Bullet Train: বুলেট ট্ৰেইনৰ সন্মুখৰ অংশৰ আকাৰ কিয় চৰাইৰ ঠোঁটৰ দৰে?

Railways: নব্বৈৰ দশকৰ পৰা জাপানত বুলেট ট্ৰেইনৰ যাত্ৰা আৰম্ভ হৈছিল। এই তীব্ৰবেগী ৰেলগাড়ীখন যেতিয়া বেগেৰে সুৰংগত প্ৰৱেশ কৰে তেতিয়া বতাহে আগলৈ ঠেলি দিয়ে। অত্যধিক বেগ আৰু বতাহৰ চাপৰ বাবে সুৰংগটোৰ সিটো মূৰত প্ৰচণ্ড শব্দ হয়।

Bullet Train: বুলেট ট্ৰেইনৰ সন্মুখৰ অংশৰ আকাৰ কিয় চৰাইৰ ঠোঁটৰ দৰে?

বুলেট ট্ৰেইনৰ সন্মুখৰ অংশৰ আকাৰ কিয় চৰাইৰ ঠোঁটৰ দৰে?

Published: 

18 Apr 2025 16:29 PM

চীন আৰু জাপানৰ মাজত ৰে’ল চলাচলত এক মিনিটৰ বাবেও কেতিয়াও দেৰি নহয়। তাত সৰু বুলেট ট্ৰেইনো আছে, যাৰ সহায়ত চকুৰ পলকতে গন্তব্য স্থান পাব পাৰি। ভাৰতলৈও আহি আছে বুলেট ট্ৰেইন। অহা বছৰ অৰ্থাৎ ২০২৬ চনৰ ভিতৰত দেশত তীব্ৰবেগী ৰে’ল চলাচল কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰই।

বুলেট ট্ৰেইন ঘণ্টাত ৩০০ কিলোমিটাৰ বেগত চলিব পাৰে। এই তীব্ৰবেগী ৰেলগাড়ীখন যেতিয়া বেগেৰে সুৰংগত প্ৰৱেশ কৰে তেতিয়া বতাহে আগলৈ ঠেলি দিয়ে। এই ৰে’লখনক লৈ সৰ্বসাধাৰণ ৰাইজৰ মাজত যথেষ্ঠ আগ্ৰহ। অৱশ্যে বহুত মনত কৌতুহল বুলেট ট্ৰেইনখনৰ আকাৰকলৈ। বুলেট ট্ৰেইনৰ সন্মুখভাগ কিয় চৰাইৰ ঠোঁটৰ দৰে? এই ডিজাইন কেৱল সৌন্দৰ্য্যৰ বাবেই নহয়, ইয়াৰ আঁৰত আছে বিশেষ কাৰণ।

জাপানত বুলেট ট্ৰেইনৰ যাত্ৰা আৰম্ভ হৈছিল নব্বৈৰ দশকৰ পৰা। এই তীব্ৰবেগী ৰেলগাড়ীখন অত্যধিক গতি আৰু বতাহৰ চাপৰ বাবে সুৰংগটোৰ সিটো মূৰত তীব্ৰ শব্দৰ সৃষ্টি কৰিছিল। যাৰ বাবে ৰে’ল যাত্ৰীসকল আতংকিত হৈ পৰে।

যাত্ৰীৰ নিৰাপদ যাত্ৰাৰ কথা চিন্তা কৰি ফিজিক্সৰ ব্যৱহাৰ কৰা হয়। ইজি নাকাটছু নামৰ এজন জাপানী অভিযন্তাই বুলেট ট্ৰেইনক নীৰৱে যাত্ৰা কৰিব পৰাকৈ নতুন ডিজাইন তৈয়াৰ কৰিছিল। প্ৰকৃতিপ্ৰেমী ইজিয়ে প্ৰায়ে চৌপাশৰ পৰিৱেশৰ পৰা নিজৰ কামৰ বাবে প্ৰেৰণা পাইছিল।

এদিন ইজিয়ে লক্ষ্য কৰিলে যে যেতিয়া মাছৰোকাই পানীত মাছ ধৰিলে। পানীত কোনো ঢৌৰ সৃষ্টি হোৱা নাছিল। দ্ৰতগতিত আহি এবাৰতে মাছৰোকা চৰায়ে মাছবোৰ ধৰে। ইয়াৰ উত্তৰ বিচাৰিবলৈ ইজি নাকাটছুৱে অধ্যয়ন কৰে। চৰাইৰ চোকা ঠোঁটৰ বাবেও এনে সম্ভৱ। চৰাইৰ ঠোঁট বায়ু বা পানীৰ দৰে বাধাৰ মাজেৰে পাৰ হ’ব পৰাকৈ তৈয়াৰ কৰা হয়।

ঠোঁটৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ বুলেট ট্ৰেইনৰ ইঞ্জিনৰ ডিজাইন আঁকিছিল। আৰু প্ৰথম প্ৰচেষ্টাটো হিট হৈছিল। বুলেট ট্ৰেইনৰ এই নতুন ডিজাইনে সুৰংগত প্ৰৱেশ কৰাৰ সময়ত হোৱা প্ৰচণ্ড শব্দ নাইকিয়া কৰাই নহয়, বতাহৰ প্ৰতিৰোধ ক্ষমতাও হ্ৰাস কৰে। অৰ্থাৎ বতাহত ঘৰ্ষণ কমি যায়। ইয়াৰ ফলত বুলেট ট্ৰেইনৰ গতি বৃদ্ধি কৰাত আৰু অধিক সুবিধা হয়। বিভিন্ন দেশৰ বুলেট ট্ৰেইনৰ ডিজাইন এই জাপানীজ বুলেট ট্ৰেইনৰ পৰা অনুপ্ৰাণিত হৈছে।

 

এইসকল লোকে নাখাব নেমুপানী! হ’ব পাৰে ভয়ংকৰ বিপদ
অসমৰ কোনবোৰ অঞ্চল সোণালী বান্দৰৰ বাসস্থান হিচাপে পৰিচিত? জানক
গ্ৰীষ্ম কালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা সেৱন কৰক এই পাঁচ বিধ ডিটক্স পানীয়
ঘৰৰ এইসমূহ স্থানত কেতিয়াও নাৰাখিব ধন! হ'ব আৰ্থিক সংকট