Us president election: ড’নাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হ’লে কিয় ক্ষতিগ্ৰস্ত হ’ব এইসকল ভাৰতীয়?
US president election: আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনে সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। এইবাৰ নিৰ্বাচনী যুঁজত নামিছে কমলা হেৰিছ আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প। ইয়াৰে কোনগৰাকী নেতা ৰাষ্ট্ৰপতি হ'লে ভাৰতীয়সকল ক্ষতিগ্ৰস্ত হ'ব তাৰ ক্ষেত্ৰত এক অনুমান কৰা হৈছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত সমগ্ৰ বিশ্বতে চৰ্চা চলি আছে। মঙলবাৰে অনুষ্ঠিত হৈ যোৱা ভোটদানত কমলা হেৰিছ আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মাজ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা পৰিলক্ষিত হয়। কোৱা হয়, আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰে। এনে পৰিস্থিতিত যদি ড’নাল্ড ট্ৰাম্প নিৰ্বাচনত জয়ী হয় তেন্তে H1B ভিছাৰ ভিত্তিত তাত কাম কৰি থকা ভাৰতীয় আৰু আন বিদেশী নাগৰিকসকলৰ ওপৰত প্ৰভাৱ পৰিব। তেন্তে কমলা হেৰিছে জয়লাভ কৰিলে তেওঁলোক লাভান্বিত হ’ব নেকি?
প্ৰতি বছৰে বহু সংখ্য়কলোকে ভাৰতৰ পৰা আমেৰিকাত কাম কৰিবলৈ যায়। তাত ভাৰতীয়সকলে H1B ভিছাৰ সহায়ত পেছাদাৰী আৰু আই টি কোম্পানীত কাম কৰে। গতিকে, যদি আমেৰিকাত ডনাল্ড ট্ৰাম্পৰ চৰকাৰ গঠন হয় তেন্তে এই লোকসকল বৃহৎ লোকচানৰ সন্মুখীন হ’ব লাগিব। কাৰণ ড’নাল্ড ট্ৰাম্প পূৰ্বৰে পৰা এই ভিছা নীতিৰ বিৰোধিতা কৰিছিল। ইমানেই নহয়, এইবাৰৰ নিৰ্বাচনী প্ৰচাৰত ভিছা নীতিয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।
এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত ড’নাল্ড ট্ৰাম্পে প্ৰৱ্ৰজনৰ ওপৰত কঠোৰ আইন অনাৰ কথা কোৱাৰ লগতে উপযুক্ত নথি পত্ৰ অবিহনে আমেৰিকাত বাস কৰি থকা ১১ কোটি লোকক দেশৰ বাহিৰলৈ বা নিজৰ দেশলৈ ঘূৰাই পঠোৱাৰ কথা কৈছে। ইয়াৰ লগতে ড’নাল্ড ট্ৰাম্পে পেলেষ্টাইনক সমৰ্থন কৰা বিদেশী ছাত্ৰ-ছাত্ৰীক বিতাড়িত কৰাৰ লগতে জ’ বাইডেনৰ শাসনকালত আৰম্ভ হোৱা পেৰ’ল নীতি বন্ধ কৰাৰ কথাও কৈছে। যদি ড’নাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হয় তেন্তে তাত থকা প্ৰব্ৰজন আইনত বহু পৰিবৰ্তন আহিব পাৰে। গতিকে ইয়াৰ ফলত ভাৰতীয় আৰু আন বিদেশীলোক প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে।
ইয়াৰ বিপৰীতে কমলা হেৰিছৰ নিৰ্বাচনী প্ৰচাৰত অনুপ্ৰৱেশ আইনখত অধিক গুৰুত্ব দিয়াৰ কথা কৈছে। সীমান্ত সুৰক্ষাৰ বাবে চুবুৰীয়া দেশৰ সৈতে চুক্তি কৰা, দেশৰ অধিক লোকক আশ্ৰয় দিয়া, ড্ৰাগছৰ সমস্যাৰ অন্ত পেলোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ লগতে হেৰিছে কৈছে যে ৱাৰ্ক ভিছা সহজতে লাভ কৰাৰ ব্যৱস্থা কৰিব।
এনে পৰিস্থিতিত কমলা হেৰিছ ৰাষ্ট্ৰপতি হলে সেইসকল লোক লাভান্বিত হ’ব পাৰে যিয়ে গ্ৰীণ কাৰ্ডৰ বাবে অপেক্ষা কৰি আছে। ইয়াৰ ফলত ভাৰত আৰু চীন সবাতোকৈ বেছি প্ৰভাৱিত হব কিয়নো এই লোকসকলৰ অপেক্ষাৰ সময় ১০ বছৰ দীঘলীয়া হৈ হৈছে আৰু অপেক্ষা কৰা লোকৰ সংখ্যা লাখৰ অধিক।