শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বন্দে ভাৰত আৰু শতাব্দী ৰে’লৰ প্ৰকৃত মালিক কোন ? শুদ্ধ উত্তৰ জানেনে ?

তীব্ৰবেগী আৰু প্ৰিমিয়াম ৰে'ল সেৱাৰ বাবে জনাজাত বন্দে ভাৰত এক্সপ্ৰেছ আৰু শতাব্দী এক্সপ্ৰেছ । কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এই ৰে’লবোৰৰ প্ৰকৃত মালিক কোন? এই ৰে'ল কেইখন কোনো ব্যক্তিগত কোম্পানীৰ নে চৰকাৰৰ সম্পত্তি?

বন্দে ভাৰত আৰু শতাব্দী ৰে’লৰ প্ৰকৃত মালিক কোন ? শুদ্ধ উত্তৰ জানেনে ?
বন্দে ভাৰতImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 27 Apr 2025 12:40 PM

ভাৰতীয় ৰে’লৱেই নিজৰ সেৱা আধুনিকীকৰণৰ বাবে যোৱা কেইবছৰমানৰ পৰা কেইবাটাও ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত বন্দে ভাৰত এক্সপ্ৰেছ আৰু শতাব্দী এক্সপ্ৰেছৰ দৰে তীব্ৰবেগী আৰু প্ৰিমিয়াম ৰে’ল সেৱা প্ৰদান কৰা । কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এই ৰে’লবোৰৰ প্ৰকৃত মালিক কোন? এই ৰে’ল কেইখন কোনো ব্যক্তিগত কোম্পানীৰ নে চৰকাৰৰ সম্পত্তি? জানোঁ আহক এই ৰে’লবোৰৰ প্ৰকৃত মালিক কোন?

বন্দে ভাৰতৰ প্ৰকৃত মালিক কোন?

বন্দে ভাৰত ৰে’লখন সম্পূৰ্ণৰূপে ভাৰততে ডিজাইন আৰু নিৰ্মাণ কৰা হৈছে। ইয়াক চেন্নাইস্থিত ইন্টিগ্ৰেল কোচ ফেক্টৰী (আইচিএফ)য়ে নিৰ্মাণ কৰিছে। এই ৰে’লখন “মেক ইন ইণ্ডিয়া” পদক্ষেপৰ অধীনত নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ সম্পূৰ্ণ মালিক হৈছে ভাৰতীয় ৰে’লৱে। অৰ্থাৎ বন্দে ভাৰত এক্সপ্ৰেছ ভাৰতীয় ৰে’লৱেৰ সম্পত্তি আৰু চৰকাৰৰ দ্বাৰা পৰিচালিত।

শতাব্দীৰ মালিক কোন?

এতিয়া শতাব্দী আৰু ৰাজধানী এক্সপ্ৰেছ, এই দুয়োখন ৰে’ল ভাৰতীয় ৰে’লৱেৰ দ্বাৰা পৰিচালিত হয়। ১৯৮৮ চনত প্ৰথমবাৰৰ বাবে শতাব্দী এক্সপ্ৰেছ আৰু ১৯৬৯ চনত ৰাজধানী এক্সপ্ৰেছৰ সেৱা আৰম্ভ হয়। এই দুয়োখন ৰে’লৰ লক্ষ্য আছিল দ্ৰুত, আৰামদায়ক আৰু সময়মতে ভ্ৰমণ সেৱা প্ৰদান কৰা। ৰে’ল দুখন সম্পূৰ্ণৰূপে পৰিচালনাৰ দায়িত্ব ভাৰতীয় ৰে’লৱেৰ অধীনত।

বহুতে ভাবে যে, এই প্ৰিমিয়াম ৰে’লবোৰ কোনোবা ব্যক্তিগত কোম্পানীয়ে পৰিচালনা কৰে, কিন্তু সত্যটো হ’ল বন্দে ভাৰত, শতাব্দী আৰু ৰাজধানী এক্সপ্ৰেছ সকলো সম্পূৰ্ণ চৰকাৰী নিয়ন্ত্ৰণত আছে। তেওঁলোকৰ টিকট বুকিং,মেইণ্টেনেন্স, পৰিচালনা আৰু ডেভেলপমেণ্টৰ লগত জড়িত সকলো কাম ভাৰতীয় ৰে’লৱেৰ বিভিন্ন বিভাগে কৰে।

চৰকাৰী যন্ত্ৰৰ দ্বাৰা পৰিচালিত

যদিও চৰকাৰে ৰে’ল পৰিচালনাৰ ক্ষেত্ৰত বে-চৰকাৰী সংস্থাৰ অংশীদাৰিত্বৰ পৰিকল্পনা কৰিব পাৰে, তথাপিও বন্দে ভাৰত এক্সপ্ৰেছ, শতাব্দী এক্সপ্ৰেছ আৰু ৰাজধানী এক্সপ্ৰেছ, এই তিনিওখন ভাৰতীয় ৰে’লৱেৰ সম্পত্তি। এইবোৰ সম্পূৰ্ণৰূপে চৰকাৰী যন্ত্ৰৰ দ্বাৰা পৰিচালিত হৈ দেশত সেৱা আগবঢ়াই আছে ।