Budget 2025: ষ্টেণ্ডাৰ্ড ডিডাকশ্যন কি? ইয়াৰ ফলত কৰদাতাৰ কি কি লাভ হয়, জানক সবিশেষ

Standard Deduction: আজি দাখিল কৰা বাজেটত আয়কৰৰ ক্ষেত্ৰত ৰেহাই দিয়া হয়। উল্লেখ্য যে, কৰ দাতাই ৭৫,০০০ লৈ ষ্টেণ্ডাৰ্ড ডিডাকশ্যন লাভ কৰে। কিন্তু কি হয় এই মানক কৰ্তন বা ষ্টেণ্ডাৰ্ড ডিডাকশ্যন, সবিশেষ উল্লেখ কৰা হ'ল।

Budget 2025: ষ্টেণ্ডাৰ্ড ডিডাকশ্যন কি? ইয়াৰ ফলত কৰদাতাৰ কি কি লাভ হয়, জানক সবিশেষ

ষ্টেণ্ডাৰ্ড ডিডাকশ্যনৰ বিষয়ে

Published: 

01 Feb 2025 14:32 PM

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি সংসদত দাখিল কৰিলে কেন্দ্ৰীয় বাজেট (২০২৫-২৬)  এই সময়চোৱাত আয়কৰ ৰেহাই, কৃষক, স্বাস্থ্য ক্ষেত্ৰ আদি সন্দৰ্ভত কেইবাটাও ডাঙৰ ঘোষণা কৰে চৰকাৰে। আশা কৰা ধৰণে চৰকাৰে বাৰ্ষিক আয় ১২ লাখ টকা পৰ্যন্ত কৰ ৰেহাইৰ ঘোষণা কৰিছে।  ইয়াৰোপৰি আশা কৰা হৈছে যে এইবাৰ বাজেটত ষ্টেণ্ডাৰ্ড ডিডাকশ্যন (standard deduction) সন্দৰ্ভতো কোনো সিদ্ধান্ত ল’ব পাৰে। অৱশ্যে সোমবাৰ পৰ্যন্ত সদন স্থগিত ৰখা হয়, যাৰ বাবে বাজেটৰ অনন্য সিদ্ধান্ত সমূহ পৰৱৰ্তী সময়ত জানিব পৰা যাব।

বিভিন্ন ক্ষেত্ৰৰ লগতে জনতাই আশা কৰিছে যে, ষ্টেণ্ডাৰ্ড ডিডাকশ্যনৰ ক্ষেত্ৰতো কিছু সাল-সলনি হ’ব। বিশেষজ্ঞসকলৰ মতে, ষ্টেণ্ডাৰ্ড ডিডাকশ্যন ১ লাখ পৰ্যন্ত বৃদ্ধি হ’ব পাৰে। বৰ্তমান ইয়াৰ পৰিমাণ ৭৫,০০০ ।

ষ্টেণ্ডাৰ্ড ডিডাকশ্যন কি

ষ্টেণ্ডাৰ্ড ডিডাকশ্যন (মানক কৰ্তন)  হৈছে কৰ ৰেহায়। যিয়ে দৰমহাপ্ৰাপ্ত ব্যক্তিসকলক সকাহ প্ৰদান কৰে। বিশেষজ্ঞসকলে আশা কৰিছে যে, ষ্টেণ্ডাৰ্ড ডিডাকশ্যনৰ সীমা ১ লাখলৈ বৃদ্ধি হ’ব। ব্যক্তিৰ বাৰ্ষিক আয়ৰ পৰা স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰা এটা সমতল ধন, কৰযোগ্য আয় হ্ৰাস কৰে ।

উদাহৰণ স্বৰূপে- আপোনাৰ যদি বাৰ্ষিক কৰযোগ্য আয় আয় ১০,০০,০০০ টকা হয় আৰু আপুনি ষ্টেণ্ডাৰ্ড ডিডাকশ্যন ৫০,০০০ ৰ যোগ্যতা অৰ্জন কৰে কেন্তে আপোনাৰ কৰযোগ্য আয় ৯,৫০,০০০ টকালৈ হ্ৰাস পায়। যাৰ ফলত কৰ দাতাৰ ওপৰত কৰৰ পৰিমাণ হ্ৰাস পায়।

পুৰণি আৰু নতুন কৰ ব্যৱস্থাৰ অধীনত ষ্টেণ্ডাৰ্ড ডিডাকশ্যন

পুৰণি কৰ ব্যৱস্থাঃ পুৰণি কৰ ব্যৱস্থাৰ অধীনত কৰ দাতাই ৫০,০০০ টকাৰ ষ্টেণ্ডাৰ্ড ডিডাকশ্যন লাভ কৰে। এই সুবিধা ২০১৮ চনৰ পৰা চলি আছে। ইয়াৰ পূৰ্বে ষ্টেণ্ডাৰ্ড ডিডাকশ্যন আছিল ৪০,০০০ টকা। উল্লেখ কৰা প্ৰয়োজন যে, ২০০৫-০৬ বিত্তীয় বৰ্ষত ষ্টেণ্ডাৰ্ড ডিডাকশ্যন আঁতৰাই দিয়া হৈছিল, কিন্তু ২০১৮ চনৰ বাজেটত অৰুণ জেটলীয়ে পৰিবহণ আৰু চিকিৎসা ভাট্টা সলনি কৰি ৪০ হাজাৰ টকাত পুনৰ প্ৰৱৰ্তন কৰিছিল।

নতুন কৰ ব্যৱস্থাঃ নতুন কৰ ব্যৱস্থাত ষ্টেণ্ডাৰ্ড ডিডাকশ্যনৰ কোনো উল্লেথ নাছিল। কিন্তু ২০২৩ চনত ষ্টেণ্ডাৰ্ড ডিডাকশ্যন ৫০,০০ টকা প্ৰৱৰ্তনৰ লগে লগে ইয়াক সলনি কৰা হয়। ২০২৪ চনত এই পৰিমাণ ৭৫ হাজাৰলৈ বৃদ্ধি কৰি নতুন গাঁথনিৰ অধীনত অধিক সকাহ প্ৰদান কৰা হয়।

যোগ্য কোনসকল

দৰমহা লাভ কৰা আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকল আয়কৰ ৰিটাৰ্ণ (আইটিআৰ) দাখিল কৰাৰ সময়ত ষ্টেণ্ডাৰ্ড ডিডাকশ্যনৰ বাবে যোগ্য। অৱশ্যে স্ব-নিয়োজিত ব্যক্তি আৰু হিন্দু অবিভক্ত পৰিয়াল (HUF) ষ্টেণ্ডাৰ্ড ডিডাকশ্যন লাভ নকৰে।

 

অন্য খবৰ পঢ়কঃ Budget 2025: দেশে লাভ কৰিব নতুন আয়কৰ আইন, কৰ ৰেহাইৰ ওপৰতো ডাঙৰ ঘোষণা চৰকাৰৰ…

দেৱী সৰস্বতী বিবাহিত নে অবিবাহিত?
সৰস্বতী পূজাৰ দিনা কি কি খাব নালাগে, জানেনে?
তীৰ্থ যাত্ৰাত হোৱা মৃত্যুই কিহৰ সংকেত দিয়ে জানেনে?
সৰস্বতী পূজাত কেনেধৰণৰ মেখেলা-চাদৰ পিন্ধিব বিচাৰি পোৱা নাই নেকি? অভিনেত্ৰীসকলৰ পৰা লওক আইডিয়া