মধ্যভোগীৰ দপদপনি! পাচলিৰ দামে বিপাঙত পেলাইছে সাধাৰণ ৰাইজক, কোনখন বজাৰত কিমানলৈ উঠিছে দাম? | vegetable price today what is the price of vegetables in diffrent market why vegetables are so expensive in assam Assam news - Assam Tv9

মধ্যভোগীৰ দপদপনি! পাচলিৰ দামে বিপাঙত পেলাইছে সাধাৰণ ৰাইজক, কোনখন বজাৰত কিমানলৈ উঠিছে দাম?

মহানগৰীৰ বেলতলা বজাৰত কেজিত ২০-৩০ টকাৰ পাচলি বিক্ৰী হৈছে ৫০ টকাকৈ। গুৱাহটীৰ বজাৰত প্ৰতিকিলো বীনৰ দাম ১০০ টকা, মটৰ ২৫০, গাজৰ ২০০, আলু ৫০ টকা, পিয়াজৰ দাম ৬০ টকা , নহৰুৰ দাম ৩০০ টকালৈ বৃদ্ধি। ব্যৱসায়ীসকলৰ মতে মধ্যভোগীক দিব লগা হৈছে অধিক দাম।

মধ্যভোগীৰ দপদপনি! পাচলিৰ দামে বিপাঙত পেলাইছে সাধাৰণ ৰাইজক, কোনখন বজাৰত কিমানলৈ উঠিছে দাম?

পাচলিৰ দামে বিপাঙত পেলাইছে ৰাইজক!

Updated On: 

20 Oct 2024 12:00 PM

বজাৰত জ্বলিছে দাম বৃদ্ধিৰ জুই! হোৰাহোৰে বাঢ়িছে অত্যাৱশ্যকীয় সামগ্ৰী, পাচলিৰ দাম।পাচলি বজাৰত ক্ৰেতা-বিক্ৰেতাৰ হাৰাশাস্তি। মধ্যভোগীৰ দপদপনিত দিকবিদিক হেৰুৱাইছে গ্ৰাহকে। দৈনিক বৃদ্ধি পোৱা পাচলিৰ দামে বিপাঙত পেলাইছে ৰাইজক। এটা সপ্তাহতে বাঢ়িল কেইবাবিধো পাচলিৰ দাম। ডাবল চেঞ্চুৰী কৰিলে শাক-পাচলিৰ দামে। যাৰ বাবে মূৰে-কপালে হাত দিবলগীয়া হৈছে সাধাৰণ জনতাই।

সমান্তৰালভৱে বৃদ্ধি পাইছে আলু-পিঁয়াজৰ দামো। বজাৰভেদে পৃথক পৃথক হৈছে পাচলিৰ দাম। উৎপাদন কম হোৱা বাবে খাৰুপেটীয়াৰ বজাৰত বাঢ়িছে পাচলিৰ দাম। বৰষুণৰ বাবে খেতি নষ্ট হোৱাৰ দাবী কৃষকসকলৰ। যাৰ বাবে প্ৰায় প্ৰতিবিধ পাচলিতে ৩০-৪০ টকালৈ বৃদ্ধি হৈছে দাম। এতিয়া খাৰুপেটীয়াৰ বজাৰত বেঙেনা দাম প্ৰতি কেজিত ৫০-৬০ টকা, লেচেৰা প্ৰতি কেজিত ৭০ টকা, জিকা প্ৰতি কেজিত ৭০-৭৫ টকা, ভাত কেৰেলা ৬০ টকালৈ বৃদ্ধি হৈছে । কিন্তু উৎপাদন কম হোৱা বাবে দাম বাঢ়িলেও লাভান্বিত হোৱা নাই কৃষকসকল।
দাম বৃদ্ধিৰ বাবে বজাৰত হ্ৰাস পাইছে গ্ৰাহকৰ সংখ্যা।

ইয়াৰ উপৰিও কাছাৰত প্ৰতি কিলোগ্ৰামত গাজৰৰ দাম হৈছে ২০০ টকা, ফুলকবিৰ ২০০ টকা, পটল ৮০ টকা, বিলাহী ৮০ টকা আৰু আলু ৪০ টকা। শিলচৰৰ ফাটক বজাৰত ফুলকবি ১৮০ পৰা ২০০ টকা, বিন ১৬০ টকাৰ পৰা ১৮০ টকা, বেঙেনা ৫০ টকাৰ পৰা ৬০ টকা আৰু ভাত কেৰেলা ৮০ টকাত বিক্ৰী কৰা হৈছে। পাহাৰীয়া অঞ্চলত যান-বাহনৰ যাতায়াত অব্যাহত থকাৰ পাছতো কিয় অযৌক্তিকভাবে সামগ্ৰীৰ দাম বৃদ্ধি কৰা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে। দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ এই অস্বাভাৱিক দামবৃদ্ধিৰ আঁৰৰ কাৰণ জানিবলৈ কাছাৰ জিলা প্ৰশাসনে ল’ব লাগিছিল পদক্ষেপ। কিন্তু এইক্ষেত্ৰত প্ৰশাসনৰ ফালৰ পৰা কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। যাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী ৰাইজে।

এই দাম বৃদ্ধিৰ ক্ষেত্ৰত সাধাৰণ ৰাইজৰ ক্ষোভ। তেওঁলোকৰ মতে একাংশ অসাধু ব্যৱসায়ীয়ে বেআইনীভাৱে বেছি দামত বিক্ৰী কৰি আছে শাক-পাচলি। সামগ্ৰী মজুত থকাৰ পাছতো অধিক লাভৰ আশাত অত্যধিক হাৰত বিক্ৰী কৰিছে শাক-পাচলি। চৰকাৰৰ টাস্ক ফ’ৰ্চ থকা স্বত্ত্বেও জিলাখনত আকাশলংঘী দাম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বৰ্তমান প্ৰশাসনে ব্যৰ্থ ভূমিকা পালন কৰি আছে বুলি অভিযোগ উত্থাপন ৰাইজৰ।

ইফালে মহানগৰীৰ বেলতলা বজাৰতো কেজিত ২০-৩০ টকাৰ পাচলি বিক্ৰী হৈছে ৫০ টকাকৈ। গুৱাহটীৰ বজাৰত প্ৰতিকিলো বীনৰ দাম ১০০ টকা, মটৰ ২৫০, গাজৰ ২০০, আলু ৫০ টকা, পিয়াজৰ দাম ৬০ টকা , নহৰুৰ দাম ৩০০ টকালৈ বৃদ্ধি। ব্যৱসায়ীসকলৰ মতে মধ্যভোগীক দিব লগা হৈছে অধিক দাম। টোল গেটৰ কৰ বৃদ্ধি বাবেই তেওঁলোকে বিচাৰে অধিক ধন।

ক'লা হৰিণ আৰু সাধাৰণ হৰিণৰ মাজত কি কি পাৰ্থক্য থাকে?
পাকিস্তানেই নহয়, ঘৰুৱা মাটিত টেষ্টত ভাৰতৰো হৈছে একেই গতি!
পুষ্পা ২ৰ আইটেম চঙত দেখা যাব ৮০০ কোটি টকা উপাৰ্জন কৰা বলীউডৰ অভিনেত্ৰীক!
ঘৰৰ এই দিশত ৰাখক গণেশৰ মূৰ্তি,সদায় থাকিব সুখ শান্তি, হ'ব সমৃদ্ধি...