১ এপ্ৰিলৰ পৰা UPIত হ’ব ডাঙৰ পৰিৱৰ্তন! NPCIয়ে জাৰি কৰিলে নতুন গাইডলাইন
ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (UPI) ব্যৱহাৰ কৰা লাখ লাখ ব্যৱহাৰকাৰীৰ বাবে অতি শীঘ্ৰে হ'ব এক এটা ডাঙৰ পৰিৱৰ্তন । ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্পৰেশ্যনে বেংক আৰু ইউপিআই এপৰ বাবে নতুন গাইডলাইন জাৰি কৰিছে। যিটো ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হ’ব।এনপিচিআইৰ নতুন গাইডলাইনৰ উদ্দেশ্য হৈছে ইউপিআইৰ লেনদেন অধিক সুৰক্ষিত কৰা।

UPIত হ'ব ডাঙৰ পৰিৱৰ্তন
ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (UPI) ব্যৱহাৰ কৰা লাখ লাখ ব্যৱহাৰকাৰীৰ বাবে অতি সোনকালে হ’ব এক ডাঙৰ পৰিৱৰ্তন। ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে বেংক আৰু ইউপিআই এপৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে, যি ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হ’ব। এই পৰিৱৰ্তনৰ অধীনত বেংক আৰু ইউপিআই সেৱা প্ৰদানকাৰীসকলে প্ৰতি সপ্তাহত ইউপিআই মোবাইল নম্বৰৰ তথ্য আপডেট কৰিব লাগিব। যাতে ভুল লেনদেনৰ সৈতে জড়িত সমস্যাসমূহ ৰোধ কৰিব পৰা যায়। ইয়াৰ উপৰিও ইউপিআই আইডি এচাইন কৰাৰ আগতে ব্যৱহাৰকাৰীসকলৰ পৰা স্পষ্ট অনুমতি লোৱাটো বাধ্যতামূলক কৰা হৈছে।
NPCIৰ নতুন গাইডলাইন
NPCIৰ নতুন গাইডলাইনৰ উদ্দেশ্য হৈছে ইউপিআইৰ লেনদেন অধিক সুৰক্ষিত কৰা। প্ৰায়ে মোবাইল নম্বৰ সলনি বা নতুন গ্ৰাহকক ৰি-এচাইন কৰাৰ বাবে ভুল ইউপিআই লেনদেনৰ আশংকা বৃদ্ধি পায়। এই কথা মনত ৰাখি NPCIয়ে বেংক আৰু ইউপিআই এপসমূহক নিয়মীয়াকৈ মোবাইল নম্বৰ আপডেট কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ ফলত পুৰণি মোবাইল নম্বৰৰ বাবে হোৱা ভুল ৰোধ হ’ব আৰু ইউপিআই ব্যৱস্থাটো পূৰ্বতকৈ অধিক সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য হ’ব।
বেংকৰ বাবে কঠোৰ নিৰ্দেশনা
এই সন্দৰ্ভত এনপিচিআইয়ে স্পষ্ট কৰি দিছে যে, এই নতুন নিয়মসমূহ পালনৰ বাবে সকলো বেংক আৰু ইউপিআই এপসমূহে ২০২৫ চনৰ ৩১ মাৰ্চলৈকে অপেক্ষা কৰিব লাগিব। ইয়াৰ পিছত ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা সকলো সেৱা প্ৰদানকাৰীয়ে ইউপিআই আইডি সঠিকভাৱে পৰিচালনা কৰিছে নে নাই, সেই তথ্য মাহত এবাৰ এনপিচিআইলৈ প্ৰেৰণ কৰিব লাগিব।
মোবাইল নম্বৰ পুনঃব্যৱহাৰ
ভাৰতৰ দূৰসংযোগ বিভাগৰ নিয়ম অনুসৰি যদি কোনো মোবাইল নম্বৰ যদি ৯০ দিন ব্যৱহাৰ কৰা হোৱা নাই, তেন্তে নতুন গ্ৰাহকক আবণ্টন দিব পাৰিব। ইয়াক মোবাইল ৰিচাইক্লিং বোলা হয়। যেতিয়া পুৰণি নম্বৰটো নতুন ব্যৱহাৰকাৰীক দিয়া হয়, তেতিয়া ইয়াৰ সৈতে জড়িত ইউপিআই একাউণ্ট আৰু লেনদেনত সমস্যা হ’ব পাৰে।