শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Tata নে Reliance, অক্ষয় তৃতীয়াত ক’ত পাব কম মূল্যত সোণ?

আজিকালি সোণৰ দাম আকাশলংঘী। এনে পৰিস্থিতিত যদি আপুনিও সোণ কিনিব বিচাৰে তেন্তে এই খবৰটো আপোনাৰ বাবে উপযোগী হ’ব পাৰে। জানক অক্ষয় তৃতীয়াত ক'ত পাব কম মূল্যত সোণ।

Tata নে Reliance, অক্ষয় তৃতীয়াত ক’ত পাব কম মূল্যত সোণ?
অক্ষয় তৃতীয়াত ক'ত পাব কম মূল্যত সোণ?
barasha-misra
Barasha Misra | Published: 26 Apr 2025 17:52 PM

৩০ এপ্ৰিলত অক্ষয় তৃতীয়াৰ উদযাপন কৰা হ’ব, য’ত লক্ষ্মী দেৱীক বিশেষভাৱে পূজা কৰা হয়। অসমত এই দিনটো বিশেষ ধুমধামে পালন কৰা নহয় যদিও সোণৰ দোকানত ইয়াৰ প্ৰভাৱ দেখিব। এই দিনটোত সোণ কিনাটো শুভ বুলি গণ্য কৰা হয়।

ভাৰতত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,৮৩১ টকা, ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,০১৭ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৩৭৮ টকা। ভাৰতত আজি ৰূপৰ মূল্য প্ৰতি গ্ৰামত ১০১.৯০ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,০১,৯০০ টকা। ইফালে আজি গুৱাহাটীত ২২ কেৰেট সোণৰ মূল্য ৯,১৮০ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য ৯,৬৩৯ টকা প্ৰতি গ্ৰামত। ২২ কেৰেট সোণৰ দাম ১০ গ্ৰামৰ মূল্য ৯১,৮০০ টকা আৰু ৮ গ্ৰামৰ বাবে ৭৩,৪৪০ টকা, আনহাতে ২৪ কেৰেট সোণৰ মূল্য ১০ গ্ৰামত ৯৬,৩৯০ টকা আৰু ৮ গ্ৰামত ৭৭,১১২ টকা। যদি আজিৰ দিনটোত ৰূপৰ মূল্য চাবলৈ যাও তেন্তে আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ১০০.৯০ টকা, যিটো কালিৰ তুলনাত ১০০.৯০ টকা কম।

টাটাৰ পৰা ৰিলায়েন্সলৈ অফাৰ

এই অক্ষয় তৃতীয় উপলক্ষে টাটা বা ৰিলায়েন্সে বিশেষ অফাৰ লৈ আহিছে। যাৰ সুবিধা লৈ আপুনি সোণ কিনিব পাৰে। অক্ষয় ত্ৰিতীয়াৰ দিনা সোণ কিনা বা যিকোনো ব্যৱসায় আৰম্ভ কৰাটো শুভ বুলি বিশ্বাস কৰা হয়। গতিকে জানো আহক কোনটো কোম্পানী, টাটা বা ৰিলায়েন্সে সৰ্বোচ্চ ৰেহাই দিছে।

টাটা ব্ৰেণ্ডত কিমান ৰেহাই

সোণৰ গহনা বিক্ৰী কৰা টাটাৰ আগশাৰীৰ ব্ৰেণ্ড তানিষ্কে অক্ষয় তৃতীয়াৰ বিশেষ অফাৰ লৈ আহিছে। ইয়াৰ অফিচিয়েল ৱেবছাইট অনুসৰি এই অফাৰ ১৯ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈকে চলিব য’ত সৰ্বোচ্চ ২০% ৰেহাই দিয়া হৈছে। একে সময়তে যদি আপুনি ৫০ হাজাৰতকৈ কম মূল্যৰ সোণ কিনে তেন্তে তাৰ ওপৰত ৫% ৰেহাই পাব। ৫০ হাজাৰৰ পৰা ৩ লাখ টকাৰ সোণ কিনিলে তাত ১০% ৰেহাই পাব। একে সময়তে যদি আপুনি ৩ লাখৰ পৰা ৮ লাখ টকাৰ সোণ কিনে তেন্তে তাৰ ওপৰত ১৫% অফাৰ পোৱা যায়। ৮ লাখ টকাৰ ওপৰত ক্ৰয় কৰিলে ২০% ৰেহাই পোৱা যাব।

ৰিলায়েন্স জুৱেলাৰছ অক্ষয় তৃতীয়াৰ অফাৰ

ৰিলায়েন্স জুৱেলাৰ্ছে অক্ষয় তৃতীয়াৰ বিশেষ অফাৰ লৈ আহিছে। কোম্পানীটোৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি ৰিলায়েন্স জুৱেলাৰ্ছৰ পৰা সোণ ক্ৰয় কৰিলে ২৫% অফাৰ পোৱা যাব। একে সময়তে যদি আপুনি হীৰা গহনা কিনে তেন্তে আপুনি ইয়াৰ ওপৰত ৩০% ৰেহাই পাব। ২০২৫ চনৰ ২৪ এপ্ৰিলৰ পৰা ৫ মে’লৈকে এই অফাৰৰ সুবিধা ল’ব পাৰিব।এইবোৰৰ বাহিৰেও অক্ষয় তৃতীয়াত সোণ ক্ৰয়ৰ বিশেষ অফাৰ দিয়া আন বহুতো কোম্পানী আছে। যেনে মালাবাৰ গোল্ড এণ্ড ডাইমণ্ডছ কোম্পানী।

মালাবাৰ গোল্ড অফাৰ

অক্ষয় তৃতীয়াত মালাবাৰ গোল্ডৰ বিশেষ অফাৰ। কোম্পানীটোৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি সোণ ক্ৰয়ৰ ক্ষেত্ৰত ২৫% ৰেহাই দিয়া হৈছে, আনহাতে হীৰা ক্ৰয়ৰ ক্ষেত্ৰতো ২৫% ৰেহাই দিয়া হৈছে।