আপুনি চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰিছেনে? জনসাধাৰণৰ কল্যাণৰ বাবে ডিচেম্বৰ মাহত চৰকাৰে আগবঢ়াইছে এই আঁচনিসমূহ

ৰাইজৰ কল্যাণৰ বাবে আৰু দুখীয়ালোকসকলৰ জীৱন-যাপন সহজ কৰিবলৈ চৰকাৰে সময়ে সময়ে বহু আঁচনি আনে। দিব্যাংগ, অবিবাহিত মহিলা,ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ বাবেও বহু আঁচনি হাতত লৈছে চৰকাৰে।

আপুনি চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰিছেনে? জনসাধাৰণৰ কল্যাণৰ বাবে ডিচেম্বৰ মাহত চৰকাৰে আগবঢ়াইছে এই আঁচনিসমূহ

জনসাধাৰণৰ কল্যাণৰ বাবে ডিচেম্বৰ মাহত চৰকাৰে আগবঢ়াইছে এই আঁচনি

Published: 

04 Dec 2024 18:18 PM

ডিচেম্বৰ মাহত হিতাধিকাৰীয়ে লাভ কৰিব বহু আঁচনিৰ ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত দিছিলে এই ভাল খবৰটো। ৰাজ্যৰ ১১ লাখৰো অধিক হিতাধিকাৰীয়ে লাভ কৰিব ধন। এই ডিচেম্বৰতে ৰাজ্যৰ শিক্ষাৰ্থী সমাজৰ লগতে সামগ্ৰিকভাৱে জনসাধাৰণক বিতৰণ কৰিব লগা কেইবাটাও আঁচনিৰ লাভালাভৰ সৈতে ৰাজ্যজুৰি সুখৰ বন্যা বোৱাবলৈ সাজু হৈছে বিজেপি চৰকাৰ। ইয়াৰ অংশ স্বৰূপে আমাৰ চৰকাৰে বান আক্ৰান্তলৈ সাহায্য, মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি, স্কুটাৰ আৰু চাইকেল আদি জনসাধাৰণক বিতৰণ কৰিবলৈ আগবাঢ়িছে৷

এই মাহত কি কি আঁচনি লাভ কৰিব হিতাধিকাৰীয়ে জানক

চাইকেল বিতৰণ- অসম চৰকাৰে মাধ্যমিক পৰ্যায়ত ছোৱালী শিক্ষাৰ্থীৰ বিদ্যালয় এৰাৰ সংখ্যা কমাবলৈ আৰু বিদ্যালয়ত অন্তৰ্ভুক্তিৰ সংখ্যা বঢ়োৱাৰ উদ্দেশ্যে চৰকাৰী আৰু প্ৰাদেশিকীকৃত উচ্চ/উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীলৈ অধ্যয়নৰত, ছোৱালী শিক্ষাৰ্থীক বিনামূলীয়া বাইচাইকেল প্ৰদানৰ ব্যৱস্থা কৰে। এই ব্যৱস্থাই মহিলা বা ছোৱালীসকলৰ যোগাযোগ ব্যৱস্থা সূচল কৰি তোলে।

এই আঁচনিখন ৰূপায়ণ কৰে মাধ্যমিক শিক্ষা সঞ্চালকে, অসম, কাহিলীপাৰা। হিতাধিকাৰীসকলক বিদ্যালয় পৰিদৰ্শকে প্ৰত্যেক বিত্তীয় বৰ্ষত নিৰ্বাচিত কৰি অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়লৈ প্ৰেৰণ কৰে। চাইকেল বিতৰণৰ বাবে পুঁজি মাধ্যমিক শিক্ষা সঞ্চালকালয়ে মুকলি কৰি দিয়ে।

স্কুটাৰ বিতৰণ- ৰাজ্য চৰকাৰৰ অধীনত ২০২৩ বৰ্ষত ৩৫,৭৭০ গৰাকী শিক্ষাৰ্থীলৈ স্কুটাৰ আগবঢ়োৱা হয়। এই বঁটাৰ অধীনত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট ফলাফল লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক স্কুটাৰ প্ৰদান কৰা হয়। ৰাজ্য চৰকাৰে প্ৰদান কৰা অৰ্থনৈতিক, শৈক্ষিক উন্নয়ণৰ বাবে এইবাৰো বহু শিক্ষাৰ্থীয়ে পাব স্কুটাৰ।

আনন্দৰাম বৰুৱা নগদ বঁটা আঁচনি- ৰাজ্য চৰকাৰৰ এই বঁটাৰ জৰিয়তে মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব নগদ ধন । ডি বি টি পদ্ধতিৰে শিক্ষাৰ্থীয়ে লাভ কৰিব এই ধন । ২৫ জুলাইৰ পূৰ্বে ‘বিদ্যাৰ্থী’ শীৰ্ষক প’ৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীসকলে নাম পঞ্জীয়ন কৰাৰ পিছত এতিয়া এই ধন মোকলাই দিব চৰকাৰে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰৰে উত্তীৰ্ণ মেধাৱী শিক্ষাৰ্থীলৈ ‘আনন্দৰাম বৰুৱা বঁটা’ আগবঢ়োৱা হ’ব। পূৰ্বতে এই বঁটাত শিক্ষাৰ্থীসকলক লেপটপ প্ৰদান কৰা হৈছিল আৰু এতিয়া এই লেপটপৰ পৰিৱৰ্তে নগদ ধন দিয়াৰ ব্যৱস্থা কৰা হৈছে ।

ইয়াৰোপৰি অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, বান সাহাৰ্য বিতৰণ, প্ৰাৰম্ভিক মুলধন বিতৰণৰ লগতে শেহতীয়াকৈ অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগ- আৰ টি পি এছ আইনৰ অধীনত সেৱা পৰিচালনা কৰিবলৈ আবেদনকাৰী সংস্থাটোৰ শুভাৰম্ভণি কৰে। এতিয়াৰ পৰা যদি কোনো তালিকাভুক্ত চৰকাৰী সেৱা সময়মতে প্ৰদান কৰা নহয় তেন্তে নাগৰিকসকলে এই আয়োগত অভিযোগ দাখিল কৰিব পাৰে৷ অভিযোগ দাখিলৰ পাছত যথাবিধি মতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সামাজিক মাধ্যমত জনায় মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে, সেৱা সেতু প’ৰ্টেলৰ জৰিয়তে অসম লোকসেৱা আইনৰ অধীনত নিৰ্ধাৰিত ৪৪১টা সেৱা ৰাইজৰ বাবে উপলব্ধ৷ এই সেৱাসমূহ নিৰ্ধাৰিত সময়মতে প্ৰদানত ব্যৰ্থ হ’লে অসম ৰাজ্যিক ৰাজহুৱা সেৱা আয়োগৰ জৰিয়তে দায়বদ্ধতা নিৰ্ধাৰণ কৰা হ’ব বুলি সামাজিক মাধ্যমত বিশেষ পোষ্ট দিছে মুখ্যমন্ত্ৰীয়ে।

 

অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ ৰহস্যৰ বিষয়ে জানো আহক
ভগৱান শিৱক কিয় নাৰিকল আগবঢ়োৱা নহয়?
চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাবলৈ আৰম্ভ কৰক এই বস্তু
ঘৰত তুলসী গছ আছে নেকি? এনেদৰে কৰক ব্যৱহাৰ, উজ্বল হৈ উঠিব ছাল...