BookMyShowক প্ৰত্যাহ্বান জনাই Zomatoয়ে মুকলি কৰিলে ‘District’ এপ! কি কি সেৱা উপলব্ধ হ’ব এই বিশেষ এপটোত?
ফুড ডেলিভাৰী কোম্পানী Zomatoয়ে মুকলি কৰিলে ‘District’ এপ। এই এপৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে অনুষ্ঠান, ছবি আৰু ডাইনিং টিকটৰ বাবে বুকিং কৰিব পাৰিব। কোৱা হৈছে যে এই এপটো Bookmyshowৰ বাবে প্ৰত্যাহ্বান হিচাপে থিয় দিব পাৰে।
অনলাইন ফুড অৰ্ডাৰ দিয়া প্ৰত্যাকজন গ্ৰাহকে হয়তো Zomatoৰ বিষয়ে জানে। এতিয়া গ্ৰাহকৰ মাজলৈ এক নতুন ৰূপত আহিছে ভাৰতৰ ফুড ডেলিভাৰী কোম্পানী Zomato। Zomatoয়ে মুকলি কৰিছে এটা নতুন এপ। এই এপৰ জৰিয়তে গ্ৰাহকসকলে ঘৰত বহি বুকিঙৰ সুবিধা লাভ কৰিব। ইয়াৰ জৰিয়তে গ্ৰাহকসকলৰ চিনেমা, খেল, ইভেণ্টৰ টিকটৰ বুকিঙৰ লগতে ৰেষ্টুৰেণ্টত তেওঁলোকৰ নিজা টেবুল বুক কৰাৰ দৰে সুবিধা পাব। এতিয়া Zomato আপোনাক কেৱল খাদ্য যোগান ধৰাই নহয় ঘৰতে বহি মনোৰঞ্জনৰ বহুতো সুবিধাও প্ৰদান কৰিব। ‘District’ এপটো Zomatoৰ তৃতীয় কনজিউমাৰ ফেচিং ব্যৱসায় হৈ পৰিছে। পূৰ্বৰে পৰা কোম্পানীটোৰ ওচৰত ফুড ডেলিভাৰীৰ বাবে Zomato এপ, Q-কমাৰ্চ ব্লিংকিট আছে।
‘গোয়িং-আউট’ শাখাত প্ৰৱেশ কৰাটো Zomatoৰ এক কৌশলগত পদক্ষেপ, যাৰ জৰিয়তে কোম্পানীটোৱে ইয়াৰ ৰাজহ প্ৰবাহ বৃদ্ধি কৰা আৰু বৰ্ধিত মনোৰঞ্জন উদ্যোগৰ সুবিধা ল’ব বিচাৰিছে। Zomatoৰ মুখ্য কাৰ্যবাহী বিষয়া দীপিন্দৰ গোৱেলে বিত্তীয় বৰ্ষৰ পূৰ্বে এক তৃতীয়াংশ শ্বেয়াৰ হোল্ডাৰসকলৰ প্ৰতিবেদনত কয়, “আজি, Zomato আৰু ব্লিংকিট হৈছে আমাৰ দুটা মুখ্য উপভোক্তা ব্যৱসায় আৰু এই দুয়োটাই গ্ৰাহকসকলক ঘৰুৱা সেৱা প্ৰদান কৰে। অৱশ্যে, ভাৰতত আমাৰ এক বৃহৎ ‘গোয়িং-আউট’ ব্যৱসায় আছে।” লগতে তেওঁ কয়, এইটো আমাৰ ডাইনিং-আউট ব্যৱসায় যি আমাৰ গ্ৰাহকসকলক সেইবোৰ ৰেষ্টুৰেণ্ট বিচাৰি উলিওৱাত সহায় কৰে য’ত তেওঁলোকে বাহিৰলৈ গৈ আহাৰ গ্ৰহণ কৰিব পাৰে।
Bookmyshowৰ বাবে প্ৰত্যাহ্বান
দীপেন্দ্ৰ গোৱেলে কয়, “মই ভাবো যে আমি ডাইনিং-আউট ব্যৱসায়ৰ ওপৰত ভিত্তি কৰি আমাৰ ‘গোয়িং-আউট’ ব্যৱসায় সেৱাসমূহ আগলৈ নিব পাৰিম। দীপেন্দ্ৰ গোৱেলে লগতে কয়, “District এপটো অনাৰ আঁৰত আমৰ এটা উদ্দেশ্য আছে। যদি আমি ইয়াক সঠিকভাৱে কৰোঁ, মই ভাবো গোয়িং-আউট’ Zomatoৰ তৃতীয় ডাঙৰ ব্যৱসায় হ’ব পাৰে।” তেওঁ আৰু কয় যে, “আমাৰ ধৰণৰ টিকট বুকিং সেৱাই অনাগত সময়ত BookMyShowৰ সৈতে প্ৰতিযোগিতা কৰিব পাৰিব।”
এই এপৰ বিশেষত্ব কি?
Zomatoয়ে এই এপটোৰ জৰিয়তে আপোনাক বিভিন্ন ধৰণৰ সেৱা আগবঢ়াব। ইয়াৰ জৰিয়তে, ব্যৱহাৰকাৰীসকলে PVR-Inox আৰু Cinepolisকে ধৰি বিভিন্ন চিনেমা হলত ছবিৰ বাবে টিকট বুক কৰিব পাৰিব। লগতে, ইভেণ্ট বুকিং যেনে এপ কনচাৰ্ট, প্লে আৰু অন্যান্য লাইভ ইভেণ্টৰ বাবে বুকিঙো উপলব্ধ হ’ব। ইয়াৰ বাহিৰেও ব্যৱহাৰকাৰীসকলে Zomatoৰ জৰিয়তে ৰেষ্টুৰেণ্ট নেটৱৰ্কৰ সুবিধা লৈ ৰেষ্টুৰেণ্টত টেবুল বুক কৰিব পাৰিব।