Train Ticket: আপুনি কাটিলে নাপায়, কিন্তু এজেণ্টে কেনেকৈ Confirm Ticket দিয়ে জানেনে?

Indian Railways: নিজাববীয়াকৈ টিকট বুকিং বহু লোকে নিশ্চিত টিকট নাপায়। কিন্তু যেতিয়া এজেন্টে টিকটৰ সহায়ত টিকট কাটে, তেতিয়া কেৱল নিশ্চিত টিকটহে পোৱা যা। এইটো কেনেকৈ সম্ভৱ?

Train Ticket: আপুনি কাটিলে নাপায়, কিন্তু এজেণ্টে কেনেকৈ Confirm Ticket দিয়ে জানেনে?

আপুনি কাটিলে নাপায়, কিন্তু এজেণ্টে কেনেকৈ কনফাৰ্ম টিকট দিয়ে জানেনে?

Published: 

15 Feb 2025 13:36 PM

প্ৰায় সকলোৱে ৰে’লযোগে যাত্ৰা কৰিছে। ৰে’লৰ টিকট কাটিবলৈ সকলোৱে জানে, কিন্তু হঠাতে ক’ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিলে লগে লগে টিকট পোৱা নাযায়। বহুতৰে অভিজ্ঞতা হৈছে যে নিজে টিকট কাটিবলৈ গ’লে নিশ্চিত টিকট নাপায়। যেতিয়া আপুনি এজেন্টৰ জৰিয়তে টিকট কাটে, তেতিয়াহে কেৱল নিশ্চিত টিকট লাভ কৰে। এইটো কেনেকৈ সম্ভৱ? জানক ইয়াৰ প্ৰকৃত ৰহস্য।

এজেন্টে নিশ্চিত টিকট পোৱাৰ এটা কাৰণ হ’ল Bulk Booking। উৎসৱ বা বন্ধৰ সময়ছোৱাত এজেন্টসকলে পাহাৰ আৰু সাগৰৰ পাৰৰ পৰ্যটনস্থলীলৈ যোৱা পথৰ বাবে আগতীয়াকৈ ৰে’লৰ টিকট বুকিং কৰে। সেইবাবেই সাধাৰণ যাত্ৰী বা পৰ্যটকে যেতিয়া টিকট বুকিং কৰিবলৈ যায় তেতিয়া তেওঁলোকে নিশ্চিত টিকট নাপায়। ইয়াৰ পিছত যাত্ৰীসকলে এজেণ্টসকলৰ ওচৰলৈ যায় আৰু প্ৰি-বুকিং কৰা টিকটবোৰ অধিক মূল্যত ক্ৰয় কৰে।

আন এক কাৰণ হৈছে তৎকাল বুকিং। দালাল বা এজেণ্টে ৰে’লৱেৰ ভিতৰত ‘ছটিং’ কৰে, যাতে তেওঁলোকে প্ৰথমে টিকট লাভ কৰিব পাৰে।

ইয়াৰোপৰি এজেণ্টসকলৰ কিছুমান স্বয়ংক্ৰিয় মেচিন থাকে, তাৰ সহায়ত চকুৰ পলকতে টিকট বুকিং হয়। সাধাৰণ যাত্ৰী এজনে যেতিয়া টিকট বুকিং কৰিবলৈ যায়, তেতিয়া এজেণ্টসকলে ফৰ্মখন পূৰণ কৰিবলৈ যি সময়ত লাগে সেই সময়তে টিকট বুক কৰে। একে সময়তে একাধিক একাউণ্টৰ পৰা টিকট বুকিং কৰিলে তেওঁলোকৰ নিশ্চিত টিকট পোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

টিকট বুকিং এজেণ্টে ৱেইটিং টিকট নিশ্চিত কৰিবলৈ নিজৰ কিছুমান প্ৰি-বুকিং টিকট বাতিল কৰে। ইয়াৰ ফলত ৱেইটিং টিকট নিশ্চিত হোৱাৰ সম্ভাৱনা অধিক বৃদ্ধি পায়।

ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...