দেশত আছে ২১খন ভুৱা বিশ্ববিদ্যালয়! খোদ শিক্ষামন্ত্ৰীয়ে সংসদত দিলে তথ্য
বিশ্ববিদ্যালয় অনুদান আয়োগৰ অফিচিয়েল ৱেবছাইটত ২১খন ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা সন্নিবিষ্ট কৰা হৈছে। বিগত ২০১৪ চনৰ পৰা দেশত প্ৰায় ১২ খন এনে ভুৱা বিশ্ববিদ্যালয় চৰকাৰে বন্ধ কৰিছে বুলি লোকসভাত তথ্য প্ৰকাশ কৰিছে শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ সুকান্ত মজুমদাৰে।
দেশত মুকলি বেহা চলিছে শিক্ষাৰ। একাংশ প্ৰতিষ্ঠানে শিক্ষাৰ্থীক প্ৰতাৰণা কৰি বিশ্ববিদ্যালয়ৰ ভুৱা পৰিচয়েৰে চলাই আছে বেহা। এই তথ্য খোদ কেন্দ্ৰীয় চৰকাৰৰ। বিগত ২০১৪ চনৰ পৰা দেশত প্ৰায় ১২ খন এনে ভুৱা বিশ্ববিদ্যালয় চৰকাৰে বন্ধ কৰিছে বুলি লোকসভাত তথ্য প্ৰকাশ কৰিছে শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ সুকান্ত মজুমদাৰে। এক লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই তথ্য প্ৰকাশ কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ অফিচিয়েল ৱেবছাইটতো ভুৱা বিশ্ববিদ্যালয়ৰ তথ্য প্ৰকাশ কৰা হৈছে।
আয়োগৰ অফিচিয়েল ৱেবছাইটত ২১খন ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা সন্নিবিষ্ট কৰা হৈছে আৰু ৰাজ্যসমূহক এই বিশ্ববিদ্যালয়সমূহৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে। লক্ষণীয়ভাৱে এই ২১খন ভুৱা বিশ্ববিদ্যালয়ৰ ভিতৰত সৰ্বাধিক ৮খন দিল্লীত চলি আছে। এনে ভুৱা বিশ্ববিদ্যালয়সমূহৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে আইন-শৃংখলা ৰক্ষা কৰাটো ৰাজ্য চৰকাৰৰ বিষয় বুলি উল্লেখ কৰে।
কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনৰ মুখ্য সচিবক ২১খন ভুৱা শিক্ষানুষ্ঠান বন্ধ কৰাৰ বাবে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি মন্ত্ৰী ড০ সুকান্ত মজুমদাৰে লগতে কয়। সমান্তৰালকৈ ‘বিশ্ববিদ্যালয়’ৰ ভুৱা পৰিচয় গ্ৰহণ কৰি ভুৱা ডিগ্ৰী প্ৰদানেৰে শিক্ষাৰ্থীক প্ৰতাৰণা কৰি অহা এনে ভুৱা বিশ্ববিদ্যালয়ৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়া দিছে।
এনে কাৰ্যকৰী পদক্ষেপৰ ফলতে ২০১৪ চনৰ পৰা ১২খন ভুৱা বিশ্ববিদ্যালয় বন্ধ হৈ আছে বুলিও মন্ত্ৰীগৰাকীয়ে লগতে কয়। একেদৰে ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত বিশ্ববিদ্যালয় অনুদান আয়োগৰ ভুৱা বিশ্ববিদ্যালয়ৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱাকৈ এনে ভুৱা বিশ্ববিদ্যালয় চলি আছে যদি সেই বিষয়ে প্ৰকাশ কৰিবলৈও সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক অনুৰোধ জনোৱা হৈছে বুলি মন্ত্ৰীগৰাকী্যে জানিবলৈ দিয়ে।
সুকান্ত মজুমদাৰে লগতে সদৰী কৰা মতে চৰকাৰে কেইবাখনো এনে স্বয়ম্ভূ প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে আৰু ভুৱা ডিগ্ৰী প্ৰদান কৰা অকৰ্তৃত্বশীল প্ৰতিষ্ঠানসমূহক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। ইয়াৰ উপৰিও সাধাৰণ জনতা, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু সাধাৰণ লোকসকলক সতৰ্ক কৰি দিয়াৰ বাবে ছ’চিয়েল মিডিয়া আৰু ইউজিচি ৱেবছাইটৰ জৰিয়তে সকলো ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা ৰাজহুৱা কৰা হৈছে।