জানক সবিশেষ...
কৰমুক্ত IPLৰ পৰা কিদৰে ধন উপাৰ্জন কৰে চৰকাৰে?