শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold Price: বাজেটৰ পিছত সস্তীয়া হৈ পৰিছে সোণ-ৰূপ, জানক গুৱাহাটীৰ বজাৰত কিমান সোণ-ৰূপৰ মূল্য

Gold Price Today: বাজেটৰ পিছত সোমবাৰে সস্তা হৈ পৰিল সোণ। বসন্ত পঞ্চমীৰ দিনটোত সোণৰ মূল্য কিছু হ্ৰাস পাইছে। বাজেটৰ দিনা শনিবাৰে, ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য আছিল ৮৪,৫০০ টকাৰ অধিক। আজি ২৪ আৰু ২২ কেৰেট সোণৰ মূল্যত ১৫০ টকালৈকে হ্ৰাস হৈছে।

Gold Price: বাজেটৰ পিছত সস্তীয়া হৈ পৰিছে সোণ-ৰূপ, জানক গুৱাহাটীৰ বজাৰত কিমান সোণ-ৰূপৰ মূল্য
গুৱাহাটীত আজি কিমান টকাত বিক্ৰী হৈছে সোণ?
barasha-misra
Barasha Misra | Updated On: 03 Feb 2025 17:57 PM

Gold-Silver Rate in Guwahati: ১ ফেব্ৰুৱাৰীত বাজেট দাখিল কৰিছে বিত্তমন্ত্ৰীয়ে। মধ্যবিত্ত শ্ৰেণীৰ আশা-আকাংক্ষা এইবাৰৰ বাজেটত বহুসংখ্যক পূৰণ হৈছে। মোবাইল ফোন, টিভি, বৈদ্যুতিক বাহনকে ধৰি কেইবাটাও সামগ্ৰীৰ মূল্য হ্ৰাস পাইছে। অৱশ্যে সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে, সোণৰ দাম কমিছেনে? কাৰণ বিয়াৰ বতৰ আৰম্ভ হৈছে। য’ত সকলোৱে সোণৰ গহনা কিনিব। আজি পূৰ্বৰ তুলনাত সোণৰ-ৰূপৰ মূল্য হ্ৰাস হৈছে। যদি আপুনি সোণ বা ৰূপৰ গহনা কিনাৰ পৰিকল্পনা কৰিছে, তেন্তে আজিৰ মূল্যসমূহৰ বিষয়ে জনাটো দৰকাৰ।

আজি গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য?

৩ ফেব্ৰুৱাৰীত গুৱাহাটীত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৮৮৫ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,২৭৯ টকা। ২৪ কেৰেটৰ বাবে প্ৰতি ১০ গ্ৰামত ৮৩,০৭১ টকা আৰু ২২ কেৰেটৰ বাবে প্ৰতি ১০ গ্ৰামত ৭৬,০৯৩ টকা হৈছে।

আনহাতে, গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ৯৯,৫০০ টকা আৰু প্ৰতি গ্ৰাম ৰূপৰ মূল্য ১০৭ টকা। ইফালে ১০ গ্ৰাম ৰূপৰ মূল্য হৈছে ৯৫৮ টকা যি দেওবাৰৰ হিচাপত ১২ টকা বৃদ্ধি পাইছে।

Moneycontrolৰ তথ্যনুসৰি দেশৰ ডাঙৰ চহৰত সোণ-ৰূপৰ মূল্য,

চহৰৰ নাম ২২ কেৰেট সোণৰ দৰ ২৪ কেৰেট সোণৰ দৰ
দিল্লী ৭৭,৫৯০ টকা ৮৪, ৬৩০ টকা
চেন্নাই ৭৭,৪৪০ টকা ৮৪,৪৮০ টকা
কলকাতা ৭৭,৪৪০ টকা ৮৪,৪৮০ টকা
মুম্বাই ৭৭,৪৪০ টকা ৮৪,৪৮০ টকা

 

সোণৰ মূল্য কিয় ধাৰাবাহিক বৃদ্ধি পাইছিল?

সোণ আৰু ৰূপৰ মূল্যবৃদ্ধিৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে, বিনিয়োগকাৰী আৰু সাধাৰণ ক্ৰেতাৰ মাজত বৃদ্ধি পোৱা চাহিদা। বিশ্ব বজাৰত অস্থিৰতা আৰু আমেৰিকাৰ নীতিৰ পৰিৱৰ্তনৰ বাবে মানুহে নিৰাপদ বিনিয়োগ হিচাপে সোণত অধিক বিনিয়োগ কৰিছে। সেই কাৰণেই সোণৰ দাম ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে।