শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নতুন কৰ ব্যৱস্থাত কি লাভ হ’ব PPF আৰু সুকন্যা সমৃদ্ধি আঁচনিৰ, জানক সবিশেষ

চৰকাৰে কৰ ব্যৱস্থাত এনে কিছু পৰিৱৰ্তন কৰিছে, যাৰ ফলত আপোনাৰ সঞ্চয় পৰিকল্পনাতো প্ৰভাৱ পৰিব পাৰে। যদি আপুনি PPF, সুকন্যা সমৃদ্ধি যোজনাৰ দৰে আঁচনিত বিনিয়োগ কৰিছে, তেন্তে এই খবৰ আপোনাৰ বাবে...

নতুন কৰ ব্যৱস্থাত কি লাভ হ’ব PPF আৰু সুকন্যা সমৃদ্ধি আঁচনিৰ, জানক সবিশেষ
নতুন কৰ ব্যৱস্থাত PPF আৰু সুকন্যা সমৃদ্ধিৰ কি লাভ হ’ব
barasha-misra
Barasha Misra | Updated On: 12 Feb 2025 16:32 PM

যদি আপোনাৰ মনলৈও কেতিয়াবা এনে চিন্তা আহিছে যে, কিছুমান সঞ্চয় আঁচনিৰ সুতৰ আয়ৰ ওপৰত কোনো কৰ নাই, তথাপিও তাত কৰা বিনিয়োগৰ ৰেহাই নাই কিয়? তেন্তে ইয়াৰ উত্তৰ চৰকাৰৰ নতুন কৰ ব্যৱস্থাত লুকাই আছে। উদাহৰণস্বৰূপে, সুকন্যা সমৃদ্ধি যোজনা আৰু পাব্লিক প্ৰভিডেণ্ট ফাণ্ড (পিপিএফ)ত বিনিয়োগ কৰিলে উপাৰ্জিত সুতৰ ওপৰত কৰ নালাগিব, কিন্তু নতুন কৰ ব্যৱস্থা বাছি ল’লে এই আঁচনিসমূহত কৰা বিনিয়োগ কৰ্তনৰ যোগ্য নহ’ব। যদি কোনোবাই পুৰণি কৰ ব্যৱস্থা অনুসৰণ কৰে, তেন্তে এই বিনিয়োগসমূহৰ পৰা বছৰি ১.৫ লাখ টকা পৰ্যন্ত কৰ্তনৰ সুবিধা ল’ব পাৰে।

SBI Research প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে যে, এই পৰিৱৰ্তনৰ আঁৰত চৰকাৰৰ কি ৰণনীতি আছে আৰু দীৰ্ঘম্যাদী সঞ্চয় আঁচনিৰ প্ৰতি কিয় বেলেগ ধৰণে ব্যৱহাৰ কৰা হৈছে সেই বিষয়ে উল্লেখ কৰিছে।

পুৰণি কৰ ব্যৱস্থাটো পুনৰ চোৱাৰ প্ৰয়োজন

SBI Researchৰ শেহতীয়া প্ৰতিবেদন অনুসৰি পুৰণি কৰ ব্যৱস্থাত বিত্তীয় সম্পত্তিৰ ওপৰত কৰ ইনচেনটিভ দিয়া ফলত ‘সমানতা আৰু দক্ষতাৰ নীতি উলংঘা’ হৈছে। সেয়েহে বিভিন্ন বিত্তীয় সম্পত্তিৰ ওপৰত বিভিন্ন টেক্স ইনচেনটিভৰ সামঞ্জস্যতা পুনৰ পৰীক্ষা কৰাৰ প্ৰয়োজন আছিল।

বিভিন্ন বিত্তীয় আহিলা ওপৰত বিভিন্ন কৰ ব্যৱস্থা

এই গৱেষণা প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, দীৰ্ঘম্যাদী বিনিয়োগৰ আহিলাৰ বাবে নীতি হ্ৰস্বম্যাদী আৰু মধ্যম্যাদী আহিলাৰ পৰা পৃথক হ’ব লাগে। কাৰণ এই কৰ নিয়মসমূহে ধন সঞ্চয় আৰু দীৰ্ঘম্যাদীভাৱে সামাজিক সুৰক্ষা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

উদাহৰণস্বৰূপে, সুকন্যা সমৃদ্ধি যোজনাত বিনিয়োগ কৰা লোকসকলে নতুন কৰ ব্যৱস্থাৰ অধীনত এই একাউণ্টৰ পৰা উপাৰ্জন কৰা সুতৰ ৰেহাই লাভ কৰি থাকিব আৰু মেচিউৰিটিৰ সময়ত লাভ কৰা ধনৰাশিও কৰমুক্ত হ’ব। কিন্তু, এই আঁচনিখনত কৰা বিনিয়োগ আৰু ধাৰা ৮০চিৰ অধীনত কৰ ৰেহাইৰ যোগ্য নহ’ব।

প্ৰতিবেদন অনুসৰি এই পৰিৱৰ্তনৰ মূল উদ্দেশ্য হৈছে, দীৰ্ঘম্যাদী সঞ্চয়ক উৎসাহিত কৰা যাতে মানুহে ভৱিষ্যতৰ প্ৰয়োজন যেনে- অৱসৰ, শিশুৰ শিক্ষা আৰু বিবাহৰ বাবে ধন জমা কৰিব পাৰে। সহজ ভাষাত ক’বলৈ গ’লে আগতে মানুহে এই আঁচনিসমূহত বিনিয়োগ কৰিছিল কৰ ৰেহাই পাবলৈ। কিন্তু এতিয়া চৰকাৰে বিচাৰে যে মানুহে কেৱল কৰ ৰাহিৰ বাবে নহয়, দীৰ্ঘম্যাদী আৰ্থিক সুৰক্ষাৰ বাবে বিনিয়োগ কৰক। এই কাৰণে বিনিয়োগৰ ৰেহাই আঁতৰোৱা হৈছে যদিও সুত আৰু মেচিউৰিটিৰ পৰিমাণ কৰমুক্ত কৰি ৰখা হৈছে।

সহজ কৰ ব্যৱস্থাৰ দিশত পদক্ষেপ

নতুন কৰ গাঁথনিটোক ডিফল্ট টেক্স ব্যৱস্থা হিচাপে গণ্য কৰাৰ চৰকাৰে লোৱা সিদ্ধান্ত কৰ প্ৰক্ৰিয়া সৰল কৰাৰ নীতিৰ লগত খাপ খাই পৰিছে। কৰ ৰেহাই, কৰ কৰ্তনযোগ্য বিনিয়োগ আৰু tax rebate – এই তিনিটা প্ৰধান কৰ উপাদান যিয়ে ভাৰতীয় কৰ ব্যৱস্থাক পৰিভাষিত কৰে।

প্ৰতিবেদন অনুসৰি, হ্ৰস্বম্যাদী আৰু মধ্যম্যাদী লক-ইন সময়সীমাৰ সৈতে কৰ ইনচেনটিভৰ দ্বাৰা সঞ্চয়ক নিৰ্দিষ্ট যন্ত্ৰলৈ চেনেল কৰিব পৰা যায়, যাৰ ফলত কৰ পৰিহাৰ কৰাটো সম্ভৱ হৈ উঠে। ইয়াৰ বিপৰীতে দীৰ্ঘম্যাদী কৰ ইনচেনটিভে সঞ্চয়ক ভৱিষ্যতৰ আয় হ্ৰাসৰ দিশত নিৰ্দেশিত কৰে আৰু ব্যয় বৃদ্ধি কৰে, যাৰ ফলত অৰ্থনীতিত মুঠ বিত্তীয় সম্পত্তি আৰু সঞ্চয় বৃদ্ধি পায়।

২০২৫ বিত্তীয় বৰ্ষৰ বাজেটত চৰকাৰে নতুন কৰ স্লেবসমূহ সংশোধন আৰু পুনৰ ভাৰসাম্য ৰক্ষা কৰি কৰদাতাৰ বাবে অধিক আকৰ্ষণীয় কৰি তুলিছে। বিশেষকৈ নিম্নস্তৰৰ কৰদাতাৰ বাবে কৰমুক্ত আয়ৰ সীমা ৭ লাখৰ পৰা ১২ লাখলৈ বৃদ্ধি কৰিছে।

প্ৰতিবেদনত কোৱা হৈছে যে নতুন কৰ ব্যৱস্থালৈ যোৱাটো কৰদাতাসকলৰ বাবে এক স্মাৰ্ট পদক্ষেপ হ’ব, কাৰণ তেওঁলোকে সহজ কৰ প্ৰক্ৰিয়াৰ দ্বাৰা লাভৱান হ’ব আৰু অধিক ব্যৱহাৰযোগ্য আয় লাভ কৰিব। ইয়াৰ উপৰিও ইয়াৰ বিস্তৃত প্ৰভাৱ হ’ব খৰচৰ হাৰ বৃদ্ধি কৰা, যাৰ ফলত অৰ্থনীতি শক্তিশালী হ’ব।