১ ফেব্ৰুৱাৰীৰ পৰা কৰিব নোৱাৰিব UPI পেমেন্ট! NPCI য়ে ল’লে ডাঙৰ পদক্ষেপ

১ ফেব্ৰুৱাৰীৰ পৰা আপুনি UPI পেমেণ্ট কৰিব নোৱাৰিব। এনপিচিআইয়ে সকলো ইউপিআই এপক লেনদেন আইডিত কেৱল আল্ফানিউমেৰিক (আখৰ আৰু সংখ্যা) ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে। যদিহে এপসমূহে এই নিয়ম মানি নচলে, তেন্তে ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পিছত তেওঁলোকৰ লেনদেন নাকচ কৰা হ’ব।

১ ফেব্ৰুৱাৰীৰ পৰা কৰিব নোৱাৰিব UPI পেমেন্ট! NPCI য়ে ল’লে ডাঙৰ পদক্ষেপ

১ ফেব্ৰুৱাৰীৰ পৰা কৰিব নোৱাৰিব UPI পেমেন্ট!

Published: 

29 Jan 2025 23:31 PM

যোৱা কেইবছৰমানৰ পৰা ভাৰতত UPI পেমেণ্টৰ সম্প্ৰসাৰণ ঘটিছে। কিন্তু ১ ফেব্ৰুৱাৰীৰ পৰা UPI পেমেণ্ট কৰিব নোৱাৰিব। চিন্তা নকৰিব, আমি আপোনালোকক এই সম্পৰ্কে বিতংভাৱে জনাম।

যদি কোনো UPI এপে লেনদেন আইডিত বিশেষ আখৰ (যেনে @, #, $ আদি) ব্যৱহাৰ কৰে তেন্তে সেই লেনদেন বাতিল কৰা হ’ব। ভাৰতবৰ্ষত এনে বহু এপ আছে য’ত লেনদেন আইডিত বিশেষ আখৰ ব্যৱহাৰ কৰা হয়। কিন্তু Paytm আৰু Phonepe ৰ দৰে সৰ্বাধিক ব্যৱহৃত এপসমূহে লেনদেন আইডিত বিশেষ আখৰ ব্যৱহাৰ নকৰে।

কেৱল আল্ফানিউমেৰিক ব্যৱহাৰ কৰিব লাগিব

ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্প’ৰেশ্যনে (এন পি চি আই) সকলো UPI এপক লেনদেন আই ডিত কেৱল আল্ফানিউমেৰিক (আখৰ আৰু সংখ্যা) ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে। যদিহে এপসমূহে এই নিয়ম মানি নচলে, তেন্তে ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পিছত তেওঁলোকৰ লেনদেন নাকচ কৰা হ’ব। ২০২৫ চনৰ ৯ জানুৱাৰীত এন পি চি আইয়ে এখন চাৰ্কুলাৰ জাৰি কৰিছিল। য’ত কোৱা হৈছে যে, ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা সকলো UPI এপত লেনদেন আইডিত বিশেষ আখৰ ব্যৱহাৰ কৰিব নোৱাৰিব।

কাম নকৰিব

যদি কোনো UPI এপে এই নিয়ম মানি নচলে, তেন্তে সেই এপৰ পৰা UPI লেনদেনে কাম নকৰে। এই নিয়ম ব্যৱসায়িক ব্যৱহাৰকাৰীৰ বাবে প্ৰযোজ্য। কিন্তু ই সাধাৰণ ব্যৱহাৰকাৰীসকলকো প্ৰভাৱিত কৰিব।

সেইবাবে এই পদক্ষেপ

ইতিমধ্যে এনপিচিআইয়ে সকলো UPI এপক এই পৰিৱৰ্তন কৰিবলৈ সময় দিছে, যাতে তেওঁলোকে লেনদেন আইডি ৩৫ ডিজিট আল্ফানিউমেৰিক কৰে। ইয়াৰ উপৰিও এপসমূহক ডুপ্লিকেট লেনদেন আইডিৰ পৰা আঁতৰি থাকিবলৈও পৰামৰ্শ দিছে। বিশেষজ্ঞসকলে কয় যে, এই পৰিৱৰ্তনে ব্যৱস্থাটোৰ উন্নতি সাধন কৰিব। লেনদেন কৰাটো সহজ হ’ব আৰু সুৰক্ষাও বৃদ্ধি পাব।

দাঁতৰ সমস্যা দূৰ কৰিব পৰা ঘৰুৱা উপায়সমূহৰ বিষয়ে জানক
কাইলৈৰ পৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন, ভট্টদেৱ সমন্বয় ক্ষেত্ৰত যুদ্ধকালীন ব্যস্ততা
সৰস্বতী পূজালৈ মাজত মাঁথো ৩টা দিন, মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল
প্ৰতিদিনে যদি দুটা বগৰী খাই, তেন্তে কি হয় জানেনে?