পত্নীৰ নামত সম্পত্তি ক্ৰয় কৰাটো হ’ব পাৰে লাভজনক চুক্তি, ৪টা ডাঙৰ কাৰণ জানক
যদি আপুনি নিজৰ বাবে নতুন ঘৰ কিনাৰ পৰিকল্পনা কৰিছে, তেন্তে এই খবৰটো আপোনাৰ বাবে উপযোগী হ’ব পাৰে। আজি আমি আপোনালোকক ক'ম যে আপোনাৰ পত্নীৰ নামত ঘৰ কিনি আপুনি কেনেদৰে লাভৱান হ'ব পাৰে। চৰকাৰে মহিলাৰ বাবে সা-সম্পত্তি ক্ৰয়ৰ বাবে বান্ধি দিছে বহু নিয়ম।

নিজাকৈ এটা ঘৰ কিনাটো সকলোৰে সপোন। ইয়াৰ বাবে বহুতে দীৰ্ঘম্যাদী সঞ্চয় কৰে। তাৰ পাছতহে তেওঁলোকে নিজৰ বাবে ঘৰ কিনিবলৈ সক্ষম হয়। যদি আপুনি নিজৰ বাবে নতুন ঘৰ কিনাৰ পৰিকল্পনা কৰিছে, তেন্তে এই খবৰটো আপোনাৰ বাবে উপযোগী হ’ব পাৰে। আজি আমি আপোনালোকক ক’ম যে আপোনাৰ পত্নীৰ নামত ঘৰ কিনি আপুনি কেনেদৰে লাভৱান হ’ব। কাৰণ কেন্দ্ৰীয় চৰকাৰে সমাজত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে। য’ত তেওঁলোকে পুৰুষৰ তুলনাত বহু কথাত শিথিলতা লাভ কৰে।
চৰকাৰে মহিলাৰ বাবে সা-সম্পত্তি ক্ৰয়ৰ বাবে বহু নিয়ম বান্ধি দিছে। উল্লেখ্য যে, সম্পত্তি কৰৰ ক্ষেত্ৰত মহিলাক বিশেষ ৰেহাই দিয়া হয়। গতিকে যদি আপুনিও নিজৰ বাবে ঘৰ কিনাৰ পৰিকল্পনা কৰিছে, তেন্তে আপুনি আপোনাৰ পত্নীৰ নামত কিনিব পাৰে যাৰ ফলত আপোনাৰ বহুত উপকাৰ হ’ব। ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক।
কম সুত
যদি আপুনি সম্পত্তি কিনিব বুলি ভাবি আছে, তেন্তে কেৱল পত্নীৰ নামত কিনাটোৱেই ভাল হ’ব। ইয়াৰ দ্বাৰা আপুনি অধিক লাভৱান হ’ব আৰু যেতিয়া ঋণ ল’ব লাগিলে কম সুত দিব লাগিব। ভাৰতত বহু বেংক আৰু হাউছিং ফাইনেন্স কোম্পানী আছে যিয়ে পুৰুষতকৈ কম সুতৰ হাৰত মহিলাক ঋণ দিয়ে।
ষ্টাম্প ডিউটি ৰেহাই
কোনোবাই ঘৰ কিনিলে ঘৰ ক্ৰয় কৰাৰ সময়ত বহুত কাগজ-পত্ৰ বনাবলগীয়া হয়। ঘৰৰ পঞ্জীয়ন কৰিব লাগে। ইয়াৰ বাবে আপুনি ষ্টাম্প ডিউটি (Stamp duty) ভৰিব লাগে। ষ্টাম্প ডিউটি হৈছে একক সম্পত্তি ক্ৰয় বা নথিপত্ৰৰ ওপৰত চৰকাৰে আৰোপ কৰা কৰ। ষ্টাম্প ডিউটিৰ ক্ষেত্ৰত বহুত টকা খৰচ হয়। কিন্তু ভাৰতৰ বহু ৰাজ্য আছে য’ত মহিলাসকলে পুৰুষতকৈ কম পৰিমাণে ষ্টাম্প ড্যুটি দিব লগা হয়।
সম্পত্তি কৰত ৰেহাই
মহিলাসকলেও সম্পত্তি সম্পৰ্কীয় কৰটো ৰেহাই পায়। এই ৰেহাই মহিলাসকলক পৌৰ নিগমে প্ৰদান কৰে। অৱশ্যে সম্পত্তি মহিলাৰ নামত থাকিলেহে আপুনি কৰ সুবিধা লাভ কৰিব।
পত্নীৰ আৰ্থিক সুৰক্ষা আৰু আত্মনিৰ্ভৰশীলতা
যদি কোনো মহিলাৰ নামত সম্পত্তি থাকে তেন্তে ই তেওঁৰ আৰ্থিক সুৰক্ষা সুদৃঢ় আৰু স্বাৱলম্বী কৰি তোলে। যাৰ বাবে তেওঁ সম্পূৰ্ণ স্বাধীনতাৰে যিকোনো সিদ্ধান্ত ল’ব পাৰে।