শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কোনবোৰ আয়ৰ ওপৰত নাথাকিব কৰ? জানক নতুন আয়কৰ বিধেয়ক ২০২৫ৰ নিয়ম…

দেশৰ আয়কৰ আইনত হ'ব ডাঙৰ পৰিৱৰ্তন! চৰকাৰে প্ৰকাশ কৰিছে নতুন আয়কৰ বিধেয়ক-২০২৫ৰ খচৰা। ইয়াত বহু বিধানৰ বিষয়ে আলোচনা কৰা হৈছে। এই প্ৰতিবেদনৰ জৰিয়তে জানো  কোনবোৰ আয় আপোনাৰ মুঠ আয়ত গণনা কৰা নহ’ব।

কোনবোৰ আয়ৰ ওপৰত নাথাকিব কৰ? জানক নতুন আয়কৰ বিধেয়ক ২০২৫ৰ নিয়ম…
কোনবোৰ আয়ৰ ওপৰত নাথাকিব কৰ?
trishna-kalita
Trishna Kalita | Updated On: 13 Feb 2025 11:28 AM

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে লোকসভাত দাখিল কৰিব পাৰে নতুন আয়কৰ বিধেয়ক ২০২৫। ইয়াৰ পূৰ্বে বুধবাৰে  আয়কৰ বিধেয়কৰ খচৰা প্ৰকাশ কৰিছে চৰকাৰে। বিধেয়কখনৰ উদ্দেশ্য হৈছে ইয়াৰ ভাষাত কেইবাটাও সালসলনি কৰি আয়কৰ আইনখন সহজ কৰি তোলা। আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হ’ব কৰ গণনাৰ বাবে ‘বিত্তীয় বৰ্ষ’ বা ‘মূল্যায়ন বৰ্ষ’ৰ পৰিৱৰ্তে ‘কৰ বৰ্ষ’ শব্দটো ব্যৱহাৰ কৰা।

এই বিধেয়কখনত কোৱা হৈছে যে কোনবোৰ আৰু কি ধৰণৰ আয়ক কৰ গণনাৰ সময়ত মুঠ আয়ৰ অংশ হিচাপে গণ্য কৰা নহ’ব। ইয়াৰ বাবে বহু ধৰণৰ নিয়ম প্ৰণয়ন কৰা হৈছে।

কোনবোৰ আয় মুঠ আয়ৰ অংশ নহ’ব?

নতুন আয়কৰ বিলৰ ৩ নং অধ্যায়ত কোনবোৰ আয় আপোনাৰ মুঠ আয়ৰ অংশ নহ’ব সেই বিষয়ে ব্যাখ্যা কৰা হৈছে।

  1. বিধেয়কখনৰ অনুসূচী-২, ৩, ৪, ৫, ৬ আৰু ৭ত দিয়া দফাসমূহৰ অধীনত সেই শ্ৰেণীসমূহত পৰা আয়ক কৰ গণনাৰ বাবে মুঠ আয়ৰ অংশ হিচাপে গণ্য কৰা নহ’ব। বৰঞ্চ সূচীত উল্লেখ কৰা নিয়ম অনুসৰি বেলেগ ধৰণে গণনা কৰা হ’ব। ইয়াৰ ভিতৰত কৃযিৰ পৰা পোৱা আয়, বীমাৰ ধন আৰু পি এফ ইত্যাদি অন্তৰ্ভুক্ত।
  2. অৱশ্যে বিধেয়কখনত উল্লেখ কৰা হৈছে যে যদি কোনো ‘কৰ বৰ্ষ’ত অনুসূচীত উল্লেখ কৰা শ্ৰেণীসমূহৰ বাবে নিৰ্ধাৰিত চৰ্তসমূহ পূৰণ নহয়, তেন্তে সেই বছৰৰ কৰ নিয়ম অনুসৰি সেইবোৰৰ ওপৰত কৰ গণনা কৰা হ’ব।
  3. কেন্দ্ৰীয় চৰকাৰে বিধেয়কখনৰ অনুসূচী-২,৩,৪,৫,৬ আৰু ৭ৰ বাবে নিয়ম প্ৰণয়ন কৰিব পাৰে। যাৰ বাবে নতুন জাননী জাৰি কৰাৰ সম্ভাৱনা আছে।
  4. ৰাজনৈতিক দল আৰু নিৰ্বাচনী ট্ৰাষ্টৰ আয় মুঠ আয়ত অন্তৰ্ভুক্ত নহ’ব। যিকোনো ৰাজনৈতিক দল বা নিৰ্বাচনী ট্ৰাষ্টৰ মুঠ আয়ৰ হিচাপ কৰাৰ সময়ত বিধেয়কখনৰ অনুসূচী ৮ৰ নিয়ম প্ৰযোজ্য হ’ব।
  5. অনুসূচী-৮ত উল্লেখ আছে যে ৰাজনৈতিক দলসমূহে নিজৰ সম্পত্তিৰ পৰা আয়, মূলধনী লাভ আদিৰ হিচাপ ৰাখিব লাগিব। যদি তেওঁ ২০ হাজাৰতকৈ অধিক মূল্যৰ ইলেক্টৰেল বণ্ড লয় তেন্তে ইয়াৰো হিচাপ ৰাখিব লাগিব। লগতে তেওঁ ২০০০ টকাতকৈ অধিক অনুদান ল’ব নোৱাৰে, যদি তেনে কৰে তেন্তে তাৰ হিচাপ ৰাখিব লাগিব।