ডাউনলোড কৰিলে নে CTETৰ এডমিট কাৰ্ড? এইদৰে কৰক ডাউনলোড…
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে আজি মুকলি কৰিলে CTET ডিচেম্বৰ ২০২৪ পৰীক্ষাৰ এডমিট কাৰ্ড। এই পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলে ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইট ctet.nic.inলৈ গৈ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। চাওক এডমিট কাৰ্ড ডাউনলোড প্ৰক্ৰিয়া।
অহা ১৪ ডিচেম্বৰত অনুষ্ঠিত হ’ব CTET ডিচেম্বৰ ২০২৪ পৰীক্ষা। চিবিটি মোডত এই পৰীক্ষা অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে আজি মুকলি কৰিলে CTET ডিচেম্বৰ ২০২৪ পৰীক্ষাৰ এডমিট কাৰ্ড। এই পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলে ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইট ctet.nic.inলৈ গৈ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলে নিজৰ আবেদন নম্বৰ আৰু জন্ম তাৰিখৰ তথ্য পূৰ কৰি এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব।
কেন্দ্ৰীয় মাধ্যমিক শিক্ষকৰ এই যোগ্যতা পৰীক্ষা দুটা শ্বিফটত অনুষ্ঠিত হ’ব। প্ৰথম শ্বিফট পুৱা ৯:৩০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু দ্বিতীয় শ্বিফট দুপৰীয়া ২:৩০ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হ’ব। প্ৰথম শ্বিফটত পেপাৰ ২ পৰীক্ষা আৰু দ্বিতীয় শ্বিফটত পেপাৰ ১ পৰীক্ষা অনুষ্ঠিত হ’ব। ষষ্ঠ শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ শিক্ষকৰ যোগ্যতাৰ বাবে পেপাৰ ১ আৰু ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ শিক্ষকৰ যোগ্যতাৰ বাবে পেপাৰ ২ৰ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।
ইতিপূৰ্বেই ব’ৰ্ডে এক অধিসূচনা প্ৰকাশ কৰি CTET পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিছিল। লক্ষণীয়ভাৱে যদি কোনো চহৰত পৰীক্ষাৰ্থীৰ সংখ্যা অধিক হয়, তেন্তে ১৫ ডিচেম্বৰতো চহৰখনত পৰীক্ষা অনুষ্ঠিত হ’ব। ইতিমধ্যে এই পৰীক্ষাৰ বাবে এডমিৰ্ড কাৰ্ড ডাউনলোড প্ৰক্ৰিয়া মুকলি কৰি দিয়া হৈছে। যদি এতিয়াও আপুনি এডমিট কাৰ্ড ডাউনলোড কৰা নাই, তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰি এডমিট কাৰ্ড ডাউনলোড কৰক-
প্ৰথমে CTETৰ অফিচিয়েল ৱেবছাইট ctet.nic.in চাওক।
হোম পেজত দিয়া CTET 2024 Admit Card ৰ লিংকত ক্লিক কৰক।
ইয়াত CTET December 2024 Admit Card ৰ লিংকত ক্লিক কৰক।
এতিয়া ইয়াত পঞ্জীয়ন নম্বৰ আৰু জন্ম তাৰিখৰ তথ্য পূৰ কৰি চাবমিটত ক্লিক কৰক।
ইয়াৰ লগে লগে আপোনাৰ এডমিট কাৰ্ড দেখা পাব।
পৰীক্ষাৰ বাবে এডমিট কাৰ্ডৰ লগত লৈ যাব লাগিব, সেয়া স্বাভাৱিকতেই আপোনাৰ জ্ঞাত। এডমিট কাৰ্ডৰ লগতে পৰীক্ষা কেন্দ্ৰলৈ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ আইডি বা ড্ৰাইভিং লাইচেন্স আদি ফটো থকা চৰকাৰী পৰিচয় পত্ৰ লৈ যাব লাগিব। এডমিট কাৰ্ড আৰু চৰকাৰী পৰিচয় পত্ৰ পৰীক্ষা কৰাৰ পিছতহে পৰীক্ষাৰ্থীক পৰীক্ষা হলত প্ৰৱেশৰ অনুমতি দিয়া হ’ব।